--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বতত চলিত বৰ্ষৰ ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো  যাত্ৰাই সমগ্ৰ দেশতে ব্যাপক সঁহাৰি লাভ কৰিছিল। ভাৰত জোড়ো  যাত্ৰাৰ পিছতে ৰাহুল গান্ধীৰ বাবে আহিছিল এটা বেয়া খবৰ। ২০১৯ চনৰে মোদী উপাধি বিতৰ্কৰ গোচৰত চুৰাটৰ এখন আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহে। 

ইয়াৰ পিছতে কৰ্তন হয় তেওঁৰ সাংসদ পদ। কিন্তু শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীৰ দুবছৰৰ কাৰাদণ্ডৰ ৰায় স্থগিত ৰখাৰ নিৰ্দেশ দিয়াৰ পিছতে কংগ্ৰেছে যেন পুনৰ আন এক শক্তি লাভ কৰিছে। কংগ্ৰেছৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত পুনৰ আৰম্ভ হ’ব ভাৰত জোড়ো  যাত্ৰাৰ দ্বিতীয় অংশ। ভাৰত জোড়ো  যাত্ৰা ০.২ এইবেলি পাছিঘাটৰ পৰা আৰম্ভ হ’ব পাৰে বুলি সূত্ৰটোৱে কয়। 

এই বেলিৰ ভাৰত জোড়ো  যাত্ৰাত অসমৰ দুটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলেও প্ৰত্যভাবে যোগদান কৰা উচিৎ বুলি বিভিন্ন জনে মন্তব্য কৰিছে। সমগ্ৰ দেশজুৰি ভাৰত জোড়ো  যাত্ৰালৈ বিভিন্ন দল-সংগঠনে সমৰ্থন দিছিল। অসমতো বিজেপি বিৰোধী শক্তি হিচাবে ৰাইজৰ দল আৰু অজাপই ভাৰত জোড়ো  যাত্ৰা ০.২ত যোগদান কৰিলে অসমত ভিতৰি চলি থকা প্ৰতিষ্ঠান বিৰোধী ঢৌ অধিক শক্তিশালী হ’ব বুলি বহুতে অনুমান কৰিছে। উল্লেখ্য ভাৰত জোড়ো  যাত্ৰাৰ ১০০ দিন উপলক্ষে কংগ্ৰেছে  জয়পুৰত কংগ্ৰেছে আয়োজন কৰিছিল  এক বিশেষ অনুষ্ঠান। 

সেই অনুষ্ঠানত বহু ক্ষেত্ৰৰ লোকে অংশগ্ৰহণ কৰিছিল। এক কথাত ভাৰত জোড়ো  যাত্ৰা কেৱল কংগ্ৰেছৰ যাত্ৰা হৈ থকা নাছিল। এইবাৰো তাৰ হয়তো ব্যতিক্ৰম নঘটিব বুলি বহুতে মন্তব্য কৰিছে।  চলিত বৰ্ষৰ ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা 'ভাৰত জোড়ো যাত্ৰা' আৰম্ভ হৈছিল আৰু তামিলনাডু, কেৰালা, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তেলেংগানা, মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশকে ধৰি দেশৰ কেইবাখনো ৰাজ্য এই   যাত্ৰাই অতিক্ৰম কৰিছিল।  কংগ্ৰেছৰ এই যাত্ৰাই  অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল।যাত্ৰাৰ সময়ত ৰাইজৰ পৰা পোৱা সঁহাৰি আৰু প্ৰতিক্ৰিয়াই দেশত বিজেপিৰ অপশাসনৰ বিৰুদ্ধে বহুতকে সংগঠিত কৰাত সহায় কৰা বুলিও অনেকে মন্তব্য কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়