--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি বাৰাণসীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ সজাই-পৰাই তোলা হৈছে কাশী বিশ্বনাথ৷ কাশী বিশ্বনাথ প্ৰকল্পৰ পুনৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিবৰ বাবে আজি প্ৰধানমন্ত্ৰীগৰাকী দিনৰ উপস্থিত হয় বাৰাণসীত৷ ৩৩৯কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা এই প্ৰকল্পটোৱে কাশী বিশ্বনাথ মন্দিৰ আৰু গংগা ঘাটক সংযোগ কৰিব৷ পাঁচ লাখ বৰ্গফুট এলেকা সামৰি লোৱা প্ৰথমটো প্ৰকল্পত ২৪টা বিল্ডিং মুকলি কৰা হ'ব বুলি জানিব পৰা গৈছে৷ বহু পূজা-পাৰ্বনত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ কাম-কাজ৷

উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কাশী বিশ্বনাথ প্ৰকল্প মুকলিয়ে শাসকীয় দলৰ এক নিৰ্বাচনী কৌশল হিচাপেই অনুমান কৰিব পাৰি৷ নিৰ্বাচনী প্ৰচাৰ তথা ভোটাৰক আকৰ্ষণৰ এক চেষ্টাৰে সজাই তোলা হৈছে আজিৰ এই উদ্বোধনী অনুষ্ঠান৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথসহ প্ৰায় ৩০০ গৰাকী ধৰ্মীয় নেতা, সাধু সন্ন্যাসী, শিল্পী প্ৰমুখ্যে ভালেসংখ্যক গণ্য-মান্য লোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব৷ এই অনুষ্ঠানত অংশ ল'বলৈ উপস্থিত হৈছে কেইবাখনো ৰাজ্যৰ বিজেপিৰ মুখ্যমন্ত্ৰীসকল৷ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো পত্নী ৰিণিকী ভূঞা শৰ্মাসহ উপস্থিত হৈছে বাৰাণসীত৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে ঐতিহাসিক কাল বৈৰভ মন্দিৰ দৰ্শন কৰে৷ দুদিনীয়া বাৰাণসীত ভ্ৰমণৰ বাবে যোৱা প্ৰধানমন্ত্ৰীয়ে বিভিন্ন অনুষ্ঠানত ভাগ ল’ব বুলিও জানিব পৰা গৈছে৷

উল্লেখ্য যে কাশী বিশ্বনাথ মন্দিৰ ট্ৰাষ্টে জনোৱা মতে সেই বিখ্যাত ধৰ্মীয় স্থানটি 'স্বৰ্ণ মন্দিৰ' বুলিও পৰিচিত৷ প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে সেই স্থানত কটকটিয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থাও৷ অৱশ্যে এই প্ৰকল্পক লৈ বিৰোধী দলসমূহে বহু অভিযোগ তথা আপত্তি দৰ্শাই আহইছে৷ সেই সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে ক'ভিডৰ সময়ত ক'ত আছিল বিৰোধী দলসমূহ৷ এই মহামাৰীৰ সময়তো বিজেপিয়ে কাম চলাই গৈছে৷ ইয়াৰ উপৰি ৰাজ্যখনত গংগা এক্সপ্ৰেছ প্ৰকল্পৰ কথা উল্লেখ কৰি কয় যে অহা ১৮ ডিচেম্বৰত মোদীয়ে সেই প্ৰকল্পৰো শিলান্যাস কৰিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি