--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ জিলিকিছে টীম ইণ্ডিয়া৷এছিয়ান গেমছ ২০২৩ৰ মহিলা ক্ৰিকেটৰ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতীয় মহিলা দলটোৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই সকলোৰে সমাদৰ বুটলিবলৈ সক্ষম হয়। এই মেচখনত প্ৰথম বেটিং কৰি টীম ইণ্ডিয়াই ২০ অভাৰত ৭টা উইকেট হেৰুৱাই মাত্ৰ ১১৬ ৰানহে কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছত ভাৰতীয় বলাৰসকলৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ভাৰতে ২০ অভাৰত শ্ৰীলংকাক ৯৭ ৰানত সীমাবদ্ধ ৰাখি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। ১৮ বছৰীয়া তিতাছ সাধু-এ ভাৰতৰ হৈ বলিংত সৰ্বাধিক ৩টা উইকেট দখল কৰে। আনহাতে ৰাজেশ্বৰী গাইকোৱাডে ২টা উইকেট দখল কৰে। টিম ইণ্ডিয়াৰ বেটিঙত জেমিমা ৰড্ৰিগেজে ৪২ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ আৰু স্মৃতি মান্ধনাই ৪৬ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছৰ অৰিহণা যোগায়।

অধিনায়ক চামাৰী আটাপট্টুৰ সৈতে অনুষ্কা সঞ্জীৱনীয়ে খেলপথাৰলৈ আহি মেচখনত শ্ৰীলংকাৰ হৈ ইনিংছ মুকলি কৰে। অধিনায়ক আটাপাট্টুৱে ইনিংছৰ প্ৰথম অভাৰত ১২ ৰান সংগ্ৰহ কৰি দলটোক দ্ৰুত আৰম্ভণি দিবলৈ চেষ্টা কৰে। ইয়াৰ পাছত ভাৰতৰ হৈ ইনিংছৰ তৃতীয় অভাৰত বলিং কৰিবলৈ অহা ১৮ বছৰীয়া বেগী বলাৰ তিতাছ সাধুৱে প্ৰথমটো বলত অনুষ্কা সঞ্জীৱনীৰ উইকেট দখল কৰে৷





একেটা অভাৰৰ চতুর্থ বলত শ্রীলংকাক দ্বিতীয়টো আঘাত দিয়ে তিতাছ সাধুৱে বিষ্মী গুণৰত্নেক শূন্য স্ক’ৰতে আঘাত কৰি৷ দ্ৰুত একেৰাহে ২টা উইকেট হেৰুৱাই শ্ৰীলংকাৰ দলটোৰ ওপৰত চাপ বাঢ়ি গৈছিল। দ্বিতীয় অভাৰত তিতাছে শ্ৰীলংকাৰ দলটোক আটাইতকৈ ডাঙৰ আঘাত দি শ্ৰীলংকাৰ অধিনায়ক চামাৰী আটাপাট্টুক ১২ ৰান সংগ্ৰহ কৰিয়ে পেভিলিয়নলৈ প্ৰেৰণ কৰে। প্ৰথম ৬ অভাৰত শ্ৰীলংকাৰ দলটোৱে ৩টা উইকেট হেৰুৱাই মাত্ৰ ২৮ ৰানহে কৰিবলৈ সক্ষম হয়।

শ্ৰীলংকাৰ এই ইনিংছটো হাচিনি পেৰেৰা আৰু ডি ছিলভাই চম্ভালিবলৈ চেষ্টা কৰিছিল আৰু চতুৰ্থ উইকেটৰ বাবে তেওঁলোকৰ মাজত ৩৩টা বলত ৩৬ ৰানৰ অংশীদাৰিত্ব দেখা গৈছিল। ভাৰতীয় স্পিনাৰ ৰাজেশ্বৰী গাইকোৱাডে ৫০ ৰাণ সংগ্ৰহ কৰি হাচিনি পেৰেৰাৰ ৰূপত শ্ৰীলংকাৰ দলটোক চতুৰ্থটো মোক্ষম আঘাত দিয়ে।ভাৰতৰ হৈ বলিঙত তিতাছ সাধুৱে ৩টা উইকেট দখল কৰাৰ বিপৰীতে ৰাজেশ্বৰী গাইকোৱাডে ২টা উইকেট দখল কৰাৰ বিপৰীতে দীপ্তি শৰ্মা, দেৱীকা বৈদ্য আৰু পূজা বাষ্ট্ৰকাৰে ১টাকৈ উইকেট দখল কৰে।

এই মেচখনত যদি ভাৰতীয় দলৰ বেটিং প্ৰদৰ্শনৰ কথা উল্লেখ কৰো, তেন্তে বেটৰ সৈতে উৎকৃষ্ট প্ৰদৰ্শন জেমিমাহ ৰড্ৰিগেজ আৰু স্মৃতি মান্ধনাৰ পৰা দেখা গ’ল। এই মেচখনত জেমিমাই ৪০টা বলত ৪২ ৰানৰ ইনিংছ খেলিছিল। আনহাতে স্মৃতি মান্ধনাই ৪৫টা বলত ৪৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু