--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুনকৈ গাড়ী চলাবলৈ শিকাটোৱেই কাল হ'ল এহাল পিতা-পুত্ৰৰ। নতুনকৈ গাড়ী শিকি থকা পুত্ৰই গাড়ীৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাত পথৰ দাঁতিৰ কালভাৰ্টত প্ৰচণ্ড জোৰে খুন্দা মাৰে। যাৰ ফলত কৰুণ মৃত্যুক সাৱটি লয় পিতা-পুত্ৰই।

বৃহস্পতিবাৰে পুৱা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় তেলেংগানাৰ নালগোণ্ডাৰ উপকণ্ঠ অঞ্চলৰ ৩৬৫ নং ৰাষ্ট্ৰীয় ঘাইপথত। দুৰ্ঘটনাত নিহত পিতা-পুত্ৰহালক বি ৰাজেশ প্ৰভু (৬৫) আৰু আৰ স্বামীনাথ (১৯) বুলি চিনাক্ত কৰা হৈছে। এই পথ দুৰ্ঘটনাত পিতৃ-পুত্ৰৰ থিতাতে মৃত্যু হয়।

ঘটনা অনুসৰি জানিব পৰা মতে, জংগাঁও নিৱাসী পিতা-পুত্ৰই নিজৰ চাৰিচকীয়া গাড়ীৰে পুৱা কোনো কামত হায়দৰাবাদ অভিমুখে গৈ আছিল। যোৱাৰ পৰত গাড়ীখন চলাইছিল নতুনকৈ গাড়ী চলাবলৈ শিকা স্বামীনাথে।

যাৰ বাবে যুৱকজনে গাড়ীৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাই আৰু পথৰ দাঁতিৰ কালভাৰ্টত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই দুৰ্ঘটনাত পিতা-পুত্ৰ দুয়োৰে থিতাতে মৃত্যু ঘটে। স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হয় আৰু মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। 

ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। এই ঘটনাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন