--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ওড়িশাৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ খবৰ।  অসহায়তাৰ বাবেই এগৰাকী বৃদ্ধা মহিলাৰ সন্মুখত থিয় হৈ আছে বিপদৰ পাহাৰ, সেয়ে তেওঁ কেইবা কিলোমিটাৰ খালী ভৰিৰে গৰম ৰ’দত যাত্ৰা কৰিবলগীয়া হয়। ৭০ বছৰীয়া বৃদ্ধাগৰাকীয়ে খালী ভৰিৰে কেইবা কিলোমিটাৰ খোজ কাঢ়ি যোৱাৰ ভিডিঅ' বৰ্তমান ভাইৰেল হৈ পৰিছে। 

আচলতে মহিলাগৰাকীয়ে পেঞ্চনৰ বাবেই এই সকলোবোৰ সমস্যা  সহ্য কৰিব লগা হয়। ঘৰৰ পৰা কেইবা কিলোমিটাৰ দূৰত আছে তেওঁৰ নিদিষ্ট বেংকটো, বেংকলৈ যাবলৈ ভঙা চকীখনেই মহিলাগৰাকীৰ একমাত্ৰ সহায়। ভঙা চকী এখনৰ সহায় লৈ কেইবা কিলোমিটাৰ খালী ভৰিৰে খোজ কাঢ়িব লগা হৈছে এই উৎকট ৰ’দত। এই চাঞ্চল্যকৰ ভিডিঅ’টো ১৭ এপ্ৰিলৰ। 

তথ্য অনুসৰি সমগ্ৰ বিষয়টো ওড়িশাৰ নবাৰংপুৰ জিলাৰ ঝাৰিগাঁও ব্লকৰ সৈতে জড়িত। সূৰ্য্য হৰিজন নামৰ এগৰাকী বৃদ্ধা বৰ দৰিদ্ৰ। তেওঁৰ ডাঙৰ পুত্ৰই আন এখন ৰাজ্যত প্ৰব্ৰজিত শ্ৰমিক হিচাপে কাম কৰি আছে। সৰু ল’ৰাৰ পৰিয়ালৰ লগত আনৰ গৰু চৰাই কোনোমতে জীৱন নিৰ্বাহ কৰি আছে। পৰিয়ালটোৰ খেতি কৰিবলৈ মাটি নাই আৰু এটা জুপুৰীত থাকে। এনে পৰিস্থিতিত বেংকলৈ যাবলৈ বৃদ্ধাগৰাকীৰ একমাত্ৰ তেওঁৰ একমাত্ৰ সাৰথি আছিল কেৱল এখন ভঙা চকী।

সূৰ্য হৰিজন নামৰ ৭০ বছৰীয়া মহিলাগৰাকীয়ে বেংকৰ পৰা পেঞ্চন সংগ্ৰহৰ বাবে কেইবা কিলোমিটাৰ খালী ভৰিৰে খোজ কাঢ়ি থকা দেখা গৈছিল। খবৰ অনুসৰি মহিলাগৰাকীয়ে পেঞ্চন সংগ্ৰহ কৰিবলৈ বেংকলৈ গৈছিল। ইফালে তেওঁৰ আঙুলিৰ ছাপ বেংকৰ ৰেকৰ্ডৰ সৈতে মিল নাই বুলি বেংকত কোৱা হৈছিল, আৰু সেয়ে তেওঁ ঘৰলৈ উভতি যাবলৈ বাধ্য হৈছিল।

অৱশ্যে এই ঘটনা সন্দৰ্ভত বেংকৰ মেনেজাৰে কয় যে তেওঁৰ ‘ভঙা আঙুলি’ৰ বাবেহে ধন উলিয়াবলৈ অসুবিধাৰ সন্মুখীন হৈছে। মেনেজাৰে কয় যে বেংকে এই সমস্যা সমাধানৰ বাবে কাম কৰি আছে। বৰ্তমান মহিলাগৰাকীক বেংকৰ পৰা হাতেৰে ৩ হাজাৰ টকা দিয়া হৈছে। বেংকৰ মেনেজাৰে ক’লে যে আমি অতি সোনকালে সমস্যাটো সমাধান কৰিম।










FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা