--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে নাৰী নিৰ্যাতনক কেন্দ্ৰ কৰি খবৰ ওলোৱা দেখা যায়। দেশৰ মহিলাৰ সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰে বিভিন্ন আইন প্ৰকৰণ কৰিলেও প্ৰতিদিনে বৃদ্ধি পাই অহা অনাকাংক্ষিত কাৰ্যকলাপত হিংসাৰ উদ্বেগ বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে, উত্তৰ প্ৰদেশৰ এটা ঘটনাই হতচকিত কৰি তুলিছে সকলোকে। দেশত এতিয়া কেৱল মানুহেই নহয়, জীৱ-জন্তুও যে সুৰক্ষিত নহয় উত্তৰ প্ৰদেশৰ শেহতীয়া ঘটনাই যেন প্ৰমাণ কৰি দিলে। ৰাজ্যৰ ৰাজধানী লক্ষ্ণৌত এজন ব্যক্তিয়ে গাই গৰুক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে। সম্প্ৰতি অঞ্চলটোত এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, এই জঘন্য অপৰাধটো ২৩ এপ্ৰিলত সংঘটিত হৈছিল। মানুহজনক তেওঁৰ চুবুৰীয়া জীতেন্দ্ৰ যাদৱে গাই গৰুটোৰ সৈতে আপত্তিজনক অৱস্থাত দেখা পাইছিল। তাৰ পিছতেই লাগে হুৱাদুৱা। পৰৱৰ্তী সময়ত চিচিটিভি ফুটেজ পৰীক্ষা কৰা হয়। অভিযুক্তজনে গৰুটোৰ সৈতে কেনেদৰে অশালীন আচৰণ কৰিছিল সেয়া বন্দী হৈছিল চিচি টিভিত।  এজন ব্যক্তিয়ে এনে আচৰণ কেনেদৰে কৰিব পাৰে তাকে লৈ ক্ষোভিত পৰিছে সাধাৰণ জনতা।

বুধবাৰে এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত লক্ষ্ণৌৰ সৰোজিনী নগৰৰ এছএইচঅ' সন্তোষ কুমাৰ আৰ্যই কয় যে, অভিযুক্তজনক এনে অনাকাংক্ষিত অৱস্থাত দেখা পোৱাৰ পিছত অঞ্চলটোত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছিল।  ঘটনাৰ সম্ভেদ পোৱাৰ পাছত অভিযুক্তজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ বিৰুদ্ধে একাধিক ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।’

জীৱ-জন্তুৰ প্ৰতি এনে যৌন আচৰণক এতিয়া ঘৃণাৰ দৃষ্টিৰে চাইছে মনোবিজ্ঞানী আৰু সমাজবিজ্ঞানীসকলে। মানুহৰ প্ৰবৃত্তিৰ এনে চৰম অৱনতি দেখি স্বাভাৱিকতে বিস্মিত সচেতন মহল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ