--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ছেল্‌ফী লওঁতে সাৱধান। বৰ্তমানৰ নৱ প্ৰজন্ম ছেল্‌ফী লোৱাৰ ক্ষেত্ৰত বৰকৈ আসক্ত হৈ পৰিছে। ছেল্‌ফীৰ বাবে বহু সময়ত বহু অঘটন সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহে। কিছুমানে আঁকোৱালি লৈছে মৃত্যু পৰ্যন্ত। ইয়াৰ মাজতে উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা আহিছে এক দুখৰ খবৰ। ঘটনাৰ বিৱৰণী অনুসৰি আই আই টিৰ কেইজনমান ছাত্ৰ-ছাত্ৰীয়ে গংগা নদীৰ ওচৰত ফুৰিবলৈ গৈছিল। গংগা নদীৰ ওপৰত থকা এটা নদীবান্ধত তেওঁলোকে ফটো উঠিবলৈ লয়।

ছাত্ৰ-ছাত্ৰীসকল ব্যস্ত হৈ পৰে ছেল্‌ফী তোলাত আৰু তেতিয়াই এগৰাকী ছাত্ৰীৰ ভৰি পিছল খাই গংগা নদীত পৰে। ঘটনাস্থলীত থকা তেওঁৰ বন্ধুবৰ্গই আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আৰু ডুবাৰুৰ দল ঘটনাস্থলীত উপস্থিত হয়। এক ঘণ্টা জুৰি সন্ধান কৰাৰ অন্তত নদীৰ পৰা ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। চিকিৎসকে পৰীক্ষা কৰি ছাত্ৰীগৰাকীক মৃত বুলি ঘোষণা কৰে। কন্যাক চিৰদিনলৈ আকস্মিকভাবে হেৰুৱাই শোকস্তব্ধ হৈ পৰিছে ছাত্ৰীগৰাকীৰ পৰিয়াল।

ছাত্ৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পৰাও প্ৰমাণ হয় যে তেওঁৰ মৃত্যু পানীত ডুবাৰ ফলত হৈছে। ২০ বছৰীয়া যুৱতীগৰাকী ৰাজস্থানৰ বাসিন্দা আছিল। তেওঁৰ নাম আছিল ছেজল জৈন। ছেপ্টেম্বৰত তেওঁ আই আই টি হোষ্টেললৈ আহিছিল। ছেজল জৈন আইআইটি কানপুৰৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী আছিল। ঘটনাটোৱে ৰাজস্থান আৰু উত্তৰ প্ৰদেশত পেলাইছে গভীৰ শোকৰ ছাঁ। ফুৰিবলৈ গৈ মৃতদেহ হৈ উভতি অহা ছেজল জৈনৰ অকাল বিয়োগত শোকত ভাঙি পৰিছে তেওঁৰ বন্ধুবৰ্গসকল।

আৰু পঢ়কঃ ছেল্‌ফী লওঁতে ভৰি পিছলি নদীত পৰি কৰুণ মৃত্যুক সাবটিলে IITৰ ছাত্ৰীয়ে


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ