--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছিকিমত পথ দুৰ্ঘটনাত আহত ১৩ ভাৰতীয় জোৱান। বায়ু সেনাৰ হেলিকপ্টাৰেৰে উদ্ধাৰ। ছিকিমত সংঘটিত ভূস্খলন আৰু প্ৰতিকূল বতৰৰ মাজতে পথ দুৰ্ঘটনাত আহত ১৩ গৰাকী ভাৰতীয় সেনা জোৱানক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ভাৰতীয় বায়ু সেনাই।

ছিকিমৰ পাহাৰীয়া অঞ্চলত আৱদ্ধ হৈ থকা জোৱান কেইগৰাকীক বায়ু সেনাৰ হেলিকপ্টাৰেৰে সুকলমে উদ্ধাৰ কৰে সেনাই। এই তথ্য টুইটযোগে সদৰী কৰি ভাৰতীয় বায়ু সেনাই কয় যে ১৪ হাজাৰ ফুট উচ্চতাত থকা অঞ্চলটোৰ পৰা সেনা জোৱানসকল সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে।

উল্লেখ্য যে, বুধবাৰে উত্তৰ ছিকিমৰ দুৰ্গম পাহাৰীয়া অঞ্চলত পথ দুৰ্ঘটনাত পতিত হৈছিল সেনা জোৱান কেইজন। এই খবৰ লাভ কৰাৰ পিছতে বায়ু সেনাই হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান চলায়।

কিন্তু প্ৰতিকূল বতৰ আৰু ভূস্খলনৰ বাবে উদ্ধাৰ অভিযানত কিছু পলম হয়। ইয়াৰ মাজতো উদ্ধাৰ অভিযান চলি থাকে। অৱশেষত সুৰক্ষিত অৱস্থাত ভাৰতীয় সেনা জোৱানকেইগৰাকীক উদ্ধাৰ কৰা ঘটনাত সকলোৱে স্বস্তিৰ নিঃশ্বাস পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে