--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ ছুপাৰষ্টাৰ বিকি কৌশল আৰু কেটৰিনাৰ বিয়াৰ খবৰে বেছ কিছুদিন ধৰি গৰম কৰি ৰাখিছে বলীউডৰ ভিতৰ-বাহিৰ। তেওঁলোকৰ বিয়াৰ ফটো ছ'চিয়েল মিডিয়াত নিৰন্তৰ ভাইৰেল হৈ আছে। একে সময়তে বিহাৰৰ এজন চাহ বিক্ৰেতাৰ ফটোও তীব্ৰ গতিত ভাইৰেল হোৱা দেখা গৈছে। পিছে কি কাৰণে ভাইৰেল হৈছে তেওঁ? বিহাৰৰ পাটনাৰ সুধীৰ চায়ৱালা নামৰ লোকজন ভাইৰেল হোৱাৰ আঁৰৰ কাৰণটো হ'ল তেওঁৰ চাহ দোকানত লিখা এটা সংলাপ। সংলাপটো আছিল এনেধৰণৰ-''ছলমান নে কাহা কেটৰিনা কে কাণ মে…চলৌ চায় পিতে হ্যে সুধীৰ কে দোকান মে''(सलमान ने कहा कैटरीना के कान में, चलो चाय पीते हैं सुधीर के दुकान में)

অসমীয়াত ভাঙনি কৰিলে ইয়াৰ অৰ্থ হ'ব ''ছলমানে কেটৰিনাৰ কাণে কাণে ক'লে…ব'লা যাওঁ সুধীৰৰ দোকানত চাহ খাবলে।'' সুধীৰ চায়ৱালাৰ এই সৃষ্টিশীল মনক ছ'চিয়েল মিডিয়াত খুব প্ৰশংসা কৰা দেখা গৈছে। সেয়েহে এতিয়া এয়া দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। বাতৰি অনুসৰি, আগষ্টত ছ'চিয়েল মিডিয়াত তেওঁৰ ছবিখন পোহৰলৈ আহিছিল। যেতিয়া বিকি কৌশল আৰু কেটৰিনা কাঈফৰ বিয়াখন হ'ল,তেতিয়া আকৌ এবাৰ এই ছবিখন দ্ৰুতগতিত শ্বেয়াৰ হৈছে ছ'চিয়েল মিডিয়াত। সুধীৰে পাটনাৰ বীৰ কোঁৱৰ সিং চ'কত তেওঁৰ চাহৰ দোকানখন চলায়। সুধীৰৰ সৃষ্টিশীলতালৈ চাই, তেওঁ ছলমান খান আৰু কেটৰিনা কাঈফৰ অনুৰাগী যেন অনুমান কৰিছে জনসাধাৰণে। উল্লেখ্য যে কেটৰিনা কাঈফ বৰ্তমান বিকি কৌশলৰ পত্নী হ'লেও পূৰ্বতে তেওঁ ছলমান খানৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল, যি কথা সকলোৱে জানে। এই প্ৰেমৰ যুটীটোক সকলোৱে বৰ পচন্দ কৰিছিল। কিন্তু এই সম্পৰ্ক চিৰস্থায়ী নহ'ল।

বলীউডত খোপনি লোৱাৰ ক্ষেত্ৰত কেটৰিনাক বহুত সহায় কৰিছিল ছলমান খানে। দুয়োকে কেইবাখনো চলচ্চিত্ৰত একেলগে কাম কৰা দেখা গৈছিল। দুই তাৰকাই 'মেইনে প্যাৰ কিঁউ কিয়া', 'পাৰ্টনাৰ', 'এক থা টাইগাৰ', 'টাইগাৰ জিন্দা হে' আৰু 'ভাৰত'ৰ দৰে চলচ্চিত্ৰত একেলগে অভিনয় কৰিছে। অনুৰাগীসকলে স্ক্ৰীণত ছলমান-কেটৰিনাৰ লভ কেমেষ্ট্ৰীক বৰ পচন্দ কৰে। যদিও কেটৰিনাৰ হৃদয়ৰ ঠিকনা সলনি হ'ল তথাপিও সুধীৰ চায়ৱালাই নিজৰ চাহৰ দোকানতে দুয়োৰে প্ৰেমক বন্দী কৰি ৰাখিছে। বৰ্তমান সুধীৰ চায়ৱালাৰ চাহৰ জুতি ল'বলৈ গ্ৰাহকে কৰিছে ভিৰ।

আৰু পঢ়কঃ ডেংগুত আক্ৰান্ত হৈ বিজেপি বিধায়িকাৰ অকাল মৃত্যু


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক