--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পেট্ৰ’ল-ডিজেলৰ অভূতপূৰ্ব দামবৃদ্ধি দেশৰ জনগণৰ বাবে মূৰৰ কামোৰণিত পৰিণত হৈছে। বিগত সময়ছোৱাত প্ৰায় প্ৰতিদিনে পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি হোৱাৰ ফলত ইয়াৰ দামে এতিয়া শতকৰ ঘৰ চুইছে। অলপতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহে এই অত্যাৱশ্যকীয় ইন্ধন দুবিধৰ দাম কিছু হ্ৰাস কৰে যদিও এতিয়া পূৰ্বৰ তুলনাত পেট্ৰ’ল-ডিজেলৰ দাম আকাশলংঘী হৈয়ে আছে। চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত ইন্ধনৰ দামবৃদ্ধিৰ দোহাই দি ইয়াৰ আঁৰৰ কাৰণক গাপ দিবলৈ চেষ্টা কৰিছে যদিও এতিয়া বিভিন্ন পৰিসংখ্যাই প্ৰমাণ কৰিছে যে, আন্তঃৰাষ্ট্ৰীয় বজাৰত ইন্ধনৰ দামৰ সৈতে ভাৰতত পেট্ৰ’ল-ডিজেলৰ দামৰ তফাৎ বৃহৎ।


বিভিন্নজন বিৰোধী দলৰ নেতাই এই বিষয়ে চৰকাৰক প্ৰশ্ন কৰি আহিছে সময়ে সময়ে। বিশেষকৈ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে পেট্ৰ’ল-ডিজেলৰ দামক লৈ চৰকাৰক কৰি আহিছে তীব্ৰ সমালোচনা। এইবাৰ আন এগৰাকী কংগ্ৰেছ নেতাই পেট্ৰ’লৰ দামৰ প্ৰসংগত সৰৱ হৈ পৰিছে মোদী চৰকাৰৰ বিৰুদ্ধে। পূৰ্বৰ ইউপিএ চৰকাৰৰ আমোলৰ সৈতে তুলনা কৰি এতিয়াৰ এনডিএ চৰকাৰক প্ৰশ্ন কৰিছে কংগ্ৰেছ নেত্ৰী সু্প্ৰিয়া শ্ৰীনেত-এ। ২০১৪চনত ইউপিএ চৰকাৰ যেতিয়া শাসনত আছিল তেতিয়া প্ৰতি বেৰেল ক্ৰুড অইলৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম আছিল ১৪০ডলাৰ। কিন্তু সেই সময়ত দেশত পেট্ৰ’লৰ দাম প্ৰায় ৭০টকা আছিল বুলি প্ৰকাশ কৰিছে নেত্ৰীগৰাকীয়ে।

এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেল ক্ৰু়ড অইলৰ দাম ৭২ডলাৰ হোৱাৰ সময়ত দেশত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম এশ টকাৰ অধিক হৈছে কিয়? কিয় আন্তঃৰাষ্ট্ৰীয় বজাৰৰ দামৰ অনুপাতে ইয়াৰ দাম হ্ৰাস হোৱা নাই কিয়? তেওঁ প্ৰধানমন্ত্ৰী মোদীক প্ৰশ্ন কৰে যে, কেতিয়ালৈ সাধাৰণ জনতাৰ কঁকাল ভাঙিব মোদী ডাঙৰীয়া?
উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ দাম কম হৈ থকাৰ সময়তো ভাৰতৰ পেট্ৰ’ল-ডিজেলৰ দাম কম হোৱা নাছিল। বিগত ভালেমান দিন ধৰি ক্ৰুড অইলৰ দাম কম হৈ আহিছে যদিও ভাৰতত পেট্ৰ’ল-ডিজেলৰ দাম আকাশলংঘী হৈয়েই আছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অতি উচ্চ হাৰত কৰ আদায় কৰি অহাৰ ফলতে পেট্ৰ’ল-ডিজেলৰ দাম এনেদৰে বৃদ্ধি হৈ থকাটো স্পষ্ট হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ