--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইম্ফলৰ ৰাজনীতিবিদ তথা খিলঞ্জীয়া মৰ্চাৰ উপদেষ্টা মেইটেই নেতা জগত থৌদামৰ বিৰুদ্ধে দেশদ্ৰোহৰ  গোচৰ ৰুজু হৈছে।  মন্ত্ৰীপুখৰীস্থিত অসম ৰাইফলছ ইউনিটে মণিপুৰত চলি থকা সংঘাতত ইন্ধন যোগোৱা কিছু স্তম্ভ লিখনি প্ৰকাশ কৰাৰ বাবে এই গোচৰ তৰিছে।

দ্য হিন্দুৰ এক প্ৰতিবেদন অনুসৰি, যোৱা ৩১ মে’ত দ্য ফ্ৰন্টিয়াৰ মণিপুৰ কাকত আৰু বিভিন্ন নিউজ পৰ্টেলত প্ৰকাশিত এটা স্তম্ভত ম্যানমাৰত ভিত্তি থকা “কুকি সন্ত্ৰাসবাদী সংগঠন”ক অসম ৰাইফলছে সুৰক্ষা প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰিছিল।

ইম্ফল পশ্চিম আৰক্ষী থানাই দেশদ্ৰোহ আৰু বিভিন্ন গোটৰ মাজত শত্ৰুতা জগাই তোলাৰ সৈতে সম্পৰ্কিত ভাৰতীয় দণ্ডবিধিৰ ১২৪ এ আৰু ১৫৩ এ ধাৰাত থৌডামৰ বিৰুদ্ধে ১২জুনত এফআইআৰ পঞ্জীয়ন কৰিছিল। মন্ত্ৰীপুখৰীৰ অসম ৰাইফলছ (দক্ষিণ)ৰ মুখ্য কাৰ্যালয়ৰ মহাপৰিদৰ্শকে এই এজাহাৰ দাখিল কৰে।

যোৱা ৩ মে’ত মণিপুৰত সংঘটিত হোৱা জনগোষ্ঠীয় হিংসাৰ পৰিপ্ৰেক্ষিতত কেইবাটাও মেইটেই গোটে কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰৰ অভিযান স্থগিত ৰখা কুকি বিদ্ৰোহী গোটক সহায় কৰা বুলি দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান