--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জীৱনত এটা ডাঙৰ কাম বা এটা ডাঙৰ চাকৰি কৰাৰ সপোন সকলোৱে দেখে। জীৱনত কিবা এটা কাম কৰি থাকোতে কেনেকৈ অন্য এটা ডাঙৰ কাম কৰিব পাৰি তাৰে চিন্তাত মগন থাকে মানুহ। এইখিনিতে এগৰাকী ব্যতিক্ৰমী মহিলাৰ কথা পোহৰলৈ আহিছে। মহিলাগৰাকীৰ নাম ক্লেয়াৰ বাৰ্টন। তেওঁ ব্ৰিটেইনৰ বাসিন্দা। ৪০ লাখ টকা দৰমহা পোৱা এটা চাকৰি কৰি আছিল ক্লেয়াৰে। আপুনি শুনি আচৰিত হ'ব যে ইমান লোভনীয় দৰমহাৰ চাকৰি এৰি তেওঁ হলগৈ এগৰাকী ছাফাইকৰ্মী। এই নতুন কামক লৈ তেওঁ বহু সুখী। ক্লেয়াৰে কয় যে কৰ্পোৰেট খণ্ডত চাকৰি কৰাতকৈ এগৰাকী ছাফাইকৰ্মী হিচাপে কাম কৰি তেওঁ বেছিকৈ জীৱনৰ সুখ লাভ কৰিছে আৰু এইটো তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ পদক্ষেপ। ক্লেয়াৰ বাৰ্টনে বৰ্তমান ছটা ঘৰত ছাফাইকৰ্মী হিচাপে কাম কৰি আছে।

২০১৭ চনত ক্লেয়াৰ বাৰ্টনে তেওঁৰ পিতৃক হেৰুৱায়। তেওঁৰ পিতৃ যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। সেই দুখ মাৰ নাযাওতেই ২০১৮ বৰ্ষত তেওঁৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ ঘটে। ২০০৩ চনত প্ৰেমিক ডেভৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ক্লেয়াৰ বাৰ্টন। দুটাকৈ মোক্ষম আঘাত পাই দুখত ভাগি পৰিছিল ক্লেয়াৰ। সেই সময়ত তেওঁ নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিছিল। এনে সময়তে তেওঁ নিজ ঘৰতে এটা কথা লক্ষ্য কৰিছিল যে তেওঁৰ ঘৰটো বনকৰা মহিলাগৰাকীয়ে খুব সুন্দৰকৈ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখে। তেওঁ দিনটোলৈ চাকৰিলৈ ওলাই যায় বাবে ঘৰ পৰিষ্কাৰ কৰাৰ সময় নাপায় কিন্তু বনকৰা মহিলাগৰাকীয়ে সেই কাম অতি সুন্দৰকৈ আৰু নিয়াৰিকৈ কৰি থয়। তেতিয়াই তেওঁ উপলব্ধি কৰিছিল যে মানৱ জীৱনত পৰিষ্কাৰ পৰিচ্ছন্নতা কিমান গুৰুত্বপূৰ্ণ।

কৰ'না আৰু লকডাউনৰ সময়ছোৱাত ঘৰৰ সমস্ত কাম তেওঁ অকলেই কৰিব লগা হৈছিল। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পৰা আদি কৰি সকলোখিনি কাম কৰি তেওঁ সিদ্ধান্ত লৈছিল যে চাকৰি এৰি দি এগৰাকী ছাফাইকৰ্মী হোৱাই ভাল। এই কথা মনলৈ অহাৰ লগে লগেই ক্লেয়াৰে চাকৰি বাদ দি এগৰাকী ছাফাইকৰ্মী হৈ পৰে। তেওঁ এতিয়া ছটা ঘৰত ছাফাইকৰ্মী হিচাপে কাম কৰি আছে। ক্লেয়াৰ বাৰ্টনে কয় যে "এইটো সঁচা যে মোৰ উপাৰ্জন বহুত হ্ৰাস পাইছে, কিন্তু মই সুখী। দৰাচলতে মানুহে কিমান টকা উপাৰ্জন কৰিছে সেই কথা ডাঙৰ নহয় মনে আনন্দ পোৱা কাম কৰি জীয়াই থকাটো গুৰুত্বপূৰ্ণ আৰু মই এই কাম কৰি জীৱনৰ সুখ বিচাৰি পাইছোঁ…এয়াই মোৰ বাবে যথেষ্ট।''

আৰু পঢ়কঃ নৱবৰ্ষ উদযাপন নকৰিব! সতৰ্কবাণী লিখি ঠায়ে ঠায়ে লগাইছে পোষ্টাৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ