--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী চহৰ দিল্লীৰ বায়ু প্ৰদূষণৰ পৰিস্থিতি মুঠেও  উন্নত হোৱা নাই। শনিবাৰে পুৱাও  দিল্লীৰ আকাশত ধোঁৱা আৰু ধূলিৰ স্তৰে আৱৰি ৰাখে। ফলত দিল্লীৰ বাসিন্দাসকল অধিক শংকিত হৈ পৰিছে।  বায়ুৰ গুণমান সূচক (একিউআই) অনুসৰি বায়ুত প্ৰদূষিত কণাৰ পৰিমাণ সৰ্বাধিক ৪৮৮ থকা।কিন্তু দিল্লীত  এই সুৰক্ষিত স্তৰতকৈ ৮০ গুণ বেছি প্ৰদূষিত কণা বায়ুত মিহলি হৈ আছে! 

শনিবাৰে পুৱা কেইবাটাও এলেকাত প্ৰদূষণৰ তথ্য  নথিভুক্ত কৰা হৈছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ (চিপিচিবি) মতে, আনন্দ বিহাৰ আৰু অশোক বিহাৰত শনিবাৰে পুৱা ৬  বজাত বায়ুৰ মান সূচক (একিউআই) আছিল ক্ৰমান্বয়ে ৩৮৮ আৰু ৩৮৬। 

লোধি ৰোড আৰু জৱাহৰলাল নেহৰু ষ্টেডিয়ামৰ একিউআইও 'অতি ভয়াৱহ' শ্ৰেণীত আছিল, য'ত ক্ৰমান্বয়ে ৩৪৯  আৰু ৩৬৬ । ০ৰ পৰা ১০০ লৈ একিউআইক 'ভাল', ১০০ৰ পৰা ২০০লৈ 'মধ্যমীয়া', ২০০ ৰ পৰা ৩০০ 'বেয়া', ৩০০ ৰ পৰা ৪০০লৈ 'অতি বেয়া' আৰু ৪০০ ৰ পৰা ৫০০ বা ততোধিক অধিক গুৰুতৰ বুলি গণ্য কৰা হয়।


দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে  কিছুদিন পূৰ্বে এক উচ্চ পৰ্যায়ৰ জৰুৰী বৈঠকৰ আহ্বান কৰিছিল।  বৈঠকত পৰিৱেশ মন্ত্ৰী গোপাল ৰায় আৰু সংশ্লিষ্ট সকলো বিভাগৰ বিষয়া উপস্থিত আছিল। 

ৰাজধানীখনৰ আৰ কে পুৰম, পাটপাৰগঞ্জ, নিউ মতিবাগৰ দৰে অঞ্চলত পৰিস্থিতি আটাইতকৈ বেয়াৰ দিশে ধাৱমান হৈছে। চাৰিওটা স্থানতে, বায়ুৰ মানদণ্ড সূচক ৪০০-ৰ ওপৰত। 

 কেন্দ্ৰীয় চৰকাৰৰ প্ৰদূষণ-বিৰোধী জোখ মাপ সংস্থাৰ মতে, দিল্লী বৰ্তমান প্ৰদূৰ্ষণৰ চতুৰ্থ পৰ্যায়ৰ শ্ৰেণীত আছে। এই পৰ্যায়টো একিউআইৰ দ্বাৰা বিচাৰ কৰা হয়। যদি ই ৪৫০-তকৈ অধিক হয়, ইয়াক 'গুৰুতৰ' বা অতি গুৰুতৰ বুলি গণ্য কৰা হয়। যোৱা পাঁচ দিন ধৰি এয়া  প্ৰায় একেই হৈ আছে, কোনো উন্নতি হোৱা নাই।

কেজৰিৱাল চৰকাৰে প্ৰদূষণৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কিছুদিন পূৰ্বে  বিদ্যালয় বন্ধও ঘোষণা কৰিছিল । ব্যক্তিগত কাৰ্যালয়ত ৫০  শতাংশ কৰ্মচাৰীক ঘৰৰ পৰা  কাম কৰিবলৈ অনুমতি দিয়া হৈছিল। দিল্লীৰ সকলো নিৰ্মাণ কাৰ্য বৰ্তমানৰ বাবে বন্ধ কৰি দিয়া হৈছে,  যাতে  অধিক প্ৰদূষণ বৃদ্ধি হোৱা প্ৰতিহত কৰিব পৰা যায়। 

যোৱা কেইবছৰমানৰ পৰা, দিল্লীৰ লোকসকলে উপলব্ধি কৰি আহিছে যে এই বায়ু প্ৰদূষণ কিমান মাৰাত্মক হৈ পৰিছে। প্ৰকৃততে, ৰাজধানী চহৰখন 'গেছ চেম্বাৰ' হৈ পৰিছে। উশাহ লোৱাটো এক ভয়ৰ কথা হৈ পৰিছে। চিকাগো বিশ্ববিদ্যালয়ৰ এক অধ্যয়ন অনুসৰি, প্ৰদূষণে মানুহৰ গড় আয়ুস ১২  বছৰ হ্ৰাস কৰিব পাৰে। অৱশ্যে, দিল্লীৰ দৰেই পৃথিৱীৰ বহু ৰাজধানী চহৰত এই সমস্যা বৃদ্ধি পাইছে, যি কথা  উদ্বেগজনক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক