--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচাকৰিয়েই হওঁক বা আন কোনো কামেই হওঁক, এৰিব বিচাৰিলে পদত্যাগ পত্ৰ দিয়াটো এক সাধাৰণ নিয়ম। পদত্যাগ পত্ৰত কি কাৰণত কাম বাদ দিব বিচাৰিছে অথবা আন কোনো কথাক উল্লেখ কৰা হয়। পদত্যাগৰ কাৰণ আদি লিখোতে তেনে পত্ৰত শব্দৰ সংখ্যা বহু বেছি হৈ পৰে। কিন্তু শেহতীয়াকৈ এখন বিশেষ পদত্যাগ পত্ৰই ছ’চিয়েল মিডিয়াত খলকনি তুলিছে। মাত্ৰ তিনিটা শব্দৰ পদত্যাগ পত্ৰ খনকলৈ বহুতে বিশেষ আমোদৰ খোৰাকো লাভ কৰিছে। 

এক কথাত কোনো এগৰাকী লোকে  পদত্যাগ পত্ৰত তিনিটা শব্দ ব্যৱহাৰ কৰি চাকৰি  এৰি দিছে আৰু নেটিজেনসকলে সেই পদত্যাগ পত্ৰ খন চাই  আচৰিত  হৈছে!



মাত্ৰ তিনিটা শব্দ ব্যৱহাৰ কৰি পদত্যাগ পত্ৰ লিখা লোকজনে হয়তো ভাবিছিল কামটো এৰিমেই যিহেতু বেছি কথা লিখি লাভ নাই। দৰকাৰী কথা খিনি লিখি কাম এৰাৰ কথা জনালেই হ’ল।  

সেয়ে তেওঁ মাত্ৰ  তিনিটা সৰল শব্দৰে পদত্যাগ পত্ৰ খন লিখিছিল।  যি খন পত্ৰই এতিয়া  সামাজিক মাধ্যমত  হাঁহিৰ জোৱাৰ তুলিছে।  চুটি আৰু মিঠা শব্দৰে লিখা  পত্ৰৰ ছবি টুইটাৰত শ্বেয়াৰ হোৱাৰ পিছতে  পোষ্টটোৱে ২ লাখতকৈও অধিক লাইক আৰু ৫০,০০০ তকৈও অধিক ৰিটুইট হৈছে।

কিন্তু চাকৰি এৰা লোক জনে কি লিখিছিল তেওঁৰ পদত্যাগ পত্ৰ খনত। মাত্ৰ তিনিটা শব্দ- ’বাই বাই ছাৰ’ লিখিয়েই তেওঁ তেওঁৰ কামৰ পৰা পদত্যাগ কৰিছিল। বিশ্বৰ বহু সাহিত্যিকে অতি  চুটি ভাষাত লিখা চিঠি আদিয়ে মানুহৰ মাজত চৰ্চা লাভ কৰিছিল যদিও ইমান কম শব্দৰ পদত্যাগ পত্ৰ হয়তো আগতে কোনেও লিখা নাছিল।

ফ্ৰান্সত ১৮৬২ চনত  প্ৰসিদ্ধ লেখক ভিক্টৰ  হুগোই  তেওঁৰ শেহতীয়া উপন্যাস লেছ মিজাৰলেছ  প্ৰকাশৰ পিছতে  ফুৰিবলৈ গৈছিল। গৈছিল। নতুনকৈ প্ৰকাশ পোৱা কিতাপ খনৰ বিক্ৰী কেনে সেয়া জানিবলৈ ভিক্টৰ হুগোই  তেওঁৰ প্ৰকাশকলৈ পত্ৰ লিখিলে। পত্ৰ খনত তেও মাত্ৰ "?" চিনটোহে লিখিছিল। 

প্ৰকাশকেও  পৃথিৱীৰ আটাইতকৈ চুটি চিঠিখনৰ উত্তৰ হিচাবে লিখি পঠিয়াইছিল"!" চিনটো। অৰ্থাৎ কিতাপ খনৰ বিক্ৰী খুবেই ভাল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ