--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছলমান খানৰ ভগ্নী অৰ্পিতা খানক লৈ আহি পৰিছে এটা ডাঙৰ খবৰ। তথ্য অনুসৰি অৰ্পিতাৰ মুম্বাই ঘৰত চুৰি সংঘটিত হৈছে। অৰ্পিতাৰ ঘৰৰ পৰা তেওঁৰ হীৰা কাণফুলি চুৰি হোৱা বুলি জানিব পৰা গৈছে। এই গোচৰত এতিয়া আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

কাণফুলি চুৰি হোৱাৰ পিছতে অৰ্পিতা খানে মুম্বাইৰ খাৰ থানালৈ গৈ গোচৰ ৰুজু কৰে। অৰ্পিতাই তেওঁৰ এজাহাৰত জনাইছে যে সেই ঘৰৰ পৰা চুৰি হোৱা কাণফুলিৰ মূল্য ৫ লাখ টকা। ইয়াৰ পিছতে আৰক্ষীয়ে ততাতৈয়াকৈ গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণ কৰি একে নিশাই অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে দিয়া তথ্য অনুসৰি অৰ্পিতাৰ ঘৰত চুৰি কাণ্ড সংঘটিত কৰিছে অৰ্পিতাৰ ঘৰত কৰ্মৰত এজন চাকৰ। যাৰ বয়স ৩০ বছৰ বুলি কোৱা হৈছে। অৰ্পিতা খানৰ এই সেৱকৰ নাম সন্দীপ হেগড়ে। যি মুম্বাইৰ ভিলে পাৰ্লে অঞ্চলৰ বাসিন্দা।

অৰ্পিতা খানৰ কথা কওঁতে কওঁ যে অৰ্পিতা ছলমান খানৰ প্ৰকৃত ভগ্নী নহয়, কিন্তু ছলমানৰ পিতৃ চেলিম খানে তেওঁক তুলি লৈছিল। কিন্তু পৰিয়ালৰ সদস্যৰ মাজত তেওঁক আত্মীয়তকৈ বেছি মৰম দিয়া হৈছে আৰু ছলমানে তেওঁক বহুত ভাল পায়। ভনীয়েকৰ প্ৰতিটো কামনা পলকতে পূৰণ কৰে অভিনেতাজনে।

উল্লেখযোগ্য যে অৰ্পিতা খানৰ বিবাহ অভিনেতা আয়ুষ শৰ্মাৰ সৈতে হৈছে। দুয়োজনেই দুটা সন্তানৰ পিতৃ-মাতৃ। আজিকালি বলীউডত নিজৰ কেৰিয়াৰ গঢ়িবলৈ চেষ্টা কৰিছে আয়ুষ শৰ্মাই। শেষবাৰৰ বাবে তেওঁক ছলমান খানৰ সৈতে ‘লাষ্ট’ ছবিত দেখা গৈছিল।















FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ