--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰপেটাৰ হোলী উৎসৱৰ ভেটিত নিৰ্মিত ‘ফাগু খেলে কৰুণাময়’ নামৰ তথ্যচিত্ৰখন দশম আন্তৰ্জাতিক চলচ্ছিত্ৰ মহোৎসৱ ছিমলালৈ নিৰ্বাচিত হৈছে৷ আগষ্ট মাহৰ ১৬ তাৰিখৰ পৰা ১৮ তাৰিখলৈ এই মহোৎসৱ অনুষ্ঠিত হ’ব৷ 

ছবিখনৰ পৰিচালক উৎপল দত্ত আৰু প্ৰযোজক প্ৰফেচৰ বন্দনা দত্ত৷ ছবিখনৰ কেমেৰাৰ কাম দীপজ্যোতি ডেকাৰ, ধাৰাভাষ্য আৰু সংগীত পৰিচালনা তৰালি শৰ্মাৰ আৰু সম্পাদনা ৰক্তিম ৰঞ্জন বসুমতাৰীৰ৷ ছবিখন নিবেদন কৰিছে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ হিউমেনিটিজ এণ্ড ছছিয়েল চায়েন্স বিভাগে৷ 

বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগে অধ্যয়নৰ অংগ হিচাপে কৰা বিভিন্ন গৱেষণামূলক আৰু ক্ষেত্ৰভিত্তিক অধ্যয়ণৰ অংগ হিচাপে তথ্যৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা ব্যবস্থা আছে৷ সেই ব্যৱস্থাক অলপ বহল ৰূপ দি তথ্যচিত্ৰ নিৰ্মাণৰ কাম কৰা হৈছে৷ বিশ্ববিদ্যালয়খনে ইতিমধ্যে মাজুলীৰ সত্ৰীয়া, ওজাপালি, দেৱদাসী নৃত্য, মহিলাই পৰিবেশন কৰা নাম আদি বিষয়ৰ কেইবাখনো তথ্যচিত্ৰ প্ৰস্তুত কৰিছে৷ 

গবেষণামূলক এই তথ্যচিত্ৰবোৰ বিশ্ববিদ্যালয়ৰ পুথিভড়ালত সংৰক্ষিত আছে আৰু আগ্ৰহী দৰ্শকে চোৱাৰ ব্যবস্থাও ৰখা হৈছে৷ ‘অসমৰ লুপ্ত হৈ যাব ধৰা সাংস্কৃতিক সম্পদবোৰৰ বিষয়ে গবেষণা কৰি সেইবোৰক অবিকৃত ৰূপত ধৰি ৰাখি সংৰক্ষণ কৰাই এই প্ৰচেষ্টাৰ মূল আদৰ্শ’- প্ৰফেচৰ বন্দনা দত্তই তথ্যচিত্ৰ নিৰ্মাণৰ উদ্দেশ্যৰ কথা বাখ্যা কৰি এনেদৰে কয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ