--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছিকিমত পথ দুৰ্ঘটনাত আহত ১৩ ভাৰতীয় জোৱান। বায়ু সেনাৰ হেলিকপ্টাৰেৰে উদ্ধাৰ। ছিকিমত সংঘটিত ভূস্খলন আৰু প্ৰতিকূল বতৰৰ মাজতে পথ দুৰ্ঘটনাত আহত ১৩ গৰাকী ভাৰতীয় সেনা জোৱানক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ভাৰতীয় বায়ু সেনাই।

ছিকিমৰ পাহাৰীয়া অঞ্চলত আৱদ্ধ হৈ থকা জোৱান কেইগৰাকীক বায়ু সেনাৰ হেলিকপ্টাৰেৰে সুকলমে উদ্ধাৰ কৰে সেনাই। এই তথ্য টুইটযোগে সদৰী কৰি ভাৰতীয় বায়ু সেনাই কয় যে ১৪ হাজাৰ ফুট উচ্চতাত থকা অঞ্চলটোৰ পৰা সেনা জোৱানসকল সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে।

উল্লেখ্য যে, বুধবাৰে উত্তৰ ছিকিমৰ দুৰ্গম পাহাৰীয়া অঞ্চলত পথ দুৰ্ঘটনাত পতিত হৈছিল সেনা জোৱান কেইজন। এই খবৰ লাভ কৰাৰ পিছতে বায়ু সেনাই হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান চলায়।

কিন্তু প্ৰতিকূল বতৰ আৰু ভূস্খলনৰ বাবে উদ্ধাৰ অভিযানত কিছু পলম হয়। ইয়াৰ মাজতো উদ্ধাৰ অভিযান চলি থাকে। অৱশেষত সুৰক্ষিত অৱস্থাত ভাৰতীয় সেনা জোৱানকেইগৰাকীক উদ্ধাৰ কৰা ঘটনাত সকলোৱে স্বস্তিৰ নিঃশ্বাস পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী