ডিজিটেল ডেস্ক: ’২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ছেল্ফীয়েই হৈ পৰিছে নেকি শেষ ভৰসা? মোদী চৰকাৰৰ পৃষ্ঠপোষকতাত এইবাৰ বিদ্যামন্দিৰত ৰাজনীতিৰ প্ৰৱেশ। দেশৰ সকলো মহাবিদ্যালয়–বিশ্ববিদ্যালয়লৈ UGCয়ে আগবঢ়াইছে বিশেষ নিৰ্দেশনা।
UGC অৰ্থাৎ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনাক লৈ দেশজুৰি সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য৷ বিশ্ববিদ্যালয়–মহাবিদ্যালয়ত প্ৰধানমন্ত্ৰীৰ ফটো সম্বলিত ছেল্ফী পইণ্ট স্থাপনৰ নিৰ্দেশনা জাৰি কৰিছে আয়োগে। UGCৰ নিৰ্দেশনা সম্বলিত জাননী প্ৰেৰণ কৰা হৈছে দেশৰ সকলো মহাবিদ্যালয়–বিশ্ববিদ্যালয়লৈ। দেশে বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ছেল্ফী পইণ্ট স্থাপনৰ নিৰ্দেশনা বুলি অনুদান আয়োগে জাননীত উল্লেখ কৰিছে।
দেশৰ প্ৰগতিৰ ক্ষেত্ৰত যুৱ শক্তিক উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে এই নিৰ্দেশনা আগবঢ়োৱা বুলি সদৰী কৰিছে UGCয়ে। নিৰ্দেশনাটোত কোৱা হৈছে যে শিক্ষানুষ্ঠানৰ চৌহদত স্থাপন হ’বলগীয়া প্ৰতিটো ছেল্ফী পইণ্টে হ’ব লাগিব 3D প্ৰযুক্তিৰ। ছেল্ফী পইণ্টত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ শ্ল’গান লিখাৰো নিৰ্দেশনা আগবঢ়োৱা হৈছে। একেদৰে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ জয়গান 3D প্ৰযুক্তিৰ জৰিয়তে প্ৰকাশৰ নিৰ্দেশনা জাৰি কৰিছে UGCয়ে। স্মাৰ্ট ইণ্ডিয়া, UNITY IN DIVERSITY, নতুন শিক্ষা আঁচনি আদিৰ সাফল্যক ইয়াৰ জৰিয়তে প্ৰদৰ্শন কৰিব লাগিব শিক্ষানুষ্ঠানসমূহে। কেৱল সেয়াই নহয় ছাত্ৰ–ছাত্ৰীয়ে ছেল্ফী পইণ্টত ফটো তুলি দিব লাগিব ছ’চিয়েল মিডিয়াত।
UGCৰ এনে নিৰ্দেশনাৰ পাছতে দেশত হৈছে তুমুল চৰ্চা। বৌদ্ধিক মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া৷ এই নিৰ্দেশনাৰ জৰিয়তে ’২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰে ৰাজনীতিৰ আশ্ৰয় লোৱা বুলিও উঠিছে অভিযোগ৷ ’২৪ৰ পূৰ্বে বিজেপিৰ এয়া অঘোষিত ৰাজনৈতিক প্ৰচাৰ নেকি তাক লৈ ৰাজনৈতিক মহলত তুংগত উঠিছে চৰ্চা। ’২৪ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান মাহ।
নিৰ্বাচনলৈ কেইটামান মাহ বাকী থকা অৱস্থাত হঠাৎ কিয় আহিল এনে ধৰণৰ ছেল্ফী পইণ্ট স্থাপনৰ চিন্তা? ইয়াৰ জৰিয়তে দেশৰ বুজনসংখ্যক শিক্ষাৰ্থীক প্ৰভাৱিত কৰাৰ ব্লুপ্ৰিণ্ট ৰচিছে নেকি মোদী চৰকাৰে? শিক্ষানুষ্ঠানক ৰাজনৈতিক আখৰাস্থলীলৈ পৰিণত কৰাৰ এয়া ষড়যন্ত্ৰ নেকি মোদী চৰকাৰৰ? তাক লৈও চৰ্চা তুংগত উঠিছে দেশৰ ৰাজনৈতিক মহলত। এনেধৰণে চৰকাৰৰ গুণ–গৰিমা শিক্ষানুষ্ঠানৰ জৰিয়তে প্ৰচাৰ কৰা কিমানদূৰ যুক্তিসংগত? তাক লৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শৈক্ষিক সমাজৰ মাজত।
লক্ষ্যণীয়ভাৱে এনেধৰণৰ ছেল্ফী পইণ্ট স্থাপনৰ নিৰ্দেশনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও এনে বহু উদাহৰণ আছে, য’ত ৰাজহুৱা অনুষ্ঠানক ৰাজনীতিকৰণ কৰাৰ অপচেষ্টাত লিপ্ত হৈছে মোদী চৰকাৰ। কিছুদিন পূৰ্বে দেশৰ প্ৰতিৰক্ষা বাহিনীৰ বিষয়াকো কেন্দ্ৰীয় চৰকাৰৰ আঁচনি প্ৰচাৰৰ কামত নিয়োগৰ নিৰ্দেশনা দিছিল প্ৰতিৰক্ষা বিভাগে। দেশৰ প্ৰতিটো অঞ্চলতেই ছেল্ফী পইণ্ট স্থাপনৰ গুৰু দায়িত্ব দিয়া হৈছিল একাংশ বিষয়াক।
ইয়াৰ পাছতে মুখ্য চহৰত থকা ৰে’ল ষ্টেচন, বিমানবন্দৰ আদি উজলি উঠিছিল নৰেন্দ্ৰ মোদী ফটো সম্বলিত ছেল্ফী পইণ্টেৰে। যাক লৈ দেশজুৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। প্ৰচাৰৰ বাবে আনকি দেশৰ জোৱানসকলকো মোদী চৰকাৰে ৰেহাই নিদিয়া বুলি অভিযোগ কৰিছিল বিৰোধীয়ে। ইয়াৰ পাছতেই এইবাৰ প্ৰচাৰৰ বাবে মোদী চৰকাৰৰ অস্ত্ৰ হৈ পৰিছে দেশৰ শিক্ষানুষ্ঠানসমূহ। উল্লেখ্য যে প্ৰচাৰৰ জৰিয়তে যিকোনো দুৰ্যোগকো সম্পদ হিচাপে ব্যৱহাৰ কৰি আহিছে মোদী চৰকাৰে।
ক’ভিড ভেকচিনৰ প্ৰমাণ–পত্ৰত প্ৰধানমন্ত্ৰীৰ মোদীৰ ফটো সন্নিৱিষ্ট কৰি দুৰ্যোগৰ সময়তো ৰাজনীতি কৰিবলৈ সুযোগ এৰা নাছিল মোদী চৰকাৰে। এনেদৰে মোদী নামৰ ব্ৰেণ্ডিঙেৰে প্ৰতিটো খোজতে প্ৰচাৰৰ আশ্ৰয় লৈ আহিছে বিজেপিয়ে। যিকোনো অজুহাততে নৰেন্দ্ৰ মোদীৰ ফটো ব্যৱহাৰ কৰি প্ৰচাৰৰ অভিলেখ ভাঙি আহিছে বিজেপিয়ে। এইবাৰ প্ৰচাৰৰ কেন্দ্ৰবিন্দু হৈ পৰিল দেশৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহো। যাক লৈ স্বাভাৱিকতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী শিবিৰে।