--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত বাধাহীনভাবে বৃদ্ধি পাইছে সামগ্ৰীৰ মূল্য। এনে পৰিস্থিতিলৈ লক্ষ্য কৰিলে ভাব হয় যেন দেশত চৰকাৰ বুলি এতিয়া একোৱেই নাই। মূল্যবৃদ্ধিৰ জুইত পুৰি চটফটাই থকা দেশবাসীক দেখিও যেন চৰকাৰৰ বৰমূৰীয়াসকলে নেদেখাৰ ভাও জুৰিছে। শেহতীয়া মাহবোৰত পাকঘৰৰ বাজেট খন বিশাল হৈ গৈ আছে। চৰকাৰী তথ্য অনুসৰি, মাহজাতীয় শস্য, চাউল আৰু ময়দা এবছৰত ৩০ শতাংশ লৈকে বৃদ্ধি হৈছে। ইফালে, দেশৰ কিছু অংশত বিলাহীৰ দামে  প্ৰতি কিলোগ্ৰামত ২৫০ টকা অতিক্ৰম কৰিছে। যদিও আলুৰ মূল্য সামান্য হ্ৰাস পাইছে, অহা মাহৰ পৰা পিয়াজৰ মূল্য বৃদ্ধি হ'ব পাৰে।

সংসদত এক প্ৰশ্নৰ উত্তৰত উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে যে আলুৰ বাহিৰে, বেছিভাগ খাদ্য সামগ্ৰী ব্যয়বহুল হৈ পৰিছে। ইয়াৰ ভিতৰত আছে ৰহৰ দাইল-মুগ দাইল, চাউল, চেনী, গাখীৰ, চীনা বাদামৰ তেল আৰু ময়দা।উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি  যোৱা এবছৰত আলু ১২ শতাংশ  সস্তা হৈছে, কিন্তু পিয়াজ ৫ শতাংশ  অধিক ব্যয়বহুল হৈ পৰিছে। বিলাহীৰ পিছত পাকঘৰৰ বাজেট গধুৰ কৰাত ৰহৰ দাইলে বিশেষ ভূমিকা লৈছে। ৰহৰ দাইল ১ বছৰত ৩১  জুলাইলৈকে ৩০ শতাংশ  ব্যয়বহুল হৈ পৰিছে।

ক্ৰিচিলৰ মতে  যোগান হ্ৰাস হোৱাৰ বাবে ছেপ্টেম্বৰৰ আৰম্ভণিতে পিঁয়াজ প্ৰতি কিলোগ্ৰামত ৬০-৭০  টকা হ'ব পাৰে। বৰ্তমান পিঁয়াজ  প্ৰতি কিলোগ্ৰামত ২৫-৩০ টকাত বিক্ৰী কৰা হৈছে। ক্ৰিচিলে কয় যে  মহাৰাষ্ট্ৰৰ দৰে পিঁয়াজৰ  মুখ্য উৎপাদক ৰাজ্যবোৰত হোৱা ধাৰাসাৰ  বৰষুণৰ বাবেই পিঁয়াজৰ মূল্য আকাশলংঘী হ’ব পাৰে। 

উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ে কৈছেযে ৰহৰ  দাইলৰ মূল্য বৃদ্ধিৰ মুখ্য কাৰণ হৈছে ঘৰুৱা উৎপাদন হ্ৰাস। যোৱা বছৰ ৪.২২  নিযুত টন ৰহৰ দাইল উৎপাদন  হৈছিল। এই বছৰ ৩.৪৩  নিযুত টনলৈ হ্ৰাস হ'ব বুলি অনুমান কৰা হৈছে। তথ্য অনুসৰি এমাহৰ ভিতৰতে ১০ টকালৈ বৃদ্ধি পালে চাউলৰ দাম । এমাহতেই ৩২ টকীয়া চাউলৰ দাম বাঢ়ি ৪২ টকা হল, ৰহৰ দাইলৰ কেজিত একেবাৰে বাঢ়িল ৪০ টকা যিয়ে বৰ্তমান তোলপাৰ লগাই আছে ,১১০ টকাৰ ঠাইত ১৫০ টকা হল ৰহৰ দাইলৰ দাম ।  ২৪০ টকা কেজি জিৰাৰ দাম এতিয়া হল ৭০০ টকা  , শুকান জলকীয়াৰ দাম ২৮০ , হালধীৰ দাম বাঢ়িল ১৬০ টকালৈ লগতে বাঢ়িল মিঠাতেলৰ ৫ টকাকৈ আৰু চেনিৰো ২ টকাকৈ বাঢ়িছে দাম । ইমানৰ পিছতো দাম বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা নাই কোনো পদক্ষেপ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস