--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেলিভিছন বা চিনেমাৰ জগতত তাৰকাসকলে প্ৰায়েই অশ্লীল প্ৰস্তাৱ লাভ কৰে। চিনেমাত অভিনয়ৰ সুযোগ দিয়াৰ চলেৰে তেওঁলোকক এইধৰণৰ প্ৰস্তাৱ দিয়া হয়। যোৱা কেইটামান দশকত বহু তাৰকাই নিজৰ ভয়ানক অভিজ্ঞতাৰ বিষয়ে সদৰী কৰিছে। শেহতীয়াকৈ দক্ষিণ ভাৰতৰ ‘লেডী ছুপাৰষ্টাৰ’ নয়নতৰাইও এই বিষয়ে বিস্ফোৰক ভাষ্য আগবঢ়াইছে।

তেওঁ কয় যে এখন ছবিত অভিনয় কৰিবলৈ তেওঁক অশ্লীল প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু তেওঁ সেই প্ৰস্তাৱ বিতৃষ্ণাত নাকচ কৰে।  এনেধৰণৰ প্ৰলোভনত ভৰি দিয়াতকৈ নিজৰ প্ৰতিভাৰ ওপৰত আস্থা ৰাখি আহিছে নয়নতৰাই। তেওঁৰ বিশ্বাস আছিল যে এদিন এই প্ৰতিভাৰেই তেওঁ সফলতা লাভ কৰিব।

বৰ্তমান কেৰিয়াৰৰ শিখৰত আছে নয়নতৰা। তথাপিতো অভিনয় কেৰিয়াৰৰ প্ৰথমৰ দিনসমূহৰ কথা ভাবিলে শিয়ৰি উঠে তেওঁ। তেওঁৰ দাবী, "মি টু আন্দোলন যিমানেই নহওক কিয়, কিছুমান চিনাকি মুখো আঁৰত একেই। তেওঁলোকৰ উদ্দেশ্য মহিলাক হাৰাশাস্তি কৰা। কাষ্টিং কাউচ এতিয়াও উদ্যোগটোত এটা ডাঙৰ সমস্যা।”

উল্লেখ্য যে শীঘ্ৰে শ্বাহৰুখ খানৰ সৈতে ‘জোৱান’ত অভিনেত্ৰীগৰাকীক দেখা যাব। ২০২১ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা ছবিখনৰ কাম আৰম্ভ হৈছিল যদিও মহামাৰীৰ বাবে  কাম ব্যাহত হৈছিল। পুনে, মুম্বাই, চেন্নাই আৰু হায়দৰাবাদৰ বিভিন্ন প্ৰান্তত শ্বুটিং চলি আছে। বাকী কাম ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ