--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৮ বছৰ বয়সত সুস্মিতা সেনক বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা হিচাপে স্বীকৃত কৰা হয়। দেশক গৌৰৱান্বিত কৰিলে। কিন্তু সেই সময়ত সুস্মিতাৰ কেইবাটাও সাহসী পদক্ষেপৰ বাবে মানুহ সাজু নাছিল। আনকি সুস্মিতাৰ পিতৃ-মাতৃয়ে কন্যাক কোনো সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত ‘যৌন’ শব্দটো উচ্চাৰণ নকৰিবলৈও কৈছিল। ৰিয়া চক্ৰৱৰ্তীৰ প’ডকাষ্টত সেই সকলোবোৰ কথা উত্থাপন কৰিছিল অভিনেত্ৰীগৰাকীয়ে অতীত খান্দি।

ব্ৰহ্মমাণ্ডসুন্দৰী উপাধি লাভ কৰি বহু সংবাদ মাধ্যমৰ সাক্ষাৎকাৰ দিছিল সুস্মিতাই। মাত্ৰ ১৮ বছৰ বয়সতে সুষমিতাৰ সাক্ষাৎকাৰত যৌন সম্পৰ্কৰ কথা কোৱাটো মাক-দেউতাকে মানি ল’ব পৰা নাছিল। সুষমিতাই ক’লে, “মোৰ মা-দেউতা এদিন মোৰ লগত কথা পাতিবলৈ বহিল। তেওঁলোকে ক’লে, ‘আপোনাৰ কান্ধত এতিয়া বহুত দায়িত্ব আছে। গতিকে চিন্তা কৰক আৰু কথা কওক। ১৮ বছৰ বয়সত চেক্স শব্দটো উল্লেখ কৰাৰ প্ৰয়োজন কি? শোভা দেই তোমাৰ বিষয়ে বেয়া কথা লিখিছে'।"

ইয়াৰ পিছত শোভা দেৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ ইচ্ছাকৃতভাৱে ‘যৌন’ শব্দটো ব্যৱহাৰ কৰিছিল। সমাজৰ কু-সংস্কাৰ ভংগ কৰিবলৈ এই বিষয়টো আলোচনা কৰা বুলিও প্ৰাক্তন সৌন্দৰ্য্য ৰাণীয়ে কয়। তেওঁৰ ভাষাত, "সেই সময়ত আমি সঁচাকৈয়ে বহুত যুঁজিবলগীয়া হৈছিল।" আনকি অভিভাৱকেও ভাবিছিল যে মই ইমান স্পষ্টবাদী হোৱাৰ বাবেই ল'ৰা-ছোৱালীবোৰৰ ওপৰত বেয়া প্ৰভাৱ পৰিম।"

তেওঁ সদায় নিজৰ চৰ্তত জীয়াই থাকিবলৈ ভাল পায়। ২৪ বছৰ বয়সত তেওঁ এগৰাকী কন্যা সন্তানক দত্তক লয়। বৰ্তমান ৰেনে আৰু আলিছা নামৰ দুগৰাকী কন্যা সন্তানৰ মাতৃ। দুয়োকে অভিনেত্ৰীগৰাকীয়ে দত্তক লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ