--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ জীৱনশৈলী আজিকালি সলনি হৈছে। বহু কামৰ বাবে আমাৰ সময় নাই। গেলামালৰ বজাৰ কৰাকে ধৰি যিকোনো বজাৰ কৰাটো এই ব্যস্ত জীৱনত একাংশৰ বাবে এক ক্লান্তিকৰ কাম হৈ পৰিছে। এনে পৰিস্থিতিত মানুহৰ বাবে অনলাইনত সামগ্ৰী ক্ৰয় কৰাটো এটা উত্তম বিকল্প হৈ পৰিছে। 

প্ৰায়ে এনেকুৱা হয় যে আমি চুপাৰ মাৰ্কেটৰ পৰা কিছুমান সামগ্ৰী অৰ্ডাৰ দিওঁ। যেতিয়া ডেলিভাৰী আহে তেতিয়া আমি দেখো যে অৰ্ডাৰ কৰা বস্তুটোৰ ঠাইত বেলেগ কিবা এটাহে আহিছে। তেতিয়া এনে পৰিস্থিতিত কেনে ধৰণৰ টেনচন হয়, সেইটো শব্দৰে সংজ্ঞায়িত কৰিব নোৱাৰি।

এতিয়া কল্পনা কৰক যে আপুনি অনলাইন গেলামালৰ দোকানৰ পৰা গাখীৰ অৰ্ডাৰ দিছে, কিন্তু যেতিয়া ডেলিভাৰী আহিব আৰু গাখীৰৰ সলনি আপুনি প্ৰস্ৰাৱ দেখিব, তেতিয়া আপোনাৰ কেনেকুৱা লাগিব? আপুনি অনুভৱ কৰা বিতৃষ্ণাক শব্দৰে সংজ্ঞায়িত কৰিব নোৱাৰি। বাস্তৱতে এনে এক ঘটনা সংঘটিত হৈছে।

মৰিছনৰ এজন গ্ৰাহকে তেওঁৰ গেলামালৰ অৰ্ডাৰত গাখীৰৰ সলনি পালে আধা ভৰ্তি প্ৰস্ৰাৱৰ বটল এটা।  গ্ৰাহকজনে এই কথা টুইটাৰত সদৰী কৰি মৰিছনক টেগ কৰে।

এই বিষয়ত মৰিছনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মৰিছনছৰ এগৰাকী মুখপাত্ৰই কয় যে, “এই কাণ্ডৰ বিষয়ে জানি আমি অত্যন্ত হতাশ হৈছো আৰু গ্ৰাহকৰ সৈতে যোগাযোগ কৰি তেওঁৰ শ্বপিং অৰ্ডাৰৰ সম্পূৰ্ণ ধন ঘূৰাই দিছো।” লগতে তেওঁ কয় যে “এইটো সম্পূৰ্ণ অগ্ৰাহ্য আৰু যিয়েই নহওক কিয় আমি সম্পূৰ্ণ তদন্ত কৰি আছো।”

বিষয়টোৱে মাইক্ৰ’ ব্লগিং ৱেবছাইটত বিতৰ্কৰ ৰূপ লৈছে আৰু এনে সেৱাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

গ্ৰাহকজনৰ ঘৰলৈ গাখীৰৰ সলনি কেনেকৈ প্ৰস্ৰাৱৰ বটল আহিল তাক লৈ তদন্ত চলি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ