--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত বাধাহীনভাবে বৃদ্ধি পাইছে সামগ্ৰীৰ মূল্য। এনে পৰিস্থিতিলৈ লক্ষ্য কৰিলে ভাব হয় যেন দেশত চৰকাৰ বুলি এতিয়া একোৱেই নাই। মূল্যবৃদ্ধিৰ জুইত পুৰি চটফটাই থকা দেশবাসীক দেখিও যেন চৰকাৰৰ বৰমূৰীয়াসকলে নেদেখাৰ ভাও জুৰিছে। শেহতীয়া মাহবোৰত পাকঘৰৰ বাজেট খন বিশাল হৈ গৈ আছে। চৰকাৰী তথ্য অনুসৰি, মাহজাতীয় শস্য, চাউল আৰু ময়দা এবছৰত ৩০ শতাংশ লৈকে বৃদ্ধি হৈছে। ইফালে, দেশৰ কিছু অংশত বিলাহীৰ দামে  প্ৰতি কিলোগ্ৰামত ২৫০ টকা অতিক্ৰম কৰিছে। যদিও আলুৰ মূল্য সামান্য হ্ৰাস পাইছে, অহা মাহৰ পৰা পিয়াজৰ মূল্য বৃদ্ধি হ'ব পাৰে।

সংসদত এক প্ৰশ্নৰ উত্তৰত উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে যে আলুৰ বাহিৰে, বেছিভাগ খাদ্য সামগ্ৰী ব্যয়বহুল হৈ পৰিছে। ইয়াৰ ভিতৰত আছে ৰহৰ দাইল-মুগ দাইল, চাউল, চেনী, গাখীৰ, চীনা বাদামৰ তেল আৰু ময়দা।উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি  যোৱা এবছৰত আলু ১২ শতাংশ  সস্তা হৈছে, কিন্তু পিয়াজ ৫ শতাংশ  অধিক ব্যয়বহুল হৈ পৰিছে। বিলাহীৰ পিছত পাকঘৰৰ বাজেট গধুৰ কৰাত ৰহৰ দাইলে বিশেষ ভূমিকা লৈছে। ৰহৰ দাইল ১ বছৰত ৩১  জুলাইলৈকে ৩০ শতাংশ  ব্যয়বহুল হৈ পৰিছে।

ক্ৰিচিলৰ মতে  যোগান হ্ৰাস হোৱাৰ বাবে ছেপ্টেম্বৰৰ আৰম্ভণিতে পিঁয়াজ প্ৰতি কিলোগ্ৰামত ৬০-৭০  টকা হ'ব পাৰে। বৰ্তমান পিঁয়াজ  প্ৰতি কিলোগ্ৰামত ২৫-৩০ টকাত বিক্ৰী কৰা হৈছে। ক্ৰিচিলে কয় যে  মহাৰাষ্ট্ৰৰ দৰে পিঁয়াজৰ  মুখ্য উৎপাদক ৰাজ্যবোৰত হোৱা ধাৰাসাৰ  বৰষুণৰ বাবেই পিঁয়াজৰ মূল্য আকাশলংঘী হ’ব পাৰে। 

উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ে কৈছেযে ৰহৰ  দাইলৰ মূল্য বৃদ্ধিৰ মুখ্য কাৰণ হৈছে ঘৰুৱা উৎপাদন হ্ৰাস। যোৱা বছৰ ৪.২২  নিযুত টন ৰহৰ দাইল উৎপাদন  হৈছিল। এই বছৰ ৩.৪৩  নিযুত টনলৈ হ্ৰাস হ'ব বুলি অনুমান কৰা হৈছে। তথ্য অনুসৰি এমাহৰ ভিতৰতে ১০ টকালৈ বৃদ্ধি পালে চাউলৰ দাম । এমাহতেই ৩২ টকীয়া চাউলৰ দাম বাঢ়ি ৪২ টকা হল, ৰহৰ দাইলৰ কেজিত একেবাৰে বাঢ়িল ৪০ টকা যিয়ে বৰ্তমান তোলপাৰ লগাই আছে ,১১০ টকাৰ ঠাইত ১৫০ টকা হল ৰহৰ দাইলৰ দাম ।  ২৪০ টকা কেজি জিৰাৰ দাম এতিয়া হল ৭০০ টকা  , শুকান জলকীয়াৰ দাম ২৮০ , হালধীৰ দাম বাঢ়িল ১৬০ টকালৈ লগতে বাঢ়িল মিঠাতেলৰ ৫ টকাকৈ আৰু চেনিৰো ২ টকাকৈ বাঢ়িছে দাম । ইমানৰ পিছতো দাম বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা নাই কোনো পদক্ষেপ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়