--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বাৰাণসী জিলাত দেওবাৰে তৃতীয় দিনাৰ পৰাই ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে জ্ঞানবাপী চৌহদত প্ৰত্নতাত্ত্বিক জৰীপৰ কাম আৰম্ভ কৰে। ইফালে মুছলমান পক্ষই এই সমীক্ষা সন্দৰ্ভত ভুৱা বাতৰি প্ৰচাৰ হোৱাৰ অভিযোগ তুলি প্ৰক্ৰিয়াৰ পৰা পৃথক হোৱাৰ বাবে সকীয়াই দিয়ে।

চৰকাৰী অধিবক্তা ৰাজেশ মিশ্ৰই কয়, ‘এ এছ আইয়ে দেওবাৰৰ পৰা একেৰাহে তৃতীয় দিনৰ বাবে জৰীপৰ কাম আৰম্ভ কৰে। পুৱা আঠ বজাত জ্ঞানবাপী চৌহদত প্ৰৱেশ কৰে জৰীপকাৰী দলটো। সন্ধিয়া ৫ বজালৈকে চলিব জৰীপৰ কাম। দুপৰীয়া দুঘণ্টাৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতি থাকিব।"

হিন্দু পক্ষৰ অধিবক্তা সুধীৰ ত্ৰিপাঠীয়ে জৰীপৰ বাবে চৌহদত প্ৰৱেশ কৰাৰ পূৰ্বে সাংবাদিকৰ আগত কয় যে তৃতীয় দিনাৰ পৰা জৰীপৰ কাম আৰম্ভ হৈছে। তেওঁ কয় যে শনিবাৰে এই সমীক্ষাৰ বাবে ডিজিপিএছকে ধৰি বহু মেচিন ব্যৱহাৰ কৰা হৈছিল আৰু দেওবাৰে ৰাডাৰ ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে। ত্ৰিপাঠীৰ মতে, এই পৰ্যন্ত কৰা সমীক্ষাত হিন্দু আৰু মুছলমান দুয়োটা পক্ষ সন্তুষ্ট।

ইফালে, জ্ঞানবাপী মছজিদৰ ৰক্ষণাবেক্ষণকাৰী অঞ্জুমান ইণ্টেজামিয়া মছজিদ কমিটীৰ যুটীয়া সম্পাদক চৈয়দ মহম্মদ ইয়াছিনে কয় যে এই সমীক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত দ্বিতীয় দিনা মুছলমান পক্ষই সমীক্ষাত অংশগ্ৰহণ কৰিছিল আৰু আজিও ইয়াৰ অধিবক্তাসকল সমীক্ষাত উপস্থিত আছে , কিন্তু সমীক্ষাৰ বিষয়ে যি ধৰণৰ ভিত্তিহীন কথা প্ৰচাৰ কৰা হৈছে, যদি সেইবোৰ বন্ধ নহয়, তেন্তে মুছলমান পক্ষই পুনৰ জৰীপ বৰ্জন কৰিব পাৰে।

ইয়াছিনে অভিযোগ কৰে যে শনিবাৰে কৰা সমীক্ষাৰ সময়ত সংবাদ মাধ্যমৰ এটা অংশই মছজিদৰ ভিতৰৰ বেছমেণ্টত মূৰ্তি, ত্ৰিশূল আৰু কলহ উদ্ধাৰ হোৱা বুলি উৰাবাতৰি প্ৰচাৰ কৰিছিল, যাৰ ফলত মুছলমান সমাজখনক আঘাত হানিছিল।তেওঁ কয় যে যদি এনে লুতুৰি-পুতুৰি ৰোধ কৰা নহয়, তেন্তে মুছলমান পক্ষই হয়তো পুনৰবাৰ এই সমীক্ষা বৰ্জন কৰিব।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে জ্ঞানবাপী মছজিদ কমপ্লেক্সৰ এ এছ আই জৰীপ স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে। ইয়াৰ পূৰ্বে একে দাবী সন্দৰ্ভত মুছলমান পক্ষই দাখিল কৰা আবেদন উচ্চ ন্যায়ালয়ে নাকচ কৰাৰ পাছত শুকুৰবাৰৰ পৰা কেম্পাছত জৰীপৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। জৰীপৰ প্ৰথম দিনাই মুছলমান পক্ষই জৰীপ বৰ্জন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়