--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ ছুপাৰষ্টাৰ বিকি কৌশল আৰু কেটৰিনাৰ বিয়াৰ খবৰে বেছ কিছুদিন ধৰি গৰম কৰি ৰাখিছে বলীউডৰ ভিতৰ-বাহিৰ। তেওঁলোকৰ বিয়াৰ ফটো ছ'চিয়েল মিডিয়াত নিৰন্তৰ ভাইৰেল হৈ আছে। একে সময়তে বিহাৰৰ এজন চাহ বিক্ৰেতাৰ ফটোও তীব্ৰ গতিত ভাইৰেল হোৱা দেখা গৈছে। পিছে কি কাৰণে ভাইৰেল হৈছে তেওঁ? বিহাৰৰ পাটনাৰ সুধীৰ চায়ৱালা নামৰ লোকজন ভাইৰেল হোৱাৰ আঁৰৰ কাৰণটো হ'ল তেওঁৰ চাহ দোকানত লিখা এটা সংলাপ। সংলাপটো আছিল এনেধৰণৰ-''ছলমান নে কাহা কেটৰিনা কে কাণ মে…চলৌ চায় পিতে হ্যে সুধীৰ কে দোকান মে''(सलमान ने कहा कैटरीना के कान में, चलो चाय पीते हैं सुधीर के दुकान में)

অসমীয়াত ভাঙনি কৰিলে ইয়াৰ অৰ্থ হ'ব ''ছলমানে কেটৰিনাৰ কাণে কাণে ক'লে…ব'লা যাওঁ সুধীৰৰ দোকানত চাহ খাবলে।'' সুধীৰ চায়ৱালাৰ এই সৃষ্টিশীল মনক ছ'চিয়েল মিডিয়াত খুব প্ৰশংসা কৰা দেখা গৈছে। সেয়েহে এতিয়া এয়া দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। বাতৰি অনুসৰি, আগষ্টত ছ'চিয়েল মিডিয়াত তেওঁৰ ছবিখন পোহৰলৈ আহিছিল। যেতিয়া বিকি কৌশল আৰু কেটৰিনা কাঈফৰ বিয়াখন হ'ল,তেতিয়া আকৌ এবাৰ এই ছবিখন দ্ৰুতগতিত শ্বেয়াৰ হৈছে ছ'চিয়েল মিডিয়াত। সুধীৰে পাটনাৰ বীৰ কোঁৱৰ সিং চ'কত তেওঁৰ চাহৰ দোকানখন চলায়। সুধীৰৰ সৃষ্টিশীলতালৈ চাই, তেওঁ ছলমান খান আৰু কেটৰিনা কাঈফৰ অনুৰাগী যেন অনুমান কৰিছে জনসাধাৰণে। উল্লেখ্য যে কেটৰিনা কাঈফ বৰ্তমান বিকি কৌশলৰ পত্নী হ'লেও পূৰ্বতে তেওঁ ছলমান খানৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল, যি কথা সকলোৱে জানে। এই প্ৰেমৰ যুটীটোক সকলোৱে বৰ পচন্দ কৰিছিল। কিন্তু এই সম্পৰ্ক চিৰস্থায়ী নহ'ল।

বলীউডত খোপনি লোৱাৰ ক্ষেত্ৰত কেটৰিনাক বহুত সহায় কৰিছিল ছলমান খানে। দুয়োকে কেইবাখনো চলচ্চিত্ৰত একেলগে কাম কৰা দেখা গৈছিল। দুই তাৰকাই 'মেইনে প্যাৰ কিঁউ কিয়া', 'পাৰ্টনাৰ', 'এক থা টাইগাৰ', 'টাইগাৰ জিন্দা হে' আৰু 'ভাৰত'ৰ দৰে চলচ্চিত্ৰত একেলগে অভিনয় কৰিছে। অনুৰাগীসকলে স্ক্ৰীণত ছলমান-কেটৰিনাৰ লভ কেমেষ্ট্ৰীক বৰ পচন্দ কৰে। যদিও কেটৰিনাৰ হৃদয়ৰ ঠিকনা সলনি হ'ল তথাপিও সুধীৰ চায়ৱালাই নিজৰ চাহৰ দোকানতে দুয়োৰে প্ৰেমক বন্দী কৰি ৰাখিছে। বৰ্তমান সুধীৰ চায়ৱালাৰ চাহৰ জুতি ল'বলৈ গ্ৰাহকে কৰিছে ভিৰ।

আৰু পঢ়কঃ ডেংগুত আক্ৰান্ত হৈ বিজেপি বিধায়িকাৰ অকাল মৃত্যু


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?