--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ছৌদি আৰবৰ এখন আদালতে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি দেশৰ ক্ষতি কৰাৰ অপৰাধত নোৰা বিন্দ ছাইদ আল খাতানী নামৰ এগৰাকী মহিলাক ৪৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। এমাহৰ ভিতৰত এইটো দ্বিতীয়টো ঘটনা। ছৌদি আৰবৰ সৰ্ববৃহৎ জনগোষ্ঠীৰ অন্তৰ্গত নোৰাৰ বিৰুদ্ধে কোনো অভিলেখ পোৱা নাই।

 আদালতৰ কাগজ অনুসৰি নোৰাৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। মানৱ অধিকাৰ সংগঠনসমূহৰ প্ৰশ্ন উত্থাপনত ছৌদিৰ বিষয়াসকলে সবিশেষ তথ্য প্ৰদানৰ পৰা বিৰত আছিল। সন্ত্ৰাসবাদ বিৰোধী আৰু চাইবাৰ অপৰাধ আইন অনুসৰি নোৰাক শাস্তি প্ৰদান কৰা হৈছে। সাধাৰণতে ৰাজনৈতিক আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত বিষয়সমূহ চম্ভালি থকা আদালতে দোষী সাব্যস্ত হোৱাৰ বিৰুদ্ধে নোৰাৰ আপীলৰ শুনানিৰ সময়ত এই শাস্তি ঘোষণা কৰে। তেওঁ সংহতি আৰু সামাজিক তন্ত্ৰৰ ক্ষতি কৰাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে নোৰাই অনলাইনত কি পোষ্ট কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

 যোৱা বছৰৰ জুলাই মাহত গ্ৰেপ্তাৰ হৈছিল নোৰা। ছৌদি আৰবৰ সমালোচক ৱাশ্বিংটনস্থিত মানৱ অধিকাৰ সংগঠন ‘ডেমক্ৰেচি ফৰ দ্যা আৰব ৱৰ্ল্ড নাও’ৰ প্ৰতিবেদন অনুসৰি ২০২১ চনৰ ৪ জুলাইত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। সংস্থাটোৰ গৱেষণা সঞ্চালিকা এলিছন মেকমেনাছে কয় যে ‘এই কথা যেতিয়াই আন্তঃৰাষ্ট্ৰীয় মহলত ৰাজকুমাৰ মহম্মদক স্বীকৃতি বাঢ়িবলৈ আৰম্ভ কৰিছিল, তেতিয়াই এনে ধৰণৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু