--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: উন্নয়নৰ ফটাঢোল বজাই থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমোলত বিকাশৰ গতি লেহেমীয়া হ'লেও মূল্যবৃদ্ধিৰ গতি ক্ষীপ্ৰ। অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যই কোঙা কৰিছে দেশৰ খাতি খোৱা জনতাক। পেট্ৰ'ল-ডিজেলে ইতিমধ্যে শতকৰ ঘৰ চুই আহিছে। মিঠাতেলৰ কথাই সুকীয়া! ইয়াৰ বিৰুদ্ধে সাধাৰণ ৰাইজে কৰি অহা ধাৰাবাহিক প্ৰতিবাদে তলাব পৰা নাই মোদী চৰকাৰক। বিৰোধী দল কংগ্ৰেছেও মাত মাতি আহিছে চৰকাৰৰ বিৰুদ্ধে। এইবাৰ 'মেহেংগাই হতাও মহাৰেলী'ৰে জয়পুৰৰ আকাশ কঁপাই তুলিছে ভাৰতীয় জাতীয় কংগ্ৰেছে

ৰাজস্থানৰ ৰাজধানী জয়পুৰত কংগ্ৰেছে আয়োজন কৰিছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী। ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীসহিতে দলৰ শীৰ্ষ নেতৃবৃন্দই ৰেলীত ভাগ লয়। কংগ্ৰেছৰ এই ৰেলীত এক বিশাল জনসমুদ্ৰৰ সমাগম হয়। মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমস্বৰে মাত মতা কংগ্ৰেছ নেতা-কৰ্মীয়ে জয়পুৰ ৰেলীত তীব্ৰ সমালোচনা কৰে বিজেপি চৰকাৰক। ৰেলীত এক ভাষণ সম্বোধন কৰি ৰাহুল গান্ধীয়ে মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ মোদী চৰকাৰক সমালোচনাৰে থকাসৰকা কৰে। ৰাহুল গান্ধীয়ে ভাষণ প্ৰসংগত হিন্দু আৰু হিন্দুত্ববাদী দুটা বেলেগ বেলেগ শব্দৰূপে মন্তব্য আগবঢ়ায়। গান্ধীয়ে কয়, 'এইখন হিন্দুৰ দেশ হয়, হিন্দুত্ববাদীৰ নহয় আৰু আজি দেশত যি মূল্যবৃদ্ধি তথা দুখ-দুৰ্দশাৰ সৃষ্টি হৈছে এই সকলোবোৰ সকলো হিন্দুত্ববাদীয়ে কৰা। এই হিন্দুত্ববাদীসকলক যিকোনো প্ৰকাৰে শাসনৰ গাদী লাগে।' লগতে গান্ধীয়ে কয় যে তেওঁ হিন্দুহে, হিন্দুত্ববাদী নহয়। ২০১৪ চনৰ পৰাই দেশত হিন্দুত্ববাদীৰ ৰাজত্ব চলা বুলিও ক্ষোভ উজাৰে কংগ্ৰেছ নেতাগৰাকীয়ে। হিন্দু আৰু হিন্দুত্ববাদীৰ পাৰ্থক্যৰ কথা উনুকীয়াই তেওঁ কয় যে মহাত্মা গান্ধী হিন্দু আছিল আৰু নাথুৰাম গডছে আছিল হিন্দুত্ববাদী।

পেট্ৰ'ল-ডিজেল, ৰন্ধন গেছকে আদি কৰি নিত্য ব্যৱহাৰ্য প্ৰায়বোৰ সামগ্ৰীৰে অস্বাভাৱিক মূল্যবৃদ্ধিৰে জনতাক মাধমাৰ সোধাই আহিছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে। কেন্দ্ৰৰ লগতে অসম চৰকাৰো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক