--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বায়’পিক নিৰ্মাণ কৰা হ’ব পপ মিউজিকৰ সম্ৰাট মাইকেল জেকচনৰ ওপৰত। হলিউডৰ এই ছবিখনৰ নাম দিয়া হ’ব- ‘মাইকেল’। লায়ন্সগেটে নিৰ্মাণ কৰিবলৈ লোৱা এই ছবিখনত মাইকেল জেকচনৰ ভতিজাক জাফৰ জেকচনে পপসম্ৰাটগৰাকীৰ চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছে।

ছচিয়েল মিডিয়াত জাফাৰৰ মাইকেল জেকচনৰ মুনৱাক ষ্টাইলৰ এখন ফটো শ্বেয়াৰ কৰি এই কথা ঘোষণা কৰে ছবিখনৰ পৰিচালক এণ্টোৱান ফুকুৱাই।

হলিউডৰ কিংবদন্তি পপ তাৰকাগৰাকীৰ জীৱনৰ প্ৰতি সাধাৰণ মানুহৰ উৎসাহ আৰু কৌতুহলৰ অন্ত নাই। বায়’পিকখনে মাইকেলৰ জীৱনৰ আটাইতকৈ বিতৰ্কিত দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব — তেওঁৰ শিল্পকলাৰ পৰা আৰম্ভ কৰি তেওঁৰ ব্যক্তিগত জীৱনৰ বহু বিতৰ্কলৈকে। এই কথা ঘোষণা কৰিছে ছবিখনৰ নিৰ্মাতাসকলে।

‘মাইকেল’ৰ অন্যতম প্ৰযোজক গ্ৰেহাম কিঙে পপসম্ৰাটগৰাকীৰ ভতিজাক জাফৰে মূল চৰিত্ৰটো ৰূপায়ন কৰাৰ সন্দৰ্ভত 
মতামত ব্যক্ত কৰে। কয় যে যদিও সমগ্ৰ বিশ্বতে মাইকেলৰ চৰিত্ৰটোৰ বাবে অভিনেতাৰ সন্ধান কৰা হৈছিল, তথাপিও জাফাৰৰ দৰে কোনেও সাৱলীলভাৱে মাইকেল জেকচনক ফুটাই তুলিব নোৱাৰে। দুবছৰমান আগতে জাফৰক লগ পোৱাৰ পিছত তেওঁৰ এনে লাগিছিল যে যদি কোনোবাই মাইকেলৰ চৰিত্ৰটো চিত্ৰিত কৰিব পাৰে তেন্তে সেয়া কেৱল জাফৰেই হ’ব।

আনহাতে, নিজৰ নাতিয়েকে পুত্ৰৰ চৰিত্ৰত অভিনয় কৰিবলৈ লোৱাক লৈ সুখী মাইকেল জেকচনৰ মাতৃ কেথ্ৰিন জেকচন। কেথ্ৰিনে গৌৰৱান্বিত যে জাফৰে জেকচন পৰিয়ালৰ উত্তৰাধিকাৰ অব্যাহত ৰাখিছে আৰু আগবঢ়াই লৈ গৈছে।

শেহতীয়াকৈ ২০১৯ চনত জেৰমেইন জেকচনৰ পুত্ৰ জাফাৰে ‘গট মি চিংগিং’ গীতেৰে পপ জগতত প্ৰৱেশ কৰিছিল। এইবাৰ ডাঙৰ পৰ্দাত অভিষেকৰ বাবে অপেক্ষা কৰি আছে। সকলো চূড়ান্ত হোৱাৰ পিছতে এই বছৰৰ পৰা আৰম্ভ হ’ব ছবিখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক