--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি বাৰাণসীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ সজাই-পৰাই তোলা হৈছে কাশী বিশ্বনাথ৷ কাশী বিশ্বনাথ প্ৰকল্পৰ পুনৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিবৰ বাবে আজি প্ৰধানমন্ত্ৰীগৰাকী দিনৰ উপস্থিত হয় বাৰাণসীত৷ ৩৩৯কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা এই প্ৰকল্পটোৱে কাশী বিশ্বনাথ মন্দিৰ আৰু গংগা ঘাটক সংযোগ কৰিব৷ পাঁচ লাখ বৰ্গফুট এলেকা সামৰি লোৱা প্ৰথমটো প্ৰকল্পত ২৪টা বিল্ডিং মুকলি কৰা হ'ব বুলি জানিব পৰা গৈছে৷ বহু পূজা-পাৰ্বনত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ কাম-কাজ৷

উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কাশী বিশ্বনাথ প্ৰকল্প মুকলিয়ে শাসকীয় দলৰ এক নিৰ্বাচনী কৌশল হিচাপেই অনুমান কৰিব পাৰি৷ নিৰ্বাচনী প্ৰচাৰ তথা ভোটাৰক আকৰ্ষণৰ এক চেষ্টাৰে সজাই তোলা হৈছে আজিৰ এই উদ্বোধনী অনুষ্ঠান৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথসহ প্ৰায় ৩০০ গৰাকী ধৰ্মীয় নেতা, সাধু সন্ন্যাসী, শিল্পী প্ৰমুখ্যে ভালেসংখ্যক গণ্য-মান্য লোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব৷ এই অনুষ্ঠানত অংশ ল'বলৈ উপস্থিত হৈছে কেইবাখনো ৰাজ্যৰ বিজেপিৰ মুখ্যমন্ত্ৰীসকল৷ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো পত্নী ৰিণিকী ভূঞা শৰ্মাসহ উপস্থিত হৈছে বাৰাণসীত৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে ঐতিহাসিক কাল বৈৰভ মন্দিৰ দৰ্শন কৰে৷ দুদিনীয়া বাৰাণসীত ভ্ৰমণৰ বাবে যোৱা প্ৰধানমন্ত্ৰীয়ে বিভিন্ন অনুষ্ঠানত ভাগ ল’ব বুলিও জানিব পৰা গৈছে৷

উল্লেখ্য যে কাশী বিশ্বনাথ মন্দিৰ ট্ৰাষ্টে জনোৱা মতে সেই বিখ্যাত ধৰ্মীয় স্থানটি 'স্বৰ্ণ মন্দিৰ' বুলিও পৰিচিত৷ প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে সেই স্থানত কটকটিয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থাও৷ অৱশ্যে এই প্ৰকল্পক লৈ বিৰোধী দলসমূহে বহু অভিযোগ তথা আপত্তি দৰ্শাই আহইছে৷ সেই সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে ক'ভিডৰ সময়ত ক'ত আছিল বিৰোধী দলসমূহ৷ এই মহামাৰীৰ সময়তো বিজেপিয়ে কাম চলাই গৈছে৷ ইয়াৰ উপৰি ৰাজ্যখনত গংগা এক্সপ্ৰেছ প্ৰকল্পৰ কথা উল্লেখ কৰি কয় যে অহা ১৮ ডিচেম্বৰত মোদীয়ে সেই প্ৰকল্পৰো শিলান্যাস কৰিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক