--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: উন্নয়নৰ ফটাঢোল বজাই থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমোলত বিকাশৰ গতি লেহেমীয়া হ'লেও মূল্যবৃদ্ধিৰ গতি ক্ষীপ্ৰ। অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যই কোঙা কৰিছে দেশৰ খাতি খোৱা জনতাক। পেট্ৰ'ল-ডিজেলে ইতিমধ্যে শতকৰ ঘৰ চুই আহিছে। মিঠাতেলৰ কথাই সুকীয়া! ইয়াৰ বিৰুদ্ধে সাধাৰণ ৰাইজে কৰি অহা ধাৰাবাহিক প্ৰতিবাদে তলাব পৰা নাই মোদী চৰকাৰক। বিৰোধী দল কংগ্ৰেছেও মাত মাতি আহিছে চৰকাৰৰ বিৰুদ্ধে। এইবাৰ 'মেহেংগাই হতাও মহাৰেলী'ৰে জয়পুৰৰ আকাশ কঁপাই তুলিছে ভাৰতীয় জাতীয় কংগ্ৰেছে

ৰাজস্থানৰ ৰাজধানী জয়পুৰত কংগ্ৰেছে আয়োজন কৰিছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী। ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীসহিতে দলৰ শীৰ্ষ নেতৃবৃন্দই ৰেলীত ভাগ লয়। কংগ্ৰেছৰ এই ৰেলীত এক বিশাল জনসমুদ্ৰৰ সমাগম হয়। মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমস্বৰে মাত মতা কংগ্ৰেছ নেতা-কৰ্মীয়ে জয়পুৰ ৰেলীত তীব্ৰ সমালোচনা কৰে বিজেপি চৰকাৰক। ৰেলীত এক ভাষণ সম্বোধন কৰি ৰাহুল গান্ধীয়ে মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ মোদী চৰকাৰক সমালোচনাৰে থকাসৰকা কৰে। ৰাহুল গান্ধীয়ে ভাষণ প্ৰসংগত হিন্দু আৰু হিন্দুত্ববাদী দুটা বেলেগ বেলেগ শব্দৰূপে মন্তব্য আগবঢ়ায়। গান্ধীয়ে কয়, 'এইখন হিন্দুৰ দেশ হয়, হিন্দুত্ববাদীৰ নহয় আৰু আজি দেশত যি মূল্যবৃদ্ধি তথা দুখ-দুৰ্দশাৰ সৃষ্টি হৈছে এই সকলোবোৰ সকলো হিন্দুত্ববাদীয়ে কৰা। এই হিন্দুত্ববাদীসকলক যিকোনো প্ৰকাৰে শাসনৰ গাদী লাগে।' লগতে গান্ধীয়ে কয় যে তেওঁ হিন্দুহে, হিন্দুত্ববাদী নহয়। ২০১৪ চনৰ পৰাই দেশত হিন্দুত্ববাদীৰ ৰাজত্ব চলা বুলিও ক্ষোভ উজাৰে কংগ্ৰেছ নেতাগৰাকীয়ে। হিন্দু আৰু হিন্দুত্ববাদীৰ পাৰ্থক্যৰ কথা উনুকীয়াই তেওঁ কয় যে মহাত্মা গান্ধী হিন্দু আছিল আৰু নাথুৰাম গডছে আছিল হিন্দুত্ববাদী।

পেট্ৰ'ল-ডিজেল, ৰন্ধন গেছকে আদি কৰি নিত্য ব্যৱহাৰ্য প্ৰায়বোৰ সামগ্ৰীৰে অস্বাভাৱিক মূল্যবৃদ্ধিৰে জনতাক মাধমাৰ সোধাই আহিছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে। কেন্দ্ৰৰ লগতে অসম চৰকাৰো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি