--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ওড়িশাৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ খবৰ।  অসহায়তাৰ বাবেই এগৰাকী বৃদ্ধা মহিলাৰ সন্মুখত থিয় হৈ আছে বিপদৰ পাহাৰ, সেয়ে তেওঁ কেইবা কিলোমিটাৰ খালী ভৰিৰে গৰম ৰ’দত যাত্ৰা কৰিবলগীয়া হয়। ৭০ বছৰীয়া বৃদ্ধাগৰাকীয়ে খালী ভৰিৰে কেইবা কিলোমিটাৰ খোজ কাঢ়ি যোৱাৰ ভিডিঅ' বৰ্তমান ভাইৰেল হৈ পৰিছে। 

আচলতে মহিলাগৰাকীয়ে পেঞ্চনৰ বাবেই এই সকলোবোৰ সমস্যা  সহ্য কৰিব লগা হয়। ঘৰৰ পৰা কেইবা কিলোমিটাৰ দূৰত আছে তেওঁৰ নিদিষ্ট বেংকটো, বেংকলৈ যাবলৈ ভঙা চকীখনেই মহিলাগৰাকীৰ একমাত্ৰ সহায়। ভঙা চকী এখনৰ সহায় লৈ কেইবা কিলোমিটাৰ খালী ভৰিৰে খোজ কাঢ়িব লগা হৈছে এই উৎকট ৰ’দত। এই চাঞ্চল্যকৰ ভিডিঅ’টো ১৭ এপ্ৰিলৰ। 

তথ্য অনুসৰি সমগ্ৰ বিষয়টো ওড়িশাৰ নবাৰংপুৰ জিলাৰ ঝাৰিগাঁও ব্লকৰ সৈতে জড়িত। সূৰ্য্য হৰিজন নামৰ এগৰাকী বৃদ্ধা বৰ দৰিদ্ৰ। তেওঁৰ ডাঙৰ পুত্ৰই আন এখন ৰাজ্যত প্ৰব্ৰজিত শ্ৰমিক হিচাপে কাম কৰি আছে। সৰু ল’ৰাৰ পৰিয়ালৰ লগত আনৰ গৰু চৰাই কোনোমতে জীৱন নিৰ্বাহ কৰি আছে। পৰিয়ালটোৰ খেতি কৰিবলৈ মাটি নাই আৰু এটা জুপুৰীত থাকে। এনে পৰিস্থিতিত বেংকলৈ যাবলৈ বৃদ্ধাগৰাকীৰ একমাত্ৰ তেওঁৰ একমাত্ৰ সাৰথি আছিল কেৱল এখন ভঙা চকী।

সূৰ্য হৰিজন নামৰ ৭০ বছৰীয়া মহিলাগৰাকীয়ে বেংকৰ পৰা পেঞ্চন সংগ্ৰহৰ বাবে কেইবা কিলোমিটাৰ খালী ভৰিৰে খোজ কাঢ়ি থকা দেখা গৈছিল। খবৰ অনুসৰি মহিলাগৰাকীয়ে পেঞ্চন সংগ্ৰহ কৰিবলৈ বেংকলৈ গৈছিল। ইফালে তেওঁৰ আঙুলিৰ ছাপ বেংকৰ ৰেকৰ্ডৰ সৈতে মিল নাই বুলি বেংকত কোৱা হৈছিল, আৰু সেয়ে তেওঁ ঘৰলৈ উভতি যাবলৈ বাধ্য হৈছিল।

অৱশ্যে এই ঘটনা সন্দৰ্ভত বেংকৰ মেনেজাৰে কয় যে তেওঁৰ ‘ভঙা আঙুলি’ৰ বাবেহে ধন উলিয়াবলৈ অসুবিধাৰ সন্মুখীন হৈছে। মেনেজাৰে কয় যে বেংকে এই সমস্যা সমাধানৰ বাবে কাম কৰি আছে। বৰ্তমান মহিলাগৰাকীক বেংকৰ পৰা হাতেৰে ৩ হাজাৰ টকা দিয়া হৈছে। বেংকৰ মেনেজাৰে ক’লে যে আমি অতি সোনকালে সমস্যাটো সমাধান কৰিম।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে