--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিলিগুৰিৰ এগৰাকী মহিলাই এম বি এ (মাষ্টাৰ অৱ বিজনেছ এডমিনিষ্ট্ৰেচন) ডিগ্ৰী সম্পূৰ্ণ কৰি দুচকীয়া বাহনত নিজাকৈ ফুড ষ্টল খুলি দেখুৱাইছে এক অনন্য নিদৰ্শন। ৩০ বছৰীয়া ফাতিমাই নিজৰ অনন্য ষ্টলৰ নামেৰে স্থানীয় ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে যাৰ নাম হৈছে ‘এম বি এ ফুড ৱালি’৷মিলেনিয়াম পোষ্টৰ এক প্ৰতিবেদন অনুসৰি ফাতিমা আগতে উত্তৰ প্ৰদেশৰ বাসিন্দা আছিল আৰু পশ্চিমৰ চিলিগুৰিলৈ গুচি গৈছিল তাইৰ বিয়াৰ পিছত। খবৰ অনুসৰি ২০১১ চনত এম বি এ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল।সংবাদ মাধ্যমৰ সৈতে হোৱা এক আদান-প্ৰদানৰ সময়ত মহিলাগৰাকীয়ে চাকৰি এৰি নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ কথা স্পষ্টকৈ কয়৷

এম বি এৰ পিছত ফাতিমাই চাৰি বছৰৰ বাবে কাম কৰা বুলি জানিব পৰা গৈছে। শিলিগুৰিলৈ স্থানান্তৰিত হোৱাৰ পিছত তেওঁ সপোনটোক পুনৰ সজীৱ কৰাৰ সিদ্ধান্ত লৈছিলো আৰু  ফুড ষ্টলটো আৰম্ভ কৰিছিল। তাই নিয়মীয়াকৈ বাঘজাতিন পাৰ্কত নিজৰ ষ্টল স্থাপন কৰে। সন্ধিয়া ৭-১০ বজাৰ ভিতৰত তাইৰ দোকানখন চলি থাকে, য’ত তাই ঘৰতে ৰন্ধা খাদ্য প্ৰস্তুত কৰিছিল৷

এম বি এ ফুড ৱালি মুকলি কৰাৰ আঁৰৰ লক্ষ্য আছিল শিক্ষাৰ দ্বাৰা শক্তিশালী হ’লে মহিলাসকলে কেনেকৈ নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে তাৰ মৰ্মস্পৰ্শী বাৰ্তাটো শ্বেয়াৰ কৰা।মহিলাগৰাকীয়ে কয় যে‘মই এটা বাৰ্তা বিয়পাব বিচাৰো যে যিকোনো ব্যক্তিয়ে, বিশেষকৈ মহিলাসকলে শিক্ষিত হ’লে নিজাববীয়াকৈ ব্যৱসায় স্থাপন কৰিব পাৰে। শৈক্ষিকভাৱে শক্তিশালী হ’লে তেওঁলোকে যিকোনো কাম কৰিব পাৰে।’ 

ফাতিমাৰ নিয়মীয়া গ্ৰাহক অমিত মালাকাৰে কয় যে স্থানীয় এগৰাকী বাসিন্দাই জনাই যে ফাতিমা কেনেকৈ আনৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে আৰু নিশ্চিত কৰিছে যে তেওঁৰ খাদ্য যথেষ্ট সুস্বাদু আৰু স্বাস্থ্যকৰ। “এগৰাকী মহিলাই স্কুটাৰৰ ওপৰত নিজৰ ষ্টল স্থাপন কৰাটো অতি আকৰ্ষণীয়। তাই নিশ্চয় আনক অনুপ্ৰাণিত কৰে।’

মহিলাগৰাকীৰ ফুড অন হুইল মেনুত ক্ষীৰ আৰু গোলগাপ্পা চাটৰ পৰা আৰম্ভ কৰি ভাৰতীয় সুস্বাদু জলপান আৰু ডেজাৰ্টৰ অভাৱনীয় খাদ্য আছে। বিক্ৰী কৰা সামগ্ৰীৰ দাম যথেষ্ট যুক্তিসংগত বুলি জানিব পৰা গৈছে য’ত ডাহি ভাল্লা আৰু গোলগাপ্পা ২৫ টকা আৰু খীৰৰ দাম ২০ টকা।ফাতিমাই দৈনিক প্ৰায় ৫০০ টকা উপাৰ্জন কৰি সকলো কাম নিজেই চম্ভালি আছে৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন