--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুনকৈ গাড়ী চলাবলৈ শিকাটোৱেই কাল হ'ল এহাল পিতা-পুত্ৰৰ। নতুনকৈ গাড়ী শিকি থকা পুত্ৰই গাড়ীৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাত পথৰ দাঁতিৰ কালভাৰ্টত প্ৰচণ্ড জোৰে খুন্দা মাৰে। যাৰ ফলত কৰুণ মৃত্যুক সাৱটি লয় পিতা-পুত্ৰই।

বৃহস্পতিবাৰে পুৱা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় তেলেংগানাৰ নালগোণ্ডাৰ উপকণ্ঠ অঞ্চলৰ ৩৬৫ নং ৰাষ্ট্ৰীয় ঘাইপথত। দুৰ্ঘটনাত নিহত পিতা-পুত্ৰহালক বি ৰাজেশ প্ৰভু (৬৫) আৰু আৰ স্বামীনাথ (১৯) বুলি চিনাক্ত কৰা হৈছে। এই পথ দুৰ্ঘটনাত পিতৃ-পুত্ৰৰ থিতাতে মৃত্যু হয়।

ঘটনা অনুসৰি জানিব পৰা মতে, জংগাঁও নিৱাসী পিতা-পুত্ৰই নিজৰ চাৰিচকীয়া গাড়ীৰে পুৱা কোনো কামত হায়দৰাবাদ অভিমুখে গৈ আছিল। যোৱাৰ পৰত গাড়ীখন চলাইছিল নতুনকৈ গাড়ী চলাবলৈ শিকা স্বামীনাথে।

যাৰ বাবে যুৱকজনে গাড়ীৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাই আৰু পথৰ দাঁতিৰ কালভাৰ্টত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই দুৰ্ঘটনাত পিতা-পুত্ৰ দুয়োৰে থিতাতে মৃত্যু ঘটে। স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হয় আৰু মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। 

ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। এই ঘটনাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে