--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচাকৰিয়েই হওঁক বা আন কোনো কামেই হওঁক, এৰিব বিচাৰিলে পদত্যাগ পত্ৰ দিয়াটো এক সাধাৰণ নিয়ম। পদত্যাগ পত্ৰত কি কাৰণত কাম বাদ দিব বিচাৰিছে অথবা আন কোনো কথাক উল্লেখ কৰা হয়। পদত্যাগৰ কাৰণ আদি লিখোতে তেনে পত্ৰত শব্দৰ সংখ্যা বহু বেছি হৈ পৰে। কিন্তু শেহতীয়াকৈ এখন বিশেষ পদত্যাগ পত্ৰই ছ’চিয়েল মিডিয়াত খলকনি তুলিছে। মাত্ৰ তিনিটা শব্দৰ পদত্যাগ পত্ৰ খনকলৈ বহুতে বিশেষ আমোদৰ খোৰাকো লাভ কৰিছে। 

এক কথাত কোনো এগৰাকী লোকে  পদত্যাগ পত্ৰত তিনিটা শব্দ ব্যৱহাৰ কৰি চাকৰি  এৰি দিছে আৰু নেটিজেনসকলে সেই পদত্যাগ পত্ৰ খন চাই  আচৰিত  হৈছে!



মাত্ৰ তিনিটা শব্দ ব্যৱহাৰ কৰি পদত্যাগ পত্ৰ লিখা লোকজনে হয়তো ভাবিছিল কামটো এৰিমেই যিহেতু বেছি কথা লিখি লাভ নাই। দৰকাৰী কথা খিনি লিখি কাম এৰাৰ কথা জনালেই হ’ল।  

সেয়ে তেওঁ মাত্ৰ  তিনিটা সৰল শব্দৰে পদত্যাগ পত্ৰ খন লিখিছিল।  যি খন পত্ৰই এতিয়া  সামাজিক মাধ্যমত  হাঁহিৰ জোৱাৰ তুলিছে।  চুটি আৰু মিঠা শব্দৰে লিখা  পত্ৰৰ ছবি টুইটাৰত শ্বেয়াৰ হোৱাৰ পিছতে  পোষ্টটোৱে ২ লাখতকৈও অধিক লাইক আৰু ৫০,০০০ তকৈও অধিক ৰিটুইট হৈছে।

কিন্তু চাকৰি এৰা লোক জনে কি লিখিছিল তেওঁৰ পদত্যাগ পত্ৰ খনত। মাত্ৰ তিনিটা শব্দ- ’বাই বাই ছাৰ’ লিখিয়েই তেওঁ তেওঁৰ কামৰ পৰা পদত্যাগ কৰিছিল। বিশ্বৰ বহু সাহিত্যিকে অতি  চুটি ভাষাত লিখা চিঠি আদিয়ে মানুহৰ মাজত চৰ্চা লাভ কৰিছিল যদিও ইমান কম শব্দৰ পদত্যাগ পত্ৰ হয়তো আগতে কোনেও লিখা নাছিল।

ফ্ৰান্সত ১৮৬২ চনত  প্ৰসিদ্ধ লেখক ভিক্টৰ  হুগোই  তেওঁৰ শেহতীয়া উপন্যাস লেছ মিজাৰলেছ  প্ৰকাশৰ পিছতে  ফুৰিবলৈ গৈছিল। গৈছিল। নতুনকৈ প্ৰকাশ পোৱা কিতাপ খনৰ বিক্ৰী কেনে সেয়া জানিবলৈ ভিক্টৰ হুগোই  তেওঁৰ প্ৰকাশকলৈ পত্ৰ লিখিলে। পত্ৰ খনত তেও মাত্ৰ "?" চিনটোহে লিখিছিল। 

প্ৰকাশকেও  পৃথিৱীৰ আটাইতকৈ চুটি চিঠিখনৰ উত্তৰ হিচাবে লিখি পঠিয়াইছিল"!" চিনটো। অৰ্থাৎ কিতাপ খনৰ বিক্ৰী খুবেই ভাল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ