--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ জীৱনশৈলী আজিকালি সলনি হৈছে। বহু কামৰ বাবে আমাৰ সময় নাই। গেলামালৰ বজাৰ কৰাকে ধৰি যিকোনো বজাৰ কৰাটো এই ব্যস্ত জীৱনত একাংশৰ বাবে এক ক্লান্তিকৰ কাম হৈ পৰিছে। এনে পৰিস্থিতিত মানুহৰ বাবে অনলাইনত সামগ্ৰী ক্ৰয় কৰাটো এটা উত্তম বিকল্প হৈ পৰিছে। 

প্ৰায়ে এনেকুৱা হয় যে আমি চুপাৰ মাৰ্কেটৰ পৰা কিছুমান সামগ্ৰী অৰ্ডাৰ দিওঁ। যেতিয়া ডেলিভাৰী আহে তেতিয়া আমি দেখো যে অৰ্ডাৰ কৰা বস্তুটোৰ ঠাইত বেলেগ কিবা এটাহে আহিছে। তেতিয়া এনে পৰিস্থিতিত কেনে ধৰণৰ টেনচন হয়, সেইটো শব্দৰে সংজ্ঞায়িত কৰিব নোৱাৰি।

এতিয়া কল্পনা কৰক যে আপুনি অনলাইন গেলামালৰ দোকানৰ পৰা গাখীৰ অৰ্ডাৰ দিছে, কিন্তু যেতিয়া ডেলিভাৰী আহিব আৰু গাখীৰৰ সলনি আপুনি প্ৰস্ৰাৱ দেখিব, তেতিয়া আপোনাৰ কেনেকুৱা লাগিব? আপুনি অনুভৱ কৰা বিতৃষ্ণাক শব্দৰে সংজ্ঞায়িত কৰিব নোৱাৰি। বাস্তৱতে এনে এক ঘটনা সংঘটিত হৈছে।

মৰিছনৰ এজন গ্ৰাহকে তেওঁৰ গেলামালৰ অৰ্ডাৰত গাখীৰৰ সলনি পালে আধা ভৰ্তি প্ৰস্ৰাৱৰ বটল এটা।  গ্ৰাহকজনে এই কথা টুইটাৰত সদৰী কৰি মৰিছনক টেগ কৰে।

এই বিষয়ত মৰিছনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মৰিছনছৰ এগৰাকী মুখপাত্ৰই কয় যে, “এই কাণ্ডৰ বিষয়ে জানি আমি অত্যন্ত হতাশ হৈছো আৰু গ্ৰাহকৰ সৈতে যোগাযোগ কৰি তেওঁৰ শ্বপিং অৰ্ডাৰৰ সম্পূৰ্ণ ধন ঘূৰাই দিছো।” লগতে তেওঁ কয় যে “এইটো সম্পূৰ্ণ অগ্ৰাহ্য আৰু যিয়েই নহওক কিয় আমি সম্পূৰ্ণ তদন্ত কৰি আছো।”

বিষয়টোৱে মাইক্ৰ’ ব্লগিং ৱেবছাইটত বিতৰ্কৰ ৰূপ লৈছে আৰু এনে সেৱাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

গ্ৰাহকজনৰ ঘৰলৈ গাখীৰৰ সলনি কেনেকৈ প্ৰস্ৰাৱৰ বটল আহিল তাক লৈ তদন্ত চলি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে