--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছেক্স ৰেকেটৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। অভিনেত্ৰীৰ উপৰিও তেওঁ এগৰাকী কাষ্টিং পৰিচালকো হয়। মুম্বাই ক্ৰাইম ব্ৰাঞ্চে চলচ্চিত্ৰ জগতত চলি থকা ছেক্স ৰেকেটৰ বিৰুদ্ধে অভিযান চলাওতে আৰক্ষীৰ জালত পৰে অভিনেত্ৰীগৰাকী। অভিনেত্ৰীগৰাকীৰ নাম আৰতি মিট্টাল। মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ তথ্য অনুসৰি আৰতিয়ে দীৰ্ঘদিন ধৰি দেহ ব্যৱসায় চলাই আহিছিল বুলি অভিযোগ উঠিছে। আৰক্ষীয়ে আৰতিক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

ক্ৰাইম ব্ৰাঞ্চৰ দলটোৱে মুম্বাইৰ গোৰেগাঁৱৰ এখন ঠাইৰ পৰা দুগৰাকী মডেলক উদ্ধাৰ কৰি পুনৰ্বাসন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে। আৰতিয়ে তেওঁলোকক ১৫ হাজাৰকৈ টকা দিয়াৰ প্রতিশ্রুতি দিয়া বুলি আৰক্ষীক জনাইছে মডেলকেইগৰাকীয়ে৷ আৰক্ষীয়ে হোটেলখনলৈ এগৰাকী দামী গ্ৰাহক পঠিয়াইছিল আৰু এইদৰেই ছেক্স ৰেকেট উদঙাই দি অভিযুক্ত আৰতি মিট্টালক গ্ৰেপ্তাৰ কৰে।
Aarti Mittal Filmography | Biography of Aarti Mittal | Aarti Mittal -  Indian Film History
এই ৰেকেটৰ তথ্য আৰক্ষী পৰিদৰ্শক মনোজ সুতাৰে লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ এটা দল গঠন কৰি এগৰাকী আৰক্ষীক গ্ৰাহক হিচাপে পঠিয়াই দিয়ে। পৰিকল্পনাৰ অংশ হিচাপে গ্ৰাহকৰূপী আৰক্ষীগৰাকীয়ে আৰতিৰ সৈতে যোগাযোগ কৰি দুগৰাকী ছোৱালীৰ ব্যৱস্থা কৰিবলৈ কয়। এই কামৰ বাবে আৰতি মিট্টালে ৬০ হাজাৰ টকা দাবী কৰিছিল। এনেদৰেই আৰতিৰ কাণ্ড–কাৰাখানা ধৰা পেলাবলৈ সক্ষম হয় মুম্বাই আৰক্ষী।
Casting Director-actress Aarti Mittal Arrested For Running Prostitution  Racket By Mumbai Crime Branch Team | कास्टिंग डायरेक्टर-एक्ट्रेस Aarti  Mittal गिरफ्तार, इंडस्ट्री में जिस्मफरोशी का ...
উল্লেখ্য যে আৰতীয়ে টিভি ধাৰাবাহিক আৰু ৱেব শ্ব’ যেনে ‘না উমৰা কি সীমা হো’, ‘য়েহ হায় চাহাটেইন’, ‘ধৰমপতনী’, ‘সনক: এক জুনুন’ আদিত কাম কৰিছে। তেওঁৰ শেহতীয়া অনুষ্ঠান আছিল ‘অপ্নাপন – বদলাতে ৰিষ্ট’ কা বন্ধন’, য’ত অভিনয় কৰিছিল ৰাজশ্ৰী ঠাকুৰ আৰু চেজান খানে। শেহতীয়াকৈ আৰ মাধৱনৰ সৈতে এখন ছবিৰ শ্বুটিং কৰি থকা বুলি ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল আৰতিয়ে। বৰ্তমান আৰতি আৰক্ষীৰ জিম্মাত। এই ৰেকেটৰ লগত জড়িত আন লোককো বিচাৰিবলৈ আৰম্ভ কৰিছে আৰক্ষীয়ে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন