--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ জিলিকিছে টীম ইণ্ডিয়া৷এছিয়ান গেমছ ২০২৩ৰ মহিলা ক্ৰিকেটৰ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতীয় মহিলা দলটোৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই সকলোৰে সমাদৰ বুটলিবলৈ সক্ষম হয়। এই মেচখনত প্ৰথম বেটিং কৰি টীম ইণ্ডিয়াই ২০ অভাৰত ৭টা উইকেট হেৰুৱাই মাত্ৰ ১১৬ ৰানহে কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছত ভাৰতীয় বলাৰসকলৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ভাৰতে ২০ অভাৰত শ্ৰীলংকাক ৯৭ ৰানত সীমাবদ্ধ ৰাখি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। ১৮ বছৰীয়া তিতাছ সাধু-এ ভাৰতৰ হৈ বলিংত সৰ্বাধিক ৩টা উইকেট দখল কৰে। আনহাতে ৰাজেশ্বৰী গাইকোৱাডে ২টা উইকেট দখল কৰে। টিম ইণ্ডিয়াৰ বেটিঙত জেমিমা ৰড্ৰিগেজে ৪২ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ আৰু স্মৃতি মান্ধনাই ৪৬ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছৰ অৰিহণা যোগায়।

অধিনায়ক চামাৰী আটাপট্টুৰ সৈতে অনুষ্কা সঞ্জীৱনীয়ে খেলপথাৰলৈ আহি মেচখনত শ্ৰীলংকাৰ হৈ ইনিংছ মুকলি কৰে। অধিনায়ক আটাপাট্টুৱে ইনিংছৰ প্ৰথম অভাৰত ১২ ৰান সংগ্ৰহ কৰি দলটোক দ্ৰুত আৰম্ভণি দিবলৈ চেষ্টা কৰে। ইয়াৰ পাছত ভাৰতৰ হৈ ইনিংছৰ তৃতীয় অভাৰত বলিং কৰিবলৈ অহা ১৮ বছৰীয়া বেগী বলাৰ তিতাছ সাধুৱে প্ৰথমটো বলত অনুষ্কা সঞ্জীৱনীৰ উইকেট দখল কৰে৷





একেটা অভাৰৰ চতুর্থ বলত শ্রীলংকাক দ্বিতীয়টো আঘাত দিয়ে তিতাছ সাধুৱে বিষ্মী গুণৰত্নেক শূন্য স্ক’ৰতে আঘাত কৰি৷ দ্ৰুত একেৰাহে ২টা উইকেট হেৰুৱাই শ্ৰীলংকাৰ দলটোৰ ওপৰত চাপ বাঢ়ি গৈছিল। দ্বিতীয় অভাৰত তিতাছে শ্ৰীলংকাৰ দলটোক আটাইতকৈ ডাঙৰ আঘাত দি শ্ৰীলংকাৰ অধিনায়ক চামাৰী আটাপাট্টুক ১২ ৰান সংগ্ৰহ কৰিয়ে পেভিলিয়নলৈ প্ৰেৰণ কৰে। প্ৰথম ৬ অভাৰত শ্ৰীলংকাৰ দলটোৱে ৩টা উইকেট হেৰুৱাই মাত্ৰ ২৮ ৰানহে কৰিবলৈ সক্ষম হয়।

শ্ৰীলংকাৰ এই ইনিংছটো হাচিনি পেৰেৰা আৰু ডি ছিলভাই চম্ভালিবলৈ চেষ্টা কৰিছিল আৰু চতুৰ্থ উইকেটৰ বাবে তেওঁলোকৰ মাজত ৩৩টা বলত ৩৬ ৰানৰ অংশীদাৰিত্ব দেখা গৈছিল। ভাৰতীয় স্পিনাৰ ৰাজেশ্বৰী গাইকোৱাডে ৫০ ৰাণ সংগ্ৰহ কৰি হাচিনি পেৰেৰাৰ ৰূপত শ্ৰীলংকাৰ দলটোক চতুৰ্থটো মোক্ষম আঘাত দিয়ে।ভাৰতৰ হৈ বলিঙত তিতাছ সাধুৱে ৩টা উইকেট দখল কৰাৰ বিপৰীতে ৰাজেশ্বৰী গাইকোৱাডে ২টা উইকেট দখল কৰাৰ বিপৰীতে দীপ্তি শৰ্মা, দেৱীকা বৈদ্য আৰু পূজা বাষ্ট্ৰকাৰে ১টাকৈ উইকেট দখল কৰে।

এই মেচখনত যদি ভাৰতীয় দলৰ বেটিং প্ৰদৰ্শনৰ কথা উল্লেখ কৰো, তেন্তে বেটৰ সৈতে উৎকৃষ্ট প্ৰদৰ্শন জেমিমাহ ৰড্ৰিগেজ আৰু স্মৃতি মান্ধনাৰ পৰা দেখা গ’ল। এই মেচখনত জেমিমাই ৪০টা বলত ৪২ ৰানৰ ইনিংছ খেলিছিল। আনহাতে স্মৃতি মান্ধনাই ৪৫টা বলত ৪৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ