--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশত কাইলৈ হ’ব ভোটগণনা। ভোটগণনাৰ পূৰ্বে জ্যোতিৰাদিত্য সিন্ধিয়াৰ সমালোচনাত সৰব হৈ পৰিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিং।মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙে কয় যে কংগ্ৰেছ দলটোৰ বিজয়ৰ বাবে সম্পূৰ্ণৰূপে  আত্মবিশ্বাসী,  কিয়নো দলটোত কোনো বিশ্বাসঘাতক এতিয়া আৰু বাকী নাই। তেওঁ কয় "আমি সম্পূৰ্ণৰূপে প্ৰস্তুত। এতিয়া আমাৰ দলত কোনো সিন্ধিয়া  নাই, সেয়েহে কোনো বিশ্বাসঘাতকো নাই,"।  ভূপালত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি সিঙে এনেদৰে কয়। 

ৰাজ্যসভাৰ সাংসদ দিগ্বিজয় সিঙে বিশ্বাস ব্যক্ত কৰে  যে কংগ্ৰেছে ৰাজ্যখনত ১৩০ খনতকৈও অধিক আসনত জিকি  চৰকাৰ গঠন কৰিব।সিঙে কয়  "কাইলৈ আমি জানিব পাৰিম যে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান ক'ত আছে। আমি ১৩০ খনতকৈ অধিক আসনত জিকিম," তেওঁ কয়। উল্লেখ্য পূৰ্বৰ  নিৰ্বাচনত  কংগ্ৰেছে ১১৪ খন আসন লাভ কৰিছিল আৰু বিজেপিয়ে ১০৯ খন আসন । ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজনীয় আসনৰ  সংখ্যা হৈছে ১১৬। কংগ্ৰেছে বিএছপি আৰু নিৰ্দলীয়ৰ সহায়ত ৰাজ্যখনত এখন চৰকাৰ গঠন কৰিছিল । কিন্তু জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিদ্ৰোহৰ পিছতে কেইবাজনো বিধায়কে বিজেপিত যোগদান কৰে। ফলত   চৰকাৰ খন ভংগ হৈ  পৰিছিল। সিন্ধিয়াই ২০২০ চনৰ মাৰ্চ মাহত  কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল। 

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও ৰাজ্যখনত প্ৰচাৰ চলাই থকাৰ সময়ত সিন্ধিয়াক 'বিশ্বাসঘাতক' বুলি অভিহিত কৰিছিল। মধ্য প্ৰদেশত ১৭ নৱেম্বৰত ৭৭.৮২ শতাংশ ভোটদানৰ সৈতে  ২৩০ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল।

এক্সিট পোলৰ বেছিভাগতে ৰাজ্যখনত এক নিকট প্ৰতিদ্বন্দিতাৰ ভৱিষ্যতবাণী কৰিছে।  কিছুমান এক্সিট প'লে আনকি কংগ্ৰেছক সংখ্যাগৰিষ্ঠতা দিছে। এক্সিছ মাই ইণ্ডিয়াৰ এক্সিট প'ল অনুসৰি, বিজেপিয়ে ১৪০-১৬২ খন আসনত জিকিব, আনহাতে কংগ্ৰেছে ৬৮-৯০ খন আসনত জিকিব। পলষ্ট্ৰাটে কংগ্ৰেছক ১১১-১২১ খন আৰু বিজেপিক ১০৬-১১৬ খন আসন দিছে। চাণক্যই  বিজেপিৰ বাবে ১৩৯-১৬৩ খন আসন প্ৰদান কৰিছে, আনহাতে কংগ্ৰেছে কেৱল ৬২-৮৬ খন আসন লাভ কৰিব বুলি কৈছে। মেট্ৰিজ এক্সিট পোলৰ ফলাফলে কংগ্ৰেছক ৯৭-১০৭ খন আৰু বিজেপিয়ে ১১৮-১৩০ খন আসন পাব বুলি কৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক