--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বায়’পিক নিৰ্মাণ কৰা হ’ব পপ মিউজিকৰ সম্ৰাট মাইকেল জেকচনৰ ওপৰত। হলিউডৰ এই ছবিখনৰ নাম দিয়া হ’ব- ‘মাইকেল’। লায়ন্সগেটে নিৰ্মাণ কৰিবলৈ লোৱা এই ছবিখনত মাইকেল জেকচনৰ ভতিজাক জাফৰ জেকচনে পপসম্ৰাটগৰাকীৰ চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছে।

ছচিয়েল মিডিয়াত জাফাৰৰ মাইকেল জেকচনৰ মুনৱাক ষ্টাইলৰ এখন ফটো শ্বেয়াৰ কৰি এই কথা ঘোষণা কৰে ছবিখনৰ পৰিচালক এণ্টোৱান ফুকুৱাই।

হলিউডৰ কিংবদন্তি পপ তাৰকাগৰাকীৰ জীৱনৰ প্ৰতি সাধাৰণ মানুহৰ উৎসাহ আৰু কৌতুহলৰ অন্ত নাই। বায়’পিকখনে মাইকেলৰ জীৱনৰ আটাইতকৈ বিতৰ্কিত দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব — তেওঁৰ শিল্পকলাৰ পৰা আৰম্ভ কৰি তেওঁৰ ব্যক্তিগত জীৱনৰ বহু বিতৰ্কলৈকে। এই কথা ঘোষণা কৰিছে ছবিখনৰ নিৰ্মাতাসকলে।

‘মাইকেল’ৰ অন্যতম প্ৰযোজক গ্ৰেহাম কিঙে পপসম্ৰাটগৰাকীৰ ভতিজাক জাফৰে মূল চৰিত্ৰটো ৰূপায়ন কৰাৰ সন্দৰ্ভত 
মতামত ব্যক্ত কৰে। কয় যে যদিও সমগ্ৰ বিশ্বতে মাইকেলৰ চৰিত্ৰটোৰ বাবে অভিনেতাৰ সন্ধান কৰা হৈছিল, তথাপিও জাফাৰৰ দৰে কোনেও সাৱলীলভাৱে মাইকেল জেকচনক ফুটাই তুলিব নোৱাৰে। দুবছৰমান আগতে জাফৰক লগ পোৱাৰ পিছত তেওঁৰ এনে লাগিছিল যে যদি কোনোবাই মাইকেলৰ চৰিত্ৰটো চিত্ৰিত কৰিব পাৰে তেন্তে সেয়া কেৱল জাফৰেই হ’ব।

আনহাতে, নিজৰ নাতিয়েকে পুত্ৰৰ চৰিত্ৰত অভিনয় কৰিবলৈ লোৱাক লৈ সুখী মাইকেল জেকচনৰ মাতৃ কেথ্ৰিন জেকচন। কেথ্ৰিনে গৌৰৱান্বিত যে জাফৰে জেকচন পৰিয়ালৰ উত্তৰাধিকাৰ অব্যাহত ৰাখিছে আৰু আগবঢ়াই লৈ গৈছে।

শেহতীয়াকৈ ২০১৯ চনত জেৰমেইন জেকচনৰ পুত্ৰ জাফাৰে ‘গট মি চিংগিং’ গীতেৰে পপ জগতত প্ৰৱেশ কৰিছিল। এইবাৰ ডাঙৰ পৰ্দাত অভিষেকৰ বাবে অপেক্ষা কৰি আছে। সকলো চূড়ান্ত হোৱাৰ পিছতে এই বছৰৰ পৰা আৰম্ভ হ’ব ছবিখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে