--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী চহৰ দিল্লীৰ বায়ু প্ৰদূষণৰ পৰিস্থিতি মুঠেও  উন্নত হোৱা নাই। শনিবাৰে পুৱাও  দিল্লীৰ আকাশত ধোঁৱা আৰু ধূলিৰ স্তৰে আৱৰি ৰাখে। ফলত দিল্লীৰ বাসিন্দাসকল অধিক শংকিত হৈ পৰিছে।  বায়ুৰ গুণমান সূচক (একিউআই) অনুসৰি বায়ুত প্ৰদূষিত কণাৰ পৰিমাণ সৰ্বাধিক ৪৮৮ থকা।কিন্তু দিল্লীত  এই সুৰক্ষিত স্তৰতকৈ ৮০ গুণ বেছি প্ৰদূষিত কণা বায়ুত মিহলি হৈ আছে! 

শনিবাৰে পুৱা কেইবাটাও এলেকাত প্ৰদূষণৰ তথ্য  নথিভুক্ত কৰা হৈছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ (চিপিচিবি) মতে, আনন্দ বিহাৰ আৰু অশোক বিহাৰত শনিবাৰে পুৱা ৬  বজাত বায়ুৰ মান সূচক (একিউআই) আছিল ক্ৰমান্বয়ে ৩৮৮ আৰু ৩৮৬। 

লোধি ৰোড আৰু জৱাহৰলাল নেহৰু ষ্টেডিয়ামৰ একিউআইও 'অতি ভয়াৱহ' শ্ৰেণীত আছিল, য'ত ক্ৰমান্বয়ে ৩৪৯  আৰু ৩৬৬ । ০ৰ পৰা ১০০ লৈ একিউআইক 'ভাল', ১০০ৰ পৰা ২০০লৈ 'মধ্যমীয়া', ২০০ ৰ পৰা ৩০০ 'বেয়া', ৩০০ ৰ পৰা ৪০০লৈ 'অতি বেয়া' আৰু ৪০০ ৰ পৰা ৫০০ বা ততোধিক অধিক গুৰুতৰ বুলি গণ্য কৰা হয়।


দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে  কিছুদিন পূৰ্বে এক উচ্চ পৰ্যায়ৰ জৰুৰী বৈঠকৰ আহ্বান কৰিছিল।  বৈঠকত পৰিৱেশ মন্ত্ৰী গোপাল ৰায় আৰু সংশ্লিষ্ট সকলো বিভাগৰ বিষয়া উপস্থিত আছিল। 

ৰাজধানীখনৰ আৰ কে পুৰম, পাটপাৰগঞ্জ, নিউ মতিবাগৰ দৰে অঞ্চলত পৰিস্থিতি আটাইতকৈ বেয়াৰ দিশে ধাৱমান হৈছে। চাৰিওটা স্থানতে, বায়ুৰ মানদণ্ড সূচক ৪০০-ৰ ওপৰত। 

 কেন্দ্ৰীয় চৰকাৰৰ প্ৰদূষণ-বিৰোধী জোখ মাপ সংস্থাৰ মতে, দিল্লী বৰ্তমান প্ৰদূৰ্ষণৰ চতুৰ্থ পৰ্যায়ৰ শ্ৰেণীত আছে। এই পৰ্যায়টো একিউআইৰ দ্বাৰা বিচাৰ কৰা হয়। যদি ই ৪৫০-তকৈ অধিক হয়, ইয়াক 'গুৰুতৰ' বা অতি গুৰুতৰ বুলি গণ্য কৰা হয়। যোৱা পাঁচ দিন ধৰি এয়া  প্ৰায় একেই হৈ আছে, কোনো উন্নতি হোৱা নাই।

কেজৰিৱাল চৰকাৰে প্ৰদূষণৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কিছুদিন পূৰ্বে  বিদ্যালয় বন্ধও ঘোষণা কৰিছিল । ব্যক্তিগত কাৰ্যালয়ত ৫০  শতাংশ কৰ্মচাৰীক ঘৰৰ পৰা  কাম কৰিবলৈ অনুমতি দিয়া হৈছিল। দিল্লীৰ সকলো নিৰ্মাণ কাৰ্য বৰ্তমানৰ বাবে বন্ধ কৰি দিয়া হৈছে,  যাতে  অধিক প্ৰদূষণ বৃদ্ধি হোৱা প্ৰতিহত কৰিব পৰা যায়। 

যোৱা কেইবছৰমানৰ পৰা, দিল্লীৰ লোকসকলে উপলব্ধি কৰি আহিছে যে এই বায়ু প্ৰদূষণ কিমান মাৰাত্মক হৈ পৰিছে। প্ৰকৃততে, ৰাজধানী চহৰখন 'গেছ চেম্বাৰ' হৈ পৰিছে। উশাহ লোৱাটো এক ভয়ৰ কথা হৈ পৰিছে। চিকাগো বিশ্ববিদ্যালয়ৰ এক অধ্যয়ন অনুসৰি, প্ৰদূষণে মানুহৰ গড় আয়ুস ১২  বছৰ হ্ৰাস কৰিব পাৰে। অৱশ্যে, দিল্লীৰ দৰেই পৃথিৱীৰ বহু ৰাজধানী চহৰত এই সমস্যা বৃদ্ধি পাইছে, যি কথা  উদ্বেগজনক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা