--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেলিভিছন বা চিনেমাৰ জগতত তাৰকাসকলে প্ৰায়েই অশ্লীল প্ৰস্তাৱ লাভ কৰে। চিনেমাত অভিনয়ৰ সুযোগ দিয়াৰ চলেৰে তেওঁলোকক এইধৰণৰ প্ৰস্তাৱ দিয়া হয়। যোৱা কেইটামান দশকত বহু তাৰকাই নিজৰ ভয়ানক অভিজ্ঞতাৰ বিষয়ে সদৰী কৰিছে। শেহতীয়াকৈ দক্ষিণ ভাৰতৰ ‘লেডী ছুপাৰষ্টাৰ’ নয়নতৰাইও এই বিষয়ে বিস্ফোৰক ভাষ্য আগবঢ়াইছে।

তেওঁ কয় যে এখন ছবিত অভিনয় কৰিবলৈ তেওঁক অশ্লীল প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু তেওঁ সেই প্ৰস্তাৱ বিতৃষ্ণাত নাকচ কৰে।  এনেধৰণৰ প্ৰলোভনত ভৰি দিয়াতকৈ নিজৰ প্ৰতিভাৰ ওপৰত আস্থা ৰাখি আহিছে নয়নতৰাই। তেওঁৰ বিশ্বাস আছিল যে এদিন এই প্ৰতিভাৰেই তেওঁ সফলতা লাভ কৰিব।

বৰ্তমান কেৰিয়াৰৰ শিখৰত আছে নয়নতৰা। তথাপিতো অভিনয় কেৰিয়াৰৰ প্ৰথমৰ দিনসমূহৰ কথা ভাবিলে শিয়ৰি উঠে তেওঁ। তেওঁৰ দাবী, "মি টু আন্দোলন যিমানেই নহওক কিয়, কিছুমান চিনাকি মুখো আঁৰত একেই। তেওঁলোকৰ উদ্দেশ্য মহিলাক হাৰাশাস্তি কৰা। কাষ্টিং কাউচ এতিয়াও উদ্যোগটোত এটা ডাঙৰ সমস্যা।”

উল্লেখ্য যে শীঘ্ৰে শ্বাহৰুখ খানৰ সৈতে ‘জোৱান’ত অভিনেত্ৰীগৰাকীক দেখা যাব। ২০২১ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা ছবিখনৰ কাম আৰম্ভ হৈছিল যদিও মহামাৰীৰ বাবে  কাম ব্যাহত হৈছিল। পুনে, মুম্বাই, চেন্নাই আৰু হায়দৰাবাদৰ বিভিন্ন প্ৰান্তত শ্বুটিং চলি আছে। বাকী কাম ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে