--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিলিগুৰিৰ এগৰাকী মহিলাই এম বি এ (মাষ্টাৰ অৱ বিজনেছ এডমিনিষ্ট্ৰেচন) ডিগ্ৰী সম্পূৰ্ণ কৰি দুচকীয়া বাহনত নিজাকৈ ফুড ষ্টল খুলি দেখুৱাইছে এক অনন্য নিদৰ্শন। ৩০ বছৰীয়া ফাতিমাই নিজৰ অনন্য ষ্টলৰ নামেৰে স্থানীয় ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে যাৰ নাম হৈছে ‘এম বি এ ফুড ৱালি’৷মিলেনিয়াম পোষ্টৰ এক প্ৰতিবেদন অনুসৰি ফাতিমা আগতে উত্তৰ প্ৰদেশৰ বাসিন্দা আছিল আৰু পশ্চিমৰ চিলিগুৰিলৈ গুচি গৈছিল তাইৰ বিয়াৰ পিছত। খবৰ অনুসৰি ২০১১ চনত এম বি এ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল।সংবাদ মাধ্যমৰ সৈতে হোৱা এক আদান-প্ৰদানৰ সময়ত মহিলাগৰাকীয়ে চাকৰি এৰি নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ কথা স্পষ্টকৈ কয়৷

এম বি এৰ পিছত ফাতিমাই চাৰি বছৰৰ বাবে কাম কৰা বুলি জানিব পৰা গৈছে। শিলিগুৰিলৈ স্থানান্তৰিত হোৱাৰ পিছত তেওঁ সপোনটোক পুনৰ সজীৱ কৰাৰ সিদ্ধান্ত লৈছিলো আৰু  ফুড ষ্টলটো আৰম্ভ কৰিছিল। তাই নিয়মীয়াকৈ বাঘজাতিন পাৰ্কত নিজৰ ষ্টল স্থাপন কৰে। সন্ধিয়া ৭-১০ বজাৰ ভিতৰত তাইৰ দোকানখন চলি থাকে, য’ত তাই ঘৰতে ৰন্ধা খাদ্য প্ৰস্তুত কৰিছিল৷

এম বি এ ফুড ৱালি মুকলি কৰাৰ আঁৰৰ লক্ষ্য আছিল শিক্ষাৰ দ্বাৰা শক্তিশালী হ’লে মহিলাসকলে কেনেকৈ নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে তাৰ মৰ্মস্পৰ্শী বাৰ্তাটো শ্বেয়াৰ কৰা।মহিলাগৰাকীয়ে কয় যে‘মই এটা বাৰ্তা বিয়পাব বিচাৰো যে যিকোনো ব্যক্তিয়ে, বিশেষকৈ মহিলাসকলে শিক্ষিত হ’লে নিজাববীয়াকৈ ব্যৱসায় স্থাপন কৰিব পাৰে। শৈক্ষিকভাৱে শক্তিশালী হ’লে তেওঁলোকে যিকোনো কাম কৰিব পাৰে।’ 

ফাতিমাৰ নিয়মীয়া গ্ৰাহক অমিত মালাকাৰে কয় যে স্থানীয় এগৰাকী বাসিন্দাই জনাই যে ফাতিমা কেনেকৈ আনৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে আৰু নিশ্চিত কৰিছে যে তেওঁৰ খাদ্য যথেষ্ট সুস্বাদু আৰু স্বাস্থ্যকৰ। “এগৰাকী মহিলাই স্কুটাৰৰ ওপৰত নিজৰ ষ্টল স্থাপন কৰাটো অতি আকৰ্ষণীয়। তাই নিশ্চয় আনক অনুপ্ৰাণিত কৰে।’

মহিলাগৰাকীৰ ফুড অন হুইল মেনুত ক্ষীৰ আৰু গোলগাপ্পা চাটৰ পৰা আৰম্ভ কৰি ভাৰতীয় সুস্বাদু জলপান আৰু ডেজাৰ্টৰ অভাৱনীয় খাদ্য আছে। বিক্ৰী কৰা সামগ্ৰীৰ দাম যথেষ্ট যুক্তিসংগত বুলি জানিব পৰা গৈছে য’ত ডাহি ভাল্লা আৰু গোলগাপ্পা ২৫ টকা আৰু খীৰৰ দাম ২০ টকা।ফাতিমাই দৈনিক প্ৰায় ৫০০ টকা উপাৰ্জন কৰি সকলো কাম নিজেই চম্ভালি আছে৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে