--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানত সংখ্যালঘুৰ ওপৰত আক্ৰমণৰ খবৰ সঘনাই আহিছে। এইবাৰ ইয়াত নিষ্ঠুৰতাৰ বলি হৈছে এগৰাকী ৮ বছৰীয়া হিন্দু কন্যা। এই নিৰীহ হিন্দু ছোৱালীজনীৰ সৈতে দলবদ্ধ ধৰ্ষণৰ এটা গোচৰ পোহৰলৈ আহিছে সিন্ধ প্ৰদেশত। অভিযুক্তই ছোৱালীজনীৰ সৈতে নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম কৰি ধৰ্ষণ কৰাৰ পাছত, চকু ছিঙি পেলায়। হায়দৰাবাদৰ এখন চৰকাৰী চিকিৎসালয়ত জীৱন-মৃত্যুৰ মাজত দোল খাই আছে কন্যা সন্তানগৰাকী

ভুক্তভোগী কন্যাগৰাকী ভিল জনগোষ্ঠীৰ বুলি জানিব পৰা গৈছে, যোৱা ২৮ আগষ্টত অভিযুক্ত গৰাকীয়ে তেওঁক লৈ যায়। দুষ্কৃতিকাৰীয়ে ছোৱালীজনীৰ মুখতো বেয়াকৈ আঁচোৰ মাৰিছে। এই ঘটনা পোহৰলৈ আহে যেতিয়া এজন হিন্দু মানৱ অধিকাৰ কৰ্মীয়ে ছোৱালীজনীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। এই ভিডিঅ’টোত দেখা গৈছে যে ভুক্তভোগী ছোৱালীজনী ষ্ট্ৰেচাৰত উঠি আছে আৰু তেওঁৰ পিতৃ-মাতৃও তেওঁৰ লগত আছে।

পাকিস্তানৰ সিন্ধ প্ৰদেশৰ উমেৰকোট চহৰত সংঘটিত হোৱা ঘটনা

এই গোচৰটো পাকিস্তানৰ সিন্ধ প্ৰদেশৰ উমাৰকোট চহৰৰ। ছোৱালীজনীক ইমানেই অত্যাচাৰ কৰা হৈছিল যে তাইৰ ব্যক্তিগত অংশত অবিৰতভাৱে তেজ ওলাই আছিল। অত্যধিক ৰক্তক্ষৰণৰ বাবে ছোৱালীজনীৰ অৱস্থা সংকটজনক আৰু চিকিৎসকে BIDS হাস্পতাললৈ ৰেফাৰ কৰে।

কেনেকৈ ঘটিল ঘটনাটো

সংবাদ মাধ্যমৰ খবৰ অনুসৰি যুৱতীগৰাকীৰ মাতৃয়ে জনাইছে যে ছোৱালীজনী স্থানীয় এখন দোকানলৈ গৈছিল, কিন্তু বহুদিনলৈ ঘূৰি নাহিল। ইয়াৰ পাছতে ছোৱালীজনীৰ লগত পোনপটীয়া ঘটনাটো সংঘটিত হয়। অভিযুক্তই ছোৱালীজনীক মৃত বুলি এৰি থৈ গৈছিল। এতিয়ালৈকে এই গোচৰত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।
FOLLOW US F
POPULAR
FEATURE
TRENDY
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
লং জাম্প, ৭.৭৫ মিটাৰ জঁপিয়াই শ্ৰেষ্ঠ ভাৰতৰ মুৰলী শ্ৰীশংকৰ
পাকিস্তানে পুনৰ নিৰ্মাণ কৰিছে সন্ত্রাসবাদীৰ ঘাটি
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক