--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ছেল্‌ফী লওঁতে সাৱধান। বৰ্তমানৰ নৱ প্ৰজন্ম ছেল্‌ফী লোৱাৰ ক্ষেত্ৰত বৰকৈ আসক্ত হৈ পৰিছে। ছেল্‌ফীৰ বাবে বহু সময়ত বহু অঘটন সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহে। কিছুমানে আঁকোৱালি লৈছে মৃত্যু পৰ্যন্ত। ইয়াৰ মাজতে উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা আহিছে এক দুখৰ খবৰ। ঘটনাৰ বিৱৰণী অনুসৰি আই আই টিৰ কেইজনমান ছাত্ৰ-ছাত্ৰীয়ে গংগা নদীৰ ওচৰত ফুৰিবলৈ গৈছিল। গংগা নদীৰ ওপৰত থকা এটা নদীবান্ধত তেওঁলোকে ফটো উঠিবলৈ লয়।

ছাত্ৰ-ছাত্ৰীসকল ব্যস্ত হৈ পৰে ছেল্‌ফী তোলাত আৰু তেতিয়াই এগৰাকী ছাত্ৰীৰ ভৰি পিছল খাই গংগা নদীত পৰে। ঘটনাস্থলীত থকা তেওঁৰ বন্ধুবৰ্গই আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আৰু ডুবাৰুৰ দল ঘটনাস্থলীত উপস্থিত হয়। এক ঘণ্টা জুৰি সন্ধান কৰাৰ অন্তত নদীৰ পৰা ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। চিকিৎসকে পৰীক্ষা কৰি ছাত্ৰীগৰাকীক মৃত বুলি ঘোষণা কৰে। কন্যাক চিৰদিনলৈ আকস্মিকভাবে হেৰুৱাই শোকস্তব্ধ হৈ পৰিছে ছাত্ৰীগৰাকীৰ পৰিয়াল।

ছাত্ৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পৰাও প্ৰমাণ হয় যে তেওঁৰ মৃত্যু পানীত ডুবাৰ ফলত হৈছে। ২০ বছৰীয়া যুৱতীগৰাকী ৰাজস্থানৰ বাসিন্দা আছিল। তেওঁৰ নাম আছিল ছেজল জৈন। ছেপ্টেম্বৰত তেওঁ আই আই টি হোষ্টেললৈ আহিছিল। ছেজল জৈন আইআইটি কানপুৰৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী আছিল। ঘটনাটোৱে ৰাজস্থান আৰু উত্তৰ প্ৰদেশত পেলাইছে গভীৰ শোকৰ ছাঁ। ফুৰিবলৈ গৈ মৃতদেহ হৈ উভতি অহা ছেজল জৈনৰ অকাল বিয়োগত শোকত ভাঙি পৰিছে তেওঁৰ বন্ধুবৰ্গসকল।

আৰু পঢ়কঃ ছেল্‌ফী লওঁতে ভৰি পিছলি নদীত পৰি কৰুণ মৃত্যুক সাবটিলে IITৰ ছাত্ৰীয়ে


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক