--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰপেটাৰ হোলী উৎসৱৰ ভেটিত নিৰ্মিত ‘ফাগু খেলে কৰুণাময়’ নামৰ তথ্যচিত্ৰখন দশম আন্তৰ্জাতিক চলচ্ছিত্ৰ মহোৎসৱ ছিমলালৈ নিৰ্বাচিত হৈছে৷ আগষ্ট মাহৰ ১৬ তাৰিখৰ পৰা ১৮ তাৰিখলৈ এই মহোৎসৱ অনুষ্ঠিত হ’ব৷ 

ছবিখনৰ পৰিচালক উৎপল দত্ত আৰু প্ৰযোজক প্ৰফেচৰ বন্দনা দত্ত৷ ছবিখনৰ কেমেৰাৰ কাম দীপজ্যোতি ডেকাৰ, ধাৰাভাষ্য আৰু সংগীত পৰিচালনা তৰালি শৰ্মাৰ আৰু সম্পাদনা ৰক্তিম ৰঞ্জন বসুমতাৰীৰ৷ ছবিখন নিবেদন কৰিছে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ হিউমেনিটিজ এণ্ড ছছিয়েল চায়েন্স বিভাগে৷ 

বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগে অধ্যয়নৰ অংগ হিচাপে কৰা বিভিন্ন গৱেষণামূলক আৰু ক্ষেত্ৰভিত্তিক অধ্যয়ণৰ অংগ হিচাপে তথ্যৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা ব্যবস্থা আছে৷ সেই ব্যৱস্থাক অলপ বহল ৰূপ দি তথ্যচিত্ৰ নিৰ্মাণৰ কাম কৰা হৈছে৷ বিশ্ববিদ্যালয়খনে ইতিমধ্যে মাজুলীৰ সত্ৰীয়া, ওজাপালি, দেৱদাসী নৃত্য, মহিলাই পৰিবেশন কৰা নাম আদি বিষয়ৰ কেইবাখনো তথ্যচিত্ৰ প্ৰস্তুত কৰিছে৷ 

গবেষণামূলক এই তথ্যচিত্ৰবোৰ বিশ্ববিদ্যালয়ৰ পুথিভড়ালত সংৰক্ষিত আছে আৰু আগ্ৰহী দৰ্শকে চোৱাৰ ব্যবস্থাও ৰখা হৈছে৷ ‘অসমৰ লুপ্ত হৈ যাব ধৰা সাংস্কৃতিক সম্পদবোৰৰ বিষয়ে গবেষণা কৰি সেইবোৰক অবিকৃত ৰূপত ধৰি ৰাখি সংৰক্ষণ কৰাই এই প্ৰচেষ্টাৰ মূল আদৰ্শ’- প্ৰফেচৰ বন্দনা দত্তই তথ্যচিত্ৰ নিৰ্মাণৰ উদ্দেশ্যৰ কথা বাখ্যা কৰি এনেদৰে কয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু