--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশত কাইলৈ হ’ব ভোটগণনা। ভোটগণনাৰ পূৰ্বে জ্যোতিৰাদিত্য সিন্ধিয়াৰ সমালোচনাত সৰব হৈ পৰিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিং।মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙে কয় যে কংগ্ৰেছ দলটোৰ বিজয়ৰ বাবে সম্পূৰ্ণৰূপে  আত্মবিশ্বাসী,  কিয়নো দলটোত কোনো বিশ্বাসঘাতক এতিয়া আৰু বাকী নাই। তেওঁ কয় "আমি সম্পূৰ্ণৰূপে প্ৰস্তুত। এতিয়া আমাৰ দলত কোনো সিন্ধিয়া  নাই, সেয়েহে কোনো বিশ্বাসঘাতকো নাই,"।  ভূপালত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি সিঙে এনেদৰে কয়। 

ৰাজ্যসভাৰ সাংসদ দিগ্বিজয় সিঙে বিশ্বাস ব্যক্ত কৰে  যে কংগ্ৰেছে ৰাজ্যখনত ১৩০ খনতকৈও অধিক আসনত জিকি  চৰকাৰ গঠন কৰিব।সিঙে কয়  "কাইলৈ আমি জানিব পাৰিম যে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান ক'ত আছে। আমি ১৩০ খনতকৈ অধিক আসনত জিকিম," তেওঁ কয়। উল্লেখ্য পূৰ্বৰ  নিৰ্বাচনত  কংগ্ৰেছে ১১৪ খন আসন লাভ কৰিছিল আৰু বিজেপিয়ে ১০৯ খন আসন । ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজনীয় আসনৰ  সংখ্যা হৈছে ১১৬। কংগ্ৰেছে বিএছপি আৰু নিৰ্দলীয়ৰ সহায়ত ৰাজ্যখনত এখন চৰকাৰ গঠন কৰিছিল । কিন্তু জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিদ্ৰোহৰ পিছতে কেইবাজনো বিধায়কে বিজেপিত যোগদান কৰে। ফলত   চৰকাৰ খন ভংগ হৈ  পৰিছিল। সিন্ধিয়াই ২০২০ চনৰ মাৰ্চ মাহত  কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল। 

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও ৰাজ্যখনত প্ৰচাৰ চলাই থকাৰ সময়ত সিন্ধিয়াক 'বিশ্বাসঘাতক' বুলি অভিহিত কৰিছিল। মধ্য প্ৰদেশত ১৭ নৱেম্বৰত ৭৭.৮২ শতাংশ ভোটদানৰ সৈতে  ২৩০ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল।

এক্সিট পোলৰ বেছিভাগতে ৰাজ্যখনত এক নিকট প্ৰতিদ্বন্দিতাৰ ভৱিষ্যতবাণী কৰিছে।  কিছুমান এক্সিট প'লে আনকি কংগ্ৰেছক সংখ্যাগৰিষ্ঠতা দিছে। এক্সিছ মাই ইণ্ডিয়াৰ এক্সিট প'ল অনুসৰি, বিজেপিয়ে ১৪০-১৬২ খন আসনত জিকিব, আনহাতে কংগ্ৰেছে ৬৮-৯০ খন আসনত জিকিব। পলষ্ট্ৰাটে কংগ্ৰেছক ১১১-১২১ খন আৰু বিজেপিক ১০৬-১১৬ খন আসন দিছে। চাণক্যই  বিজেপিৰ বাবে ১৩৯-১৬৩ খন আসন প্ৰদান কৰিছে, আনহাতে কংগ্ৰেছে কেৱল ৬২-৮৬ খন আসন লাভ কৰিব বুলি কৈছে। মেট্ৰিজ এক্সিট পোলৰ ফলাফলে কংগ্ৰেছক ৯৭-১০৭ খন আৰু বিজেপিয়ে ১১৮-১৩০ খন আসন পাব বুলি কৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা