--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত বিয়াৰ বাবে ছোৱালীৰ ক্ষেত্ৰত নূন্যতম বয়স ১৮ বছৰ নিৰ্ধাৰণ কৰা হৈছে। কিন্তু আইনীভাবে নিৰ্ধাৰিত এই বয়সতকৈও আগতেই মুছলমান ছোৱালীয়ে নিজৰ পচন্দৰ দৰা বিচাৰি লোৱাত কোনো আপত্তি নাই। ১৬ বছৰ বয়সতো মুছলমান ছোৱালীয়ে তেওঁলোকৰ নিজৰ পচন্দৰ ল’ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব পাৰে। পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে এই বিষয়ত এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে।

পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে এটা গোচৰৰ  ৰায়দানৰ সময়ত কয় যে  ১৬ বছৰ বয়স অতিক্ৰম কৰাৰ পিছত মুছলমান ছোৱালীবোৰে তেওঁলোকৰ পচন্দৰ ল’ৰাৰ সৈতে ইছলামিক নিয়মেৰে বিবাহ  সম্পন্ন কৰিব  পাৰে। 

ন্যায়াধীশ জছজিৎ সিং বেদীৰ বিচাৰপীঠে এগৰাকী ১৬ বছৰীয়া মুছলমান ছোৱালীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এনে ৰায় দিয়ে। উল্লেখ্য আদালতত আবেদনকাৰী মুছলমান ছোৱালীজনীৰ স্বামীৰ বয়স ২১ বছৰ। প্ৰেমত আবদ্ধ হৈ তেওঁলোকে বিবাহপাশত আৱদ্ধ হৈছিল। ৮ জুনত মুছলমান ৰীতি-নীতি অনুসৰি দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল।

 অৱশ্যে এই বিবাহকলৈ পৰিয়ালৰ সদস্যসকলৰ আপত্তিক লৈ বিবাদ আৰম্ভ হয়। পৰিয়ালে দাবী কৰা অনুসৰি ছোৱালীজনীৰ বয়স যিহেতু ১৮ বছৰ হোৱা নাই সেয়ে এই বিয়া অবৈধ।উপায়ন্তৰ হৈ দম্পতীহালে আদালতৰ কাষ চাপিছিল। আৱেদনখনত কোৱা হৈছিল যে যৌৱনপ্ৰাপ্ত কৰাৰ পিছত এজন মুছলমান লৰা বা ছোৱালীয়ে তেওঁৰ পচন্দৰ সঙ্গী এগৰাকীৰে বিবাহপাশত আবদ্ধ হ’ব পাৰে।  এই ক্ষেত্ৰত ল’ৰা বা ছোৱালীৰ  পৰিয়ালৰ বিষয়টোত হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ  নাই।

আদালতে তেওঁলোকৰ দাবীক মানি লয়। পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জশজিৎ সিং বেদীয়ে কয়, "আবেদনকাৰীৰ পত্নীৰ বয়স ১৬ বছৰ। মুছলিম আইন অনুসৰি, তেওঁ বিবাহযোগ্য। আবেদনকাৰীৰ স্বামীৰ বয়স ২১ বছৰ। তেঁৱো মুছলমান আইনৰ অধীনত বিবাহৰ বাবে যোগ্য। 

গতিকে এই বিবাহ আইনী ''। ন্যায়াধীশ বেদীয়ে লগতে কয়, "আবেদনকাৰীসকলক (দম্পতী) কেৱল তেওঁলোকে তেওঁলোকৰ পৰিয়ালৰ ইচ্ছাৰ বিপৰীতে বিবাহ পাশত আৱদ্ধ হোৱাৰ বাবে কেতিয়াও তেওঁলোকৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰি, যিটো ভাৰতীয় সংবিধানত উল্লেখ কৰা হৈছে ।''

আজি ৰায়টো ঘোষণা কৰাৰ সময়ত ন্যায়াধীশগৰাকীয়ে বিশেষভাৱে শ্বৰিয়া আইনৰ কথা উল্লেখ কৰে। ছাৰ দিনশ্বাহ ফাৰদুঞ্জি মোল্লাৰ 'প্ৰিন্সিপলছ অৱ মহম্মদান ল' নামৰ কিতাপখনৰ ধাৰা ১৯৫ অনুসৰি ১৬ বছৰতকৈ অধিক বয়সৰ ছোৱালী এজনীয়ে তেওঁৰ পচন্দৰ এজন ব্যক্তিক বিয়া কৰাব পাৰে। 

এইক্ষেত্ৰত  দৰাৰ  বয়স ২১  বছৰ হোৱা বাবে এই বিবাহত কোনো বাধা নাই। বিবাহ সন্দৰ্ভত মতামত দিয়াৰ উপৰি আদালতে পাঠানকোটৰ আৰক্ষী অধীক্ষকক মুছলমান দম্পতীহালৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ