--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জীৱনত এটা ডাঙৰ কাম বা এটা ডাঙৰ চাকৰি কৰাৰ সপোন সকলোৱে দেখে। জীৱনত কিবা এটা কাম কৰি থাকোতে কেনেকৈ অন্য এটা ডাঙৰ কাম কৰিব পাৰি তাৰে চিন্তাত মগন থাকে মানুহ। এইখিনিতে এগৰাকী ব্যতিক্ৰমী মহিলাৰ কথা পোহৰলৈ আহিছে। মহিলাগৰাকীৰ নাম ক্লেয়াৰ বাৰ্টন। তেওঁ ব্ৰিটেইনৰ বাসিন্দা। ৪০ লাখ টকা দৰমহা পোৱা এটা চাকৰি কৰি আছিল ক্লেয়াৰে। আপুনি শুনি আচৰিত হ'ব যে ইমান লোভনীয় দৰমহাৰ চাকৰি এৰি তেওঁ হলগৈ এগৰাকী ছাফাইকৰ্মী। এই নতুন কামক লৈ তেওঁ বহু সুখী। ক্লেয়াৰে কয় যে কৰ্পোৰেট খণ্ডত চাকৰি কৰাতকৈ এগৰাকী ছাফাইকৰ্মী হিচাপে কাম কৰি তেওঁ বেছিকৈ জীৱনৰ সুখ লাভ কৰিছে আৰু এইটো তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ পদক্ষেপ। ক্লেয়াৰ বাৰ্টনে বৰ্তমান ছটা ঘৰত ছাফাইকৰ্মী হিচাপে কাম কৰি আছে।

২০১৭ চনত ক্লেয়াৰ বাৰ্টনে তেওঁৰ পিতৃক হেৰুৱায়। তেওঁৰ পিতৃ যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। সেই দুখ মাৰ নাযাওতেই ২০১৮ বৰ্ষত তেওঁৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ ঘটে। ২০০৩ চনত প্ৰেমিক ডেভৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ক্লেয়াৰ বাৰ্টন। দুটাকৈ মোক্ষম আঘাত পাই দুখত ভাগি পৰিছিল ক্লেয়াৰ। সেই সময়ত তেওঁ নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিছিল। এনে সময়তে তেওঁ নিজ ঘৰতে এটা কথা লক্ষ্য কৰিছিল যে তেওঁৰ ঘৰটো বনকৰা মহিলাগৰাকীয়ে খুব সুন্দৰকৈ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখে। তেওঁ দিনটোলৈ চাকৰিলৈ ওলাই যায় বাবে ঘৰ পৰিষ্কাৰ কৰাৰ সময় নাপায় কিন্তু বনকৰা মহিলাগৰাকীয়ে সেই কাম অতি সুন্দৰকৈ আৰু নিয়াৰিকৈ কৰি থয়। তেতিয়াই তেওঁ উপলব্ধি কৰিছিল যে মানৱ জীৱনত পৰিষ্কাৰ পৰিচ্ছন্নতা কিমান গুৰুত্বপূৰ্ণ।

কৰ'না আৰু লকডাউনৰ সময়ছোৱাত ঘৰৰ সমস্ত কাম তেওঁ অকলেই কৰিব লগা হৈছিল। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পৰা আদি কৰি সকলোখিনি কাম কৰি তেওঁ সিদ্ধান্ত লৈছিল যে চাকৰি এৰি দি এগৰাকী ছাফাইকৰ্মী হোৱাই ভাল। এই কথা মনলৈ অহাৰ লগে লগেই ক্লেয়াৰে চাকৰি বাদ দি এগৰাকী ছাফাইকৰ্মী হৈ পৰে। তেওঁ এতিয়া ছটা ঘৰত ছাফাইকৰ্মী হিচাপে কাম কৰি আছে। ক্লেয়াৰ বাৰ্টনে কয় যে "এইটো সঁচা যে মোৰ উপাৰ্জন বহুত হ্ৰাস পাইছে, কিন্তু মই সুখী। দৰাচলতে মানুহে কিমান টকা উপাৰ্জন কৰিছে সেই কথা ডাঙৰ নহয় মনে আনন্দ পোৱা কাম কৰি জীয়াই থকাটো গুৰুত্বপূৰ্ণ আৰু মই এই কাম কৰি জীৱনৰ সুখ বিচাৰি পাইছোঁ…এয়াই মোৰ বাবে যথেষ্ট।''

আৰু পঢ়কঃ নৱবৰ্ষ উদযাপন নকৰিব! সতৰ্কবাণী লিখি ঠায়ে ঠায়ে লগাইছে পোষ্টাৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু