--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বাৰাণসী জিলাত দেওবাৰে তৃতীয় দিনাৰ পৰাই ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে জ্ঞানবাপী চৌহদত প্ৰত্নতাত্ত্বিক জৰীপৰ কাম আৰম্ভ কৰে। ইফালে মুছলমান পক্ষই এই সমীক্ষা সন্দৰ্ভত ভুৱা বাতৰি প্ৰচাৰ হোৱাৰ অভিযোগ তুলি প্ৰক্ৰিয়াৰ পৰা পৃথক হোৱাৰ বাবে সকীয়াই দিয়ে।

চৰকাৰী অধিবক্তা ৰাজেশ মিশ্ৰই কয়, ‘এ এছ আইয়ে দেওবাৰৰ পৰা একেৰাহে তৃতীয় দিনৰ বাবে জৰীপৰ কাম আৰম্ভ কৰে। পুৱা আঠ বজাত জ্ঞানবাপী চৌহদত প্ৰৱেশ কৰে জৰীপকাৰী দলটো। সন্ধিয়া ৫ বজালৈকে চলিব জৰীপৰ কাম। দুপৰীয়া দুঘণ্টাৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতি থাকিব।"

হিন্দু পক্ষৰ অধিবক্তা সুধীৰ ত্ৰিপাঠীয়ে জৰীপৰ বাবে চৌহদত প্ৰৱেশ কৰাৰ পূৰ্বে সাংবাদিকৰ আগত কয় যে তৃতীয় দিনাৰ পৰা জৰীপৰ কাম আৰম্ভ হৈছে। তেওঁ কয় যে শনিবাৰে এই সমীক্ষাৰ বাবে ডিজিপিএছকে ধৰি বহু মেচিন ব্যৱহাৰ কৰা হৈছিল আৰু দেওবাৰে ৰাডাৰ ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে। ত্ৰিপাঠীৰ মতে, এই পৰ্যন্ত কৰা সমীক্ষাত হিন্দু আৰু মুছলমান দুয়োটা পক্ষ সন্তুষ্ট।

ইফালে, জ্ঞানবাপী মছজিদৰ ৰক্ষণাবেক্ষণকাৰী অঞ্জুমান ইণ্টেজামিয়া মছজিদ কমিটীৰ যুটীয়া সম্পাদক চৈয়দ মহম্মদ ইয়াছিনে কয় যে এই সমীক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত দ্বিতীয় দিনা মুছলমান পক্ষই সমীক্ষাত অংশগ্ৰহণ কৰিছিল আৰু আজিও ইয়াৰ অধিবক্তাসকল সমীক্ষাত উপস্থিত আছে , কিন্তু সমীক্ষাৰ বিষয়ে যি ধৰণৰ ভিত্তিহীন কথা প্ৰচাৰ কৰা হৈছে, যদি সেইবোৰ বন্ধ নহয়, তেন্তে মুছলমান পক্ষই পুনৰ জৰীপ বৰ্জন কৰিব পাৰে।

ইয়াছিনে অভিযোগ কৰে যে শনিবাৰে কৰা সমীক্ষাৰ সময়ত সংবাদ মাধ্যমৰ এটা অংশই মছজিদৰ ভিতৰৰ বেছমেণ্টত মূৰ্তি, ত্ৰিশূল আৰু কলহ উদ্ধাৰ হোৱা বুলি উৰাবাতৰি প্ৰচাৰ কৰিছিল, যাৰ ফলত মুছলমান সমাজখনক আঘাত হানিছিল।তেওঁ কয় যে যদি এনে লুতুৰি-পুতুৰি ৰোধ কৰা নহয়, তেন্তে মুছলমান পক্ষই হয়তো পুনৰবাৰ এই সমীক্ষা বৰ্জন কৰিব।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে জ্ঞানবাপী মছজিদ কমপ্লেক্সৰ এ এছ আই জৰীপ স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে। ইয়াৰ পূৰ্বে একে দাবী সন্দৰ্ভত মুছলমান পক্ষই দাখিল কৰা আবেদন উচ্চ ন্যায়ালয়ে নাকচ কৰাৰ পাছত শুকুৰবাৰৰ পৰা কেম্পাছত জৰীপৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। জৰীপৰ প্ৰথম দিনাই মুছলমান পক্ষই জৰীপ বৰ্জন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস