--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইম্ফলৰ ৰাজনীতিবিদ তথা খিলঞ্জীয়া মৰ্চাৰ উপদেষ্টা মেইটেই নেতা জগত থৌদামৰ বিৰুদ্ধে দেশদ্ৰোহৰ  গোচৰ ৰুজু হৈছে।  মন্ত্ৰীপুখৰীস্থিত অসম ৰাইফলছ ইউনিটে মণিপুৰত চলি থকা সংঘাতত ইন্ধন যোগোৱা কিছু স্তম্ভ লিখনি প্ৰকাশ কৰাৰ বাবে এই গোচৰ তৰিছে।

দ্য হিন্দুৰ এক প্ৰতিবেদন অনুসৰি, যোৱা ৩১ মে’ত দ্য ফ্ৰন্টিয়াৰ মণিপুৰ কাকত আৰু বিভিন্ন নিউজ পৰ্টেলত প্ৰকাশিত এটা স্তম্ভত ম্যানমাৰত ভিত্তি থকা “কুকি সন্ত্ৰাসবাদী সংগঠন”ক অসম ৰাইফলছে সুৰক্ষা প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰিছিল।

ইম্ফল পশ্চিম আৰক্ষী থানাই দেশদ্ৰোহ আৰু বিভিন্ন গোটৰ মাজত শত্ৰুতা জগাই তোলাৰ সৈতে সম্পৰ্কিত ভাৰতীয় দণ্ডবিধিৰ ১২৪ এ আৰু ১৫৩ এ ধাৰাত থৌডামৰ বিৰুদ্ধে ১২জুনত এফআইআৰ পঞ্জীয়ন কৰিছিল। মন্ত্ৰীপুখৰীৰ অসম ৰাইফলছ (দক্ষিণ)ৰ মুখ্য কাৰ্যালয়ৰ মহাপৰিদৰ্শকে এই এজাহাৰ দাখিল কৰে।

যোৱা ৩ মে’ত মণিপুৰত সংঘটিত হোৱা জনগোষ্ঠীয় হিংসাৰ পৰিপ্ৰেক্ষিতত কেইবাটাও মেইটেই গোটে কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰৰ অভিযান স্থগিত ৰখা কুকি বিদ্ৰোহী গোটক সহায় কৰা বুলি দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে