--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষ! বহু সভ্যতাৰ উত্থান আৰু পতনৰ সাক্ষী  ভাৰতীয় ইতিহাস৷ভাৰতত সময়ৰ বিকাশৰ লগে লগে পৰিৱৰ্তন হৈছে সমাজৰ৷আজিৰ ভাৰতীয় সমাজত দেখিবলৈ পোৱা যায় বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুক৷যিসকলে বৰ্তমান সময়ত বহু সম্পত্তি ব্যৱসায় বা অনুদানৰ জৰিয়তে আহৰণ কৰিছে৷জানো আহক ভাৰতৰ দহজন ধনৱান বাবাৰ বিষয়ে সবিশেষ- 


০১/ বাবা নিত্যানন্দ- সমগ্ৰ বিশ্বতে মন্দিৰ, গুৰুকুল, আশ্ৰম থকা নিত্যানন্দ ধ্যানপীতম স্বামী নিত্যানন্দই প্ৰতিষ্ঠা কৰিছিল।নিত্যানন্দৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১০ হাজাৰ কোটি টকা বুলি ধাৰণা কৰা হৈছে।

০২/আশাৰাম বাপু- আশাৰাম বাপুৰ দ্বাৰা পৰিচালিত বিশ্বজুৰি ৩৫০ খন আশ্ৰম। ইয়াৰ উপৰিও তেওঁৰ ১৭ হাজাৰ বাল সংস্কাৰ কেন্দ্ৰ আছে। ২০২১ চনলৈকে আশাৰাম ট্ৰাষ্টৰ বাৰ্ষিক ৰাজহ আছিল প্ৰায় ৩৫০ কোটি টকা।

০৩/বাবা ৰামদেৱ- বাবা ৰামদেৱ পতঞ্জলি আয়ুৰ্বেদ লিমিটেডৰ সহ-প্ৰতিষ্ঠাপক৷ আয়ুৰ্বেদ, ব্যৱসায়,আৰু কৃষিৰ ক্ষেত্ৰত সুপৰিচিত ভাৰতীয় যোগশিক্ষক বাবা ৰামদেৱ। ১৯৯৫ চনত তেওঁ দিব্য যোগ মন্দিৰ ট্ৰাষ্ট প্ৰতিষ্ঠা কৰে।২০২২ চনলৈকে বাবা ৰামদেৱৰ আনুমানিক সম্পত্তিৰ পৰিমাণ আছিল ১৬০০ কোটি টকাৰ ওপৰত।

০৪/শ্ৰী শ্ৰী ৰবিশংকৰ- ভাৰতীয় গুৰু শ্ৰী শ্ৰী ৰবিশংকৰে ১৯৮১ চনত আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰিছিল, আৰু এতিয়া ইয়াৰ ১৫১ খন ৰাষ্ট্ৰৰ আনুমানিক ৩০ কোটি অনুগামীৰ আৰু লক্ষাধিক দাতা আছে। শ্ৰী শ্ৰী ৰবিশংকৰৰ আৰ্ট অৱ লিভিং কেন্দ্ৰ, স্বাস্থ্যসেৱাৰ সুবিধা, ফাৰ্মাচী আদিৰ হিচাপ অনুসৰি মূল্য ১০০০ কোটি টকা বুলি অনুমান কৰা হৈছে।

০৫/মাতা অমৃতানন্দময়ী- কেৰেলা হিন্দু গুৰু তথা মানৱতাবাদী মাতা অমৃতান্দময়ীৰ জন্মস্থান। ১৯৫৩ চনৰ ২৭ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা তেখেতৰ নাম আম্মা। অমৃতানন্দময়ী ট্ৰাষ্টৰ দায়িত্বত আছে মাতা অমৃতানন্দময়ী৷তেওঁৰ মুঠ সম্পত্তি ১৫০০ কোটি টকা।

০৬/সদ্‌গুৰু জাগী বাসুদেৱ- সদ্‌গুৰুৱে বিশ্বজুৰি যোগাসনৰ কাৰ্যসূচী আগবঢ়োৱা এন পি অ’ ঈশা ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰিছিল। ২০১৭ চনৰ ১৩ এপ্ৰিলত সদ্‌গুৰুক প্ৰণৱ মুখাৰ্জীয়ে পদ্ম বিভূষণ বঁটা প্ৰদান কৰে।সদ্‌গুৰুৰ আনুমানিক সম্পত্তিৰ পৰিমাণ ১৮ কোটি টকা।

০৭/অৱধূত বাবা শিৱানন্দজী মহাৰাজ- অৱধূত বাবা শিৱানন্দজী মহাৰাজ অলাভজনক সংস্থা শিৱযোগৰ প্ৰতিষ্ঠাপক হোৱাৰ লগতে এজন আধ্যাত্মিক গুৰু। মহাৰাজৰ আনুমানিক সম্পত্তিৰ পৰিমাণ ৪৩ কোটি টকা।

০৮/গুৰমীত ৰাম ৰহিম সিং - ভাৰতৰ অন্যতম ধনী আধ্যাত্মিক গুৰু আছিল ৰাম ৰহিম। তেওঁৰ আনুমানিক সম্পত্তিৰ পৰিমাণ ১৪৫৫ কোটি টকা।

০৯/পল ধীনকৰণ বাবা- পল ধীনকৰণ ভাৰতীয় খ্ৰীষ্টানসকলৰ এজন শ্ৰদ্ধাৰ নেতা। পলৰ মুঠ সম্পত্তিৰ মূল্য ৪৬ মিলিয়ন ডলাৰ। তেওঁ কৰুণিয়া ইনষ্টিটিউট অৱ টেকন'লজি এণ্ড ছায়েন্সৰ (KITS) চ্যান্সেলৰ। 

১০/আচাৰ্য বালকৃষ্ণ- পতঞ্জলি আয়ুৰ্বেদৰ স্বতাধিকাৰী আচাৰ্য বালকৃষ্ণ, আচাৰ্য বালাকৃষ্ণৰ ওচৰত কোম্পানীৰ ৯৭% ষ্টক আছে, যাৰ মূল্য ১.৬ লাখ কোটি টকাতকৈও অধিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement