--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছেক্স ৰেকেটৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। অভিনেত্ৰীৰ উপৰিও তেওঁ এগৰাকী কাষ্টিং পৰিচালকো হয়। মুম্বাই ক্ৰাইম ব্ৰাঞ্চে চলচ্চিত্ৰ জগতত চলি থকা ছেক্স ৰেকেটৰ বিৰুদ্ধে অভিযান চলাওতে আৰক্ষীৰ জালত পৰে অভিনেত্ৰীগৰাকী। অভিনেত্ৰীগৰাকীৰ নাম আৰতি মিট্টাল। মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ তথ্য অনুসৰি আৰতিয়ে দীৰ্ঘদিন ধৰি দেহ ব্যৱসায় চলাই আহিছিল বুলি অভিযোগ উঠিছে। আৰক্ষীয়ে আৰতিক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

ক্ৰাইম ব্ৰাঞ্চৰ দলটোৱে মুম্বাইৰ গোৰেগাঁৱৰ এখন ঠাইৰ পৰা দুগৰাকী মডেলক উদ্ধাৰ কৰি পুনৰ্বাসন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে। আৰতিয়ে তেওঁলোকক ১৫ হাজাৰকৈ টকা দিয়াৰ প্রতিশ্রুতি দিয়া বুলি আৰক্ষীক জনাইছে মডেলকেইগৰাকীয়ে৷ আৰক্ষীয়ে হোটেলখনলৈ এগৰাকী দামী গ্ৰাহক পঠিয়াইছিল আৰু এইদৰেই ছেক্স ৰেকেট উদঙাই দি অভিযুক্ত আৰতি মিট্টালক গ্ৰেপ্তাৰ কৰে।
Aarti Mittal Filmography | Biography of Aarti Mittal | Aarti Mittal -  Indian Film History
এই ৰেকেটৰ তথ্য আৰক্ষী পৰিদৰ্শক মনোজ সুতাৰে লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ এটা দল গঠন কৰি এগৰাকী আৰক্ষীক গ্ৰাহক হিচাপে পঠিয়াই দিয়ে। পৰিকল্পনাৰ অংশ হিচাপে গ্ৰাহকৰূপী আৰক্ষীগৰাকীয়ে আৰতিৰ সৈতে যোগাযোগ কৰি দুগৰাকী ছোৱালীৰ ব্যৱস্থা কৰিবলৈ কয়। এই কামৰ বাবে আৰতি মিট্টালে ৬০ হাজাৰ টকা দাবী কৰিছিল। এনেদৰেই আৰতিৰ কাণ্ড–কাৰাখানা ধৰা পেলাবলৈ সক্ষম হয় মুম্বাই আৰক্ষী।
Casting Director-actress Aarti Mittal Arrested For Running Prostitution  Racket By Mumbai Crime Branch Team | कास्टिंग डायरेक्टर-एक्ट्रेस Aarti  Mittal गिरफ्तार, इंडस्ट्री में जिस्मफरोशी का ...
উল্লেখ্য যে আৰতীয়ে টিভি ধাৰাবাহিক আৰু ৱেব শ্ব’ যেনে ‘না উমৰা কি সীমা হো’, ‘য়েহ হায় চাহাটেইন’, ‘ধৰমপতনী’, ‘সনক: এক জুনুন’ আদিত কাম কৰিছে। তেওঁৰ শেহতীয়া অনুষ্ঠান আছিল ‘অপ্নাপন – বদলাতে ৰিষ্ট’ কা বন্ধন’, য’ত অভিনয় কৰিছিল ৰাজশ্ৰী ঠাকুৰ আৰু চেজান খানে। শেহতীয়াকৈ আৰ মাধৱনৰ সৈতে এখন ছবিৰ শ্বুটিং কৰি থকা বুলি ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল আৰতিয়ে। বৰ্তমান আৰতি আৰক্ষীৰ জিম্মাত। এই ৰেকেটৰ লগত জড়িত আন লোককো বিচাৰিবলৈ আৰম্ভ কৰিছে আৰক্ষীয়ে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে