--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথমে বেটিং কৰি ভাৰতে ইন্দোৰত অনুষ্ঠিত দ্বিতীয় এদিনীয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩৯৯ ৰান সংগ্ৰহ কৰে। ভাৰতীয় বেটছমেনে ১৮টা ছয় মাৰে। ফলস্বৰূপে ভাৰতে এক নজিৰ গঢ়ি তুলিছে। এদিনীয়া ক্ৰিকেটত ৩,০০০ ছয় কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হ’ল ভাৰত।

ইন্দোৰত ৫ জন ভাৰতীয় বেটছমেনে ছয় মাৰে। তালিকাত শীৰ্ষস্থান দখল কৰে সূৰ্যকুমাৰ যাদৱ। তেওঁৰ বেটৰ পৰা ছয়টা ছয় আহিল। শুবমান গিলে চাৰিটা ছয় মাৰে। শ্ৰেয়াছ আয়েৰ আৰু লোকেশ ৰাহুলে তিনিটাকৈ ছয় মাৰে। বাকী দুটা ছয় আহিছিল ঈশান কিষাণৰ বেটৰ পৰা। এই ১৮টা ছয়ৰ ফলত ভাৰতে ৩০০০ ছয়ত উপনীত হ’ল।

এটা ইনিংছত সৰ্বাধিক ছয় মাৰিবলৈ ভাৰতক আৰু দুটা ছয়ৰ প্ৰয়োজন হৈছিল। ভাৰতীয় বেটছমেনে ২০১৩ চনত বাংগালুৰুত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰু ২০২৩ চনত ইন্দোৰত নিউজিলেণ্ডৰ বিৰুদ্ধে ১৯টাকৈ ছয় মাৰে। ২০০৭ চনত প’ৰ্ট অৱ স্পেইনত বাৰ্মুডাৰ বিৰুদ্ধে আৰু ২০০৯ চনত ক্ৰাইষ্টচাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় ইনিংছত ১৮টা ছয় দেখা গৈছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ