--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বতত চলিত বৰ্ষৰ ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো  যাত্ৰাই সমগ্ৰ দেশতে ব্যাপক সঁহাৰি লাভ কৰিছিল। ভাৰত জোড়ো  যাত্ৰাৰ পিছতে ৰাহুল গান্ধীৰ বাবে আহিছিল এটা বেয়া খবৰ। ২০১৯ চনৰে মোদী উপাধি বিতৰ্কৰ গোচৰত চুৰাটৰ এখন আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহে। 

ইয়াৰ পিছতে কৰ্তন হয় তেওঁৰ সাংসদ পদ। কিন্তু শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীৰ দুবছৰৰ কাৰাদণ্ডৰ ৰায় স্থগিত ৰখাৰ নিৰ্দেশ দিয়াৰ পিছতে কংগ্ৰেছে যেন পুনৰ আন এক শক্তি লাভ কৰিছে। কংগ্ৰেছৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত পুনৰ আৰম্ভ হ’ব ভাৰত জোড়ো  যাত্ৰাৰ দ্বিতীয় অংশ। ভাৰত জোড়ো  যাত্ৰা ০.২ এইবেলি পাছিঘাটৰ পৰা আৰম্ভ হ’ব পাৰে বুলি সূত্ৰটোৱে কয়। 

এই বেলিৰ ভাৰত জোড়ো  যাত্ৰাত অসমৰ দুটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলেও প্ৰত্যভাবে যোগদান কৰা উচিৎ বুলি বিভিন্ন জনে মন্তব্য কৰিছে। সমগ্ৰ দেশজুৰি ভাৰত জোড়ো  যাত্ৰালৈ বিভিন্ন দল-সংগঠনে সমৰ্থন দিছিল। অসমতো বিজেপি বিৰোধী শক্তি হিচাবে ৰাইজৰ দল আৰু অজাপই ভাৰত জোড়ো  যাত্ৰা ০.২ত যোগদান কৰিলে অসমত ভিতৰি চলি থকা প্ৰতিষ্ঠান বিৰোধী ঢৌ অধিক শক্তিশালী হ’ব বুলি বহুতে অনুমান কৰিছে। উল্লেখ্য ভাৰত জোড়ো  যাত্ৰাৰ ১০০ দিন উপলক্ষে কংগ্ৰেছে  জয়পুৰত কংগ্ৰেছে আয়োজন কৰিছিল  এক বিশেষ অনুষ্ঠান। 

সেই অনুষ্ঠানত বহু ক্ষেত্ৰৰ লোকে অংশগ্ৰহণ কৰিছিল। এক কথাত ভাৰত জোড়ো  যাত্ৰা কেৱল কংগ্ৰেছৰ যাত্ৰা হৈ থকা নাছিল। এইবাৰো তাৰ হয়তো ব্যতিক্ৰম নঘটিব বুলি বহুতে মন্তব্য কৰিছে।  চলিত বৰ্ষৰ ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা 'ভাৰত জোড়ো যাত্ৰা' আৰম্ভ হৈছিল আৰু তামিলনাডু, কেৰালা, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তেলেংগানা, মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশকে ধৰি দেশৰ কেইবাখনো ৰাজ্য এই   যাত্ৰাই অতিক্ৰম কৰিছিল।  কংগ্ৰেছৰ এই যাত্ৰাই  অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল।যাত্ৰাৰ সময়ত ৰাইজৰ পৰা পোৱা সঁহাৰি আৰু প্ৰতিক্ৰিয়াই দেশত বিজেপিৰ অপশাসনৰ বিৰুদ্ধে বহুতকে সংগঠিত কৰাত সহায় কৰা বুলিও অনেকে মন্তব্য কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস