--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : 'বন্দে হে হাম উচকে; হামপে কিচকা জোৰ৷ উম্মিদো কে সুৰজ; নিকলে চাৰো ঔৰ'… জনপ্ৰিয় হিন্দী ছবি ধুম-৩ৰ এইটো এটা জনপ্ৰিয় সংলাপ৷ এই জনপ্ৰিয় সংলাপটো কাৰ বুলি হয়তো আপোনাক সোধাৰ প্ৰয়োজন নাই৷ নিশ্চয়কৈ আপুনি বুজি পাইছে যে, আমি ক'বলৈ বিচাৰিছোঁ বলীউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানৰ চলচ্চিত্ৰৰ বিষয়ে৷ আমিৰ খান অভিনীত ছবি বুলিলে গভীৰ অপেক্ষাৰে ৰৈ থাকে অনুৰাগী৷ স্বকীয় শৈলী আৰু নতুন নতুন চাৰপ্ৰাইজেৰে দৰ্শকৰ কাষলৈ অহা অভিনেতাগৰাকীয়ে সম্প্ৰতি তেওঁৰ নতুন ছবিক লৈ চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে৷ আমিৰ খান আৰু কৰীণা কাপুৰ অভিনীত 'লাল সিং চাদ্দা' এতিয়া অনুৰাগীয়ে গভীৰ প্ৰতীক্ষাৰে ৰৈ থকা এখন ছবি। চলচ্চিত্ৰখন ২০২১চনৰ বৰদিনৰ দিনটোত মুক্তি পোৱাৰ কথা আছিল। কিন্তু সেই সম্ভাৱনা এতিয়া স্তিমিত হৈছে। এইবাৰ বৰদিনৰ পৰিৱৰ্তে, লাল সিং চাদ্দা মুকলিৰ নতুন দিন স্থিৰ কৰা হৈছে। অহা বছৰ ভেলেণ্টাইন ডে’ৰ দিনা মুক্তি পাব ছবিখনে। ছবিখনৰ মুক্তিৰ তাৰিখ দেওবাৰে আমিৰ খান প্ৰডাকচনৰ দ্বাৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে৷


১৯৮৬চনত আমেৰিকান লেখক উইনষ্টন গ্ৰুমে লিখা ‘ফৰেষ্ট গাম্প’ উপন্যাসৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হৈছে। উল্লেখ্য যে, অতি জনপ্ৰিয় এই উপন্যাসৰ আধাৰত কেইবাখনো ছবি নিৰ্মাণ হৈছে। ১৯৯৪ চনত পৰিচালক ৰবাৰ্ট জেনাকিছে ইয়াৰ আধাৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰে। চলচ্চিত্ৰখনে শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালনা আৰু শ্ৰেষ্ঠ প্ৰদৰ্শনকে ধৰি আন তিনিটা শাখাত মুঠ ছয়টা অস্কাৰ লাভ কৰিছিল। এতিয়া আমিৰ খানৰ যাদুকৰী স্পৰ্শই 'লাল সিং চাদ্দা’ক কি পৰ্যায়লৈ উন্নীত কৰিব পাৰে সেয়া সময়তহে দেখা যাব।


‘লাল সিং চাদ্দা’ৰ মুক্তিৰ তাৰিখ এতিয়ালৈকে দুবাৰ সলনি হৈছে। ছবিখন আগতে ২০২০ চনৰ বৰদিনৰ দিনা মুক্তি পোৱাৰ কথা আছিল। অৱশ্যে, কৰ'নাৰ বাবে ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছিল। পৰৱৰ্তী দিন ২০২১চনৰ ২৫ ডিচেম্বৰত বাছনি কৰা হৈছিল প্ৰায় এবছৰ পাছত। কিন্তু এইবাৰ সেই তাৰিখটোও সলনি হ'ল। লাল সিং চাদ্দাই অৱশেষত অহা বছৰ ভেলেণ্টাইন ডে’ৰ দিনা শুভ মুক্তি পাব বুলি ঘোষণা কৰা হৈছে। অতুল কুলকাৰ্ণীয়ে চিত্ৰনাট্য ৰচনা কৰা ছবিখন অদ্বৈত চন্দনে পৰিচালনা কৰিছে। আমিৰ খান প্ৰডাকচন আৰু ভায়াকম ১৮ ষ্টুডিঅ'ই প্ৰযোজনা কৰিছে ছবিখন। কৰ’নাই স্থবিৰ কৰি তোলা ছবিজগতৰ জঠৰতা ভঙাৰ বাবে আমিৰ খানৰ দৰে তাৰকাৰ ছবিৰহে হয়তো সক্ষমতা আছে। ‘লাল সিং চাদ্দা’ই হিন্দী ছবিজগতত কৰ’নাই সৃষ্টি কৰা জঠৰতা ভাঙিব পাৰিবনে নাই সেয়া সময়েহে ক’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ