--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : 'বন্দে হে হাম উচকে; হামপে কিচকা জোৰ৷ উম্মিদো কে সুৰজ; নিকলে চাৰো ঔৰ'… জনপ্ৰিয় হিন্দী ছবি ধুম-৩ৰ এইটো এটা জনপ্ৰিয় সংলাপ৷ এই জনপ্ৰিয় সংলাপটো কাৰ বুলি হয়তো আপোনাক সোধাৰ প্ৰয়োজন নাই৷ নিশ্চয়কৈ আপুনি বুজি পাইছে যে, আমি ক'বলৈ বিচাৰিছোঁ বলীউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানৰ চলচ্চিত্ৰৰ বিষয়ে৷ আমিৰ খান অভিনীত ছবি বুলিলে গভীৰ অপেক্ষাৰে ৰৈ থাকে অনুৰাগী৷ স্বকীয় শৈলী আৰু নতুন নতুন চাৰপ্ৰাইজেৰে দৰ্শকৰ কাষলৈ অহা অভিনেতাগৰাকীয়ে সম্প্ৰতি তেওঁৰ নতুন ছবিক লৈ চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে৷ আমিৰ খান আৰু কৰীণা কাপুৰ অভিনীত 'লাল সিং চাদ্দা' এতিয়া অনুৰাগীয়ে গভীৰ প্ৰতীক্ষাৰে ৰৈ থকা এখন ছবি। চলচ্চিত্ৰখন ২০২১চনৰ বৰদিনৰ দিনটোত মুক্তি পোৱাৰ কথা আছিল। কিন্তু সেই সম্ভাৱনা এতিয়া স্তিমিত হৈছে। এইবাৰ বৰদিনৰ পৰিৱৰ্তে, লাল সিং চাদ্দা মুকলিৰ নতুন দিন স্থিৰ কৰা হৈছে। অহা বছৰ ভেলেণ্টাইন ডে’ৰ দিনা মুক্তি পাব ছবিখনে। ছবিখনৰ মুক্তিৰ তাৰিখ দেওবাৰে আমিৰ খান প্ৰডাকচনৰ দ্বাৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে৷


১৯৮৬চনত আমেৰিকান লেখক উইনষ্টন গ্ৰুমে লিখা ‘ফৰেষ্ট গাম্প’ উপন্যাসৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হৈছে। উল্লেখ্য যে, অতি জনপ্ৰিয় এই উপন্যাসৰ আধাৰত কেইবাখনো ছবি নিৰ্মাণ হৈছে। ১৯৯৪ চনত পৰিচালক ৰবাৰ্ট জেনাকিছে ইয়াৰ আধাৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰে। চলচ্চিত্ৰখনে শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালনা আৰু শ্ৰেষ্ঠ প্ৰদৰ্শনকে ধৰি আন তিনিটা শাখাত মুঠ ছয়টা অস্কাৰ লাভ কৰিছিল। এতিয়া আমিৰ খানৰ যাদুকৰী স্পৰ্শই 'লাল সিং চাদ্দা’ক কি পৰ্যায়লৈ উন্নীত কৰিব পাৰে সেয়া সময়তহে দেখা যাব।


‘লাল সিং চাদ্দা’ৰ মুক্তিৰ তাৰিখ এতিয়ালৈকে দুবাৰ সলনি হৈছে। ছবিখন আগতে ২০২০ চনৰ বৰদিনৰ দিনা মুক্তি পোৱাৰ কথা আছিল। অৱশ্যে, কৰ'নাৰ বাবে ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছিল। পৰৱৰ্তী দিন ২০২১চনৰ ২৫ ডিচেম্বৰত বাছনি কৰা হৈছিল প্ৰায় এবছৰ পাছত। কিন্তু এইবাৰ সেই তাৰিখটোও সলনি হ'ল। লাল সিং চাদ্দাই অৱশেষত অহা বছৰ ভেলেণ্টাইন ডে’ৰ দিনা শুভ মুক্তি পাব বুলি ঘোষণা কৰা হৈছে। অতুল কুলকাৰ্ণীয়ে চিত্ৰনাট্য ৰচনা কৰা ছবিখন অদ্বৈত চন্দনে পৰিচালনা কৰিছে। আমিৰ খান প্ৰডাকচন আৰু ভায়াকম ১৮ ষ্টুডিঅ'ই প্ৰযোজনা কৰিছে ছবিখন। কৰ’নাই স্থবিৰ কৰি তোলা ছবিজগতৰ জঠৰতা ভঙাৰ বাবে আমিৰ খানৰ দৰে তাৰকাৰ ছবিৰহে হয়তো সক্ষমতা আছে। ‘লাল সিং চাদ্দা’ই হিন্দী ছবিজগতত কৰ’নাই সৃষ্টি কৰা জঠৰতা ভাঙিব পাৰিবনে নাই সেয়া সময়েহে ক’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু