--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ‘কথাত কটা যায় ; কথাত বঁটা পায়…’-শব্দৰে খেল খেলিবলৈ গৈ উজুটি খালে এগৰাকী লেখিকাই। বিগত কিছুদিনৰ পৰা চৰ্চালাভ কৰিছে এটা শব্দই। শব্দটোক কেন্দ্ৰ কৰি আৰম্ভ হৈছে অন্তহীন বিবাদ! উল্লেখ্য যে, ‘ভাৰ্জিনেটী’-শব্দটোৱে সাম্প্ৰতিক সময়ত শিৰোনাম দখল কৰা দেখা গৈছে। ভাৰ্জিনিটী টেষ্ট বন্ধ কৰাৰ দাবী উত্থাপিত হৈ থকা সময়তে কদো বাহত যেন জুইহে দিছে এগৰাকী লেখিকাই। ট’ৰ’ণ্ট’ৰ খ্যাতনামা লেখিকা নিক’ল হাজেছে স্বেচ্ছাই বিষয়টোত হাত উজান দিছে।

‘ভাৰ্জিনিটী’ৰ পৰিৱৰ্তে ‘ছেক্সুৱেল ডেব্যু’ শব্দটো ব্যৱহাৰৰ দাবী জনপ্ৰিয় লেখিকাগৰাকীৰ। সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে, ‘আমি এতিয়াও ‘ভাৰ্জিনিটী’ৰ দৰে পুৰণি আৰু অপ্ৰাসংগিক এটা শব্দ ব্যৱহাৰ কৰি আছো। সময়ৰ চাকনৈয়াত এনে শব্দবোৰৰো পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আহি পৰিছে।’ হাজেছৰ মতে, ‘ভাৰ্জিনিটী’ কেৱল এটা পুৰণি শব্দ বাবে ইয়াৰ পৰিৱৰ্তন প্ৰয়োজনীতা আহি পৰা নাই। বৰঞ্চ ভাৰ্জিনিটী সন্দৰ্ভত প্ৰচলিত ধাৰণাও পৌৰাণিক কিয়নো মানুহৰ ‘ছেক্সুৱেল জাৰ্নী’ এক অন্তহীন পৰিক্ৰমা। সেয়েহে ‘ছেক্সুৱেল ডেব্যু’ শব্দটো অধিক প্ৰাসংগিক। উল্লেখ্য যে, লেখিকাগৰাকীয়ে তেওঁৰ নৱ-প্ৰকাশিত এখন গ্ৰন্থখনতো এই শব্দটো ব্যৱহাৰ কৰিছে। কেৱল সেয়াই নহয়, ইয়াৰ বাবে তেওঁ বিশেষ সজাগতা সভাৰো আৰম্ভণি কৰিছে।


বিগত বৰ্ষত এটা টুইটত হাজেছে সদৰী কৰিছিল যে, ‘ ভাৰ্জিনিটী’-শব্দটো ৰিব্ৰেণ্ড কৰাৰ সময় আহি পৰিছে। ‘ভাৰ্জিনিটী’- শব্দটোৱে এনে ভাব ব্যক্ত কৰে যেন আমি কিবা হেৰুৱাই পেলাইছো। আধুনিক যুগৰ নাগৰিক হোৱাৰ পাছতো ভাৰ্জিনিটী হেৰুৱাটো লজ্জাৰ কাৰণ হিচাপে বিবেচিত হৈ আহিছে। এই মানসিকতাৰ পৰিৱৰ্তন হ’ব লাগিব। ভাৰ্জিনিটীক উৎসৱ হিচাপেহে ল’ব লাগে।’ লেখিকাগৰাকীৰ শেহতীয়া মন্তব্যক কেন্দ্ৰ কৰি বিশেষজ্ঞ মহলত তুমুল বিতৰ্কৰ সৃষ্টি হৈছে। লেখিকাগৰাকীৰ যুক্তিক সহজে মানি ল’ব পৰা নাই যৌন বিশেষজ্ঞসকলে। ইয়াৰ জৰিয়তে মানুহে যৌনতাৰ প্ৰতি অধিক আসক্ত হ’ব বুলিও মত বিশেষজ্ঞ মহলৰ।


ইফালে কেলিফৰ্ণিয়াৰ যৌন শিক্ষাবিদ জুলিয়া ফেল্ডমেনে কয় যে, ‘যেতিয়া আপুনি ‘ভাৰ্জিনেটী’ বা ‘ছেক্সুৱেল ডেব্যু’ৰ দৰে এটা শব্দ ব্যৱহাৰ কৰে, তেতিয়া আপুনি সেই ব্যক্তিজনৰ যৌনতাৰ বিষয়ে কোৱাতো বুজায়। যৌনতৃপ্তিৰ বাবে সমসংগীৰ অংশগ্ৰহণ অপৰিহাৰ্য। অৱশ্যে, ‘ভাৰ্জিনিটী’ শব্দটোৰ ওপৰত অধিক কাম কৰা প্ৰয়োজন। আমি মাত্ৰ এবাৰ যৌন সম্ভোগ কৰাৰ পাছত ‘ভাৰ্জিনিটী’ হেৰুৱাই পেলোৱাৰ পৌৰাণিক ধাৰণাৰ পৰা আমি মুক্ত হ’ব লাগিব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু