--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ‘কথাত কটা যায় ; কথাত বঁটা পায়…’-শব্দৰে খেল খেলিবলৈ গৈ উজুটি খালে এগৰাকী লেখিকাই। বিগত কিছুদিনৰ পৰা চৰ্চালাভ কৰিছে এটা শব্দই। শব্দটোক কেন্দ্ৰ কৰি আৰম্ভ হৈছে অন্তহীন বিবাদ! উল্লেখ্য যে, ‘ভাৰ্জিনেটী’-শব্দটোৱে সাম্প্ৰতিক সময়ত শিৰোনাম দখল কৰা দেখা গৈছে। ভাৰ্জিনিটী টেষ্ট বন্ধ কৰাৰ দাবী উত্থাপিত হৈ থকা সময়তে কদো বাহত যেন জুইহে দিছে এগৰাকী লেখিকাই। ট’ৰ’ণ্ট’ৰ খ্যাতনামা লেখিকা নিক’ল হাজেছে স্বেচ্ছাই বিষয়টোত হাত উজান দিছে।

‘ভাৰ্জিনিটী’ৰ পৰিৱৰ্তে ‘ছেক্সুৱেল ডেব্যু’ শব্দটো ব্যৱহাৰৰ দাবী জনপ্ৰিয় লেখিকাগৰাকীৰ। সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে, ‘আমি এতিয়াও ‘ভাৰ্জিনিটী’ৰ দৰে পুৰণি আৰু অপ্ৰাসংগিক এটা শব্দ ব্যৱহাৰ কৰি আছো। সময়ৰ চাকনৈয়াত এনে শব্দবোৰৰো পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আহি পৰিছে।’ হাজেছৰ মতে, ‘ভাৰ্জিনিটী’ কেৱল এটা পুৰণি শব্দ বাবে ইয়াৰ পৰিৱৰ্তন প্ৰয়োজনীতা আহি পৰা নাই। বৰঞ্চ ভাৰ্জিনিটী সন্দৰ্ভত প্ৰচলিত ধাৰণাও পৌৰাণিক কিয়নো মানুহৰ ‘ছেক্সুৱেল জাৰ্নী’ এক অন্তহীন পৰিক্ৰমা। সেয়েহে ‘ছেক্সুৱেল ডেব্যু’ শব্দটো অধিক প্ৰাসংগিক। উল্লেখ্য যে, লেখিকাগৰাকীয়ে তেওঁৰ নৱ-প্ৰকাশিত এখন গ্ৰন্থখনতো এই শব্দটো ব্যৱহাৰ কৰিছে। কেৱল সেয়াই নহয়, ইয়াৰ বাবে তেওঁ বিশেষ সজাগতা সভাৰো আৰম্ভণি কৰিছে।


বিগত বৰ্ষত এটা টুইটত হাজেছে সদৰী কৰিছিল যে, ‘ ভাৰ্জিনিটী’-শব্দটো ৰিব্ৰেণ্ড কৰাৰ সময় আহি পৰিছে। ‘ভাৰ্জিনিটী’- শব্দটোৱে এনে ভাব ব্যক্ত কৰে যেন আমি কিবা হেৰুৱাই পেলাইছো। আধুনিক যুগৰ নাগৰিক হোৱাৰ পাছতো ভাৰ্জিনিটী হেৰুৱাটো লজ্জাৰ কাৰণ হিচাপে বিবেচিত হৈ আহিছে। এই মানসিকতাৰ পৰিৱৰ্তন হ’ব লাগিব। ভাৰ্জিনিটীক উৎসৱ হিচাপেহে ল’ব লাগে।’ লেখিকাগৰাকীৰ শেহতীয়া মন্তব্যক কেন্দ্ৰ কৰি বিশেষজ্ঞ মহলত তুমুল বিতৰ্কৰ সৃষ্টি হৈছে। লেখিকাগৰাকীৰ যুক্তিক সহজে মানি ল’ব পৰা নাই যৌন বিশেষজ্ঞসকলে। ইয়াৰ জৰিয়তে মানুহে যৌনতাৰ প্ৰতি অধিক আসক্ত হ’ব বুলিও মত বিশেষজ্ঞ মহলৰ।


ইফালে কেলিফৰ্ণিয়াৰ যৌন শিক্ষাবিদ জুলিয়া ফেল্ডমেনে কয় যে, ‘যেতিয়া আপুনি ‘ভাৰ্জিনেটী’ বা ‘ছেক্সুৱেল ডেব্যু’ৰ দৰে এটা শব্দ ব্যৱহাৰ কৰে, তেতিয়া আপুনি সেই ব্যক্তিজনৰ যৌনতাৰ বিষয়ে কোৱাতো বুজায়। যৌনতৃপ্তিৰ বাবে সমসংগীৰ অংশগ্ৰহণ অপৰিহাৰ্য। অৱশ্যে, ‘ভাৰ্জিনিটী’ শব্দটোৰ ওপৰত অধিক কাম কৰা প্ৰয়োজন। আমি মাত্ৰ এবাৰ যৌন সম্ভোগ কৰাৰ পাছত ‘ভাৰ্জিনিটী’ হেৰুৱাই পেলোৱাৰ পৌৰাণিক ধাৰণাৰ পৰা আমি মুক্ত হ’ব লাগিব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ