--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ছৌদি আৰবৰ এখন আদালতে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি দেশৰ ক্ষতি কৰাৰ অপৰাধত নোৰা বিন্দ ছাইদ আল খাতানী নামৰ এগৰাকী মহিলাক ৪৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। এমাহৰ ভিতৰত এইটো দ্বিতীয়টো ঘটনা। ছৌদি আৰবৰ সৰ্ববৃহৎ জনগোষ্ঠীৰ অন্তৰ্গত নোৰাৰ বিৰুদ্ধে কোনো অভিলেখ পোৱা নাই।

 আদালতৰ কাগজ অনুসৰি নোৰাৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। মানৱ অধিকাৰ সংগঠনসমূহৰ প্ৰশ্ন উত্থাপনত ছৌদিৰ বিষয়াসকলে সবিশেষ তথ্য প্ৰদানৰ পৰা বিৰত আছিল। সন্ত্ৰাসবাদ বিৰোধী আৰু চাইবাৰ অপৰাধ আইন অনুসৰি নোৰাক শাস্তি প্ৰদান কৰা হৈছে। সাধাৰণতে ৰাজনৈতিক আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত বিষয়সমূহ চম্ভালি থকা আদালতে দোষী সাব্যস্ত হোৱাৰ বিৰুদ্ধে নোৰাৰ আপীলৰ শুনানিৰ সময়ত এই শাস্তি ঘোষণা কৰে। তেওঁ সংহতি আৰু সামাজিক তন্ত্ৰৰ ক্ষতি কৰাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে নোৰাই অনলাইনত কি পোষ্ট কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

 যোৱা বছৰৰ জুলাই মাহত গ্ৰেপ্তাৰ হৈছিল নোৰা। ছৌদি আৰবৰ সমালোচক ৱাশ্বিংটনস্থিত মানৱ অধিকাৰ সংগঠন ‘ডেমক্ৰেচি ফৰ দ্যা আৰব ৱৰ্ল্ড নাও’ৰ প্ৰতিবেদন অনুসৰি ২০২১ চনৰ ৪ জুলাইত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। সংস্থাটোৰ গৱেষণা সঞ্চালিকা এলিছন মেকমেনাছে কয় যে ‘এই কথা যেতিয়াই আন্তঃৰাষ্ট্ৰীয় মহলত ৰাজকুমাৰ মহম্মদক স্বীকৃতি বাঢ়িবলৈ আৰম্ভ কৰিছিল, তেতিয়াই এনে ধৰণৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়