--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে নাৰী নিৰ্যাতনক কেন্দ্ৰ কৰি খবৰ ওলোৱা দেখা যায়। দেশৰ মহিলাৰ সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰে বিভিন্ন আইন প্ৰকৰণ কৰিলেও প্ৰতিদিনে বৃদ্ধি পাই অহা অনাকাংক্ষিত কাৰ্যকলাপত হিংসাৰ উদ্বেগ বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে, উত্তৰ প্ৰদেশৰ এটা ঘটনাই হতচকিত কৰি তুলিছে সকলোকে। দেশত এতিয়া কেৱল মানুহেই নহয়, জীৱ-জন্তুও যে সুৰক্ষিত নহয় উত্তৰ প্ৰদেশৰ শেহতীয়া ঘটনাই যেন প্ৰমাণ কৰি দিলে। ৰাজ্যৰ ৰাজধানী লক্ষ্ণৌত এজন ব্যক্তিয়ে গাই গৰুক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে। সম্প্ৰতি অঞ্চলটোত এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, এই জঘন্য অপৰাধটো ২৩ এপ্ৰিলত সংঘটিত হৈছিল। মানুহজনক তেওঁৰ চুবুৰীয়া জীতেন্দ্ৰ যাদৱে গাই গৰুটোৰ সৈতে আপত্তিজনক অৱস্থাত দেখা পাইছিল। তাৰ পিছতেই লাগে হুৱাদুৱা। পৰৱৰ্তী সময়ত চিচিটিভি ফুটেজ পৰীক্ষা কৰা হয়। অভিযুক্তজনে গৰুটোৰ সৈতে কেনেদৰে অশালীন আচৰণ কৰিছিল সেয়া বন্দী হৈছিল চিচি টিভিত।  এজন ব্যক্তিয়ে এনে আচৰণ কেনেদৰে কৰিব পাৰে তাকে লৈ ক্ষোভিত পৰিছে সাধাৰণ জনতা।

বুধবাৰে এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত লক্ষ্ণৌৰ সৰোজিনী নগৰৰ এছএইচঅ' সন্তোষ কুমাৰ আৰ্যই কয় যে, অভিযুক্তজনক এনে অনাকাংক্ষিত অৱস্থাত দেখা পোৱাৰ পিছত অঞ্চলটোত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছিল।  ঘটনাৰ সম্ভেদ পোৱাৰ পাছত অভিযুক্তজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ বিৰুদ্ধে একাধিক ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।’

জীৱ-জন্তুৰ প্ৰতি এনে যৌন আচৰণক এতিয়া ঘৃণাৰ দৃষ্টিৰে চাইছে মনোবিজ্ঞানী আৰু সমাজবিজ্ঞানীসকলে। মানুহৰ প্ৰবৃত্তিৰ এনে চৰম অৱনতি দেখি স্বাভাৱিকতে বিস্মিত সচেতন মহল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল