--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছলমান খানৰ ভগ্নী অৰ্পিতা খানক লৈ আহি পৰিছে এটা ডাঙৰ খবৰ। তথ্য অনুসৰি অৰ্পিতাৰ মুম্বাই ঘৰত চুৰি সংঘটিত হৈছে। অৰ্পিতাৰ ঘৰৰ পৰা তেওঁৰ হীৰা কাণফুলি চুৰি হোৱা বুলি জানিব পৰা গৈছে। এই গোচৰত এতিয়া আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

কাণফুলি চুৰি হোৱাৰ পিছতে অৰ্পিতা খানে মুম্বাইৰ খাৰ থানালৈ গৈ গোচৰ ৰুজু কৰে। অৰ্পিতাই তেওঁৰ এজাহাৰত জনাইছে যে সেই ঘৰৰ পৰা চুৰি হোৱা কাণফুলিৰ মূল্য ৫ লাখ টকা। ইয়াৰ পিছতে আৰক্ষীয়ে ততাতৈয়াকৈ গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণ কৰি একে নিশাই অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে দিয়া তথ্য অনুসৰি অৰ্পিতাৰ ঘৰত চুৰি কাণ্ড সংঘটিত কৰিছে অৰ্পিতাৰ ঘৰত কৰ্মৰত এজন চাকৰ। যাৰ বয়স ৩০ বছৰ বুলি কোৱা হৈছে। অৰ্পিতা খানৰ এই সেৱকৰ নাম সন্দীপ হেগড়ে। যি মুম্বাইৰ ভিলে পাৰ্লে অঞ্চলৰ বাসিন্দা।

অৰ্পিতা খানৰ কথা কওঁতে কওঁ যে অৰ্পিতা ছলমান খানৰ প্ৰকৃত ভগ্নী নহয়, কিন্তু ছলমানৰ পিতৃ চেলিম খানে তেওঁক তুলি লৈছিল। কিন্তু পৰিয়ালৰ সদস্যৰ মাজত তেওঁক আত্মীয়তকৈ বেছি মৰম দিয়া হৈছে আৰু ছলমানে তেওঁক বহুত ভাল পায়। ভনীয়েকৰ প্ৰতিটো কামনা পলকতে পূৰণ কৰে অভিনেতাজনে।

উল্লেখযোগ্য যে অৰ্পিতা খানৰ বিবাহ অভিনেতা আয়ুষ শৰ্মাৰ সৈতে হৈছে। দুয়োজনেই দুটা সন্তানৰ পিতৃ-মাতৃ। আজিকালি বলীউডত নিজৰ কেৰিয়াৰ গঢ়িবলৈ চেষ্টা কৰিছে আয়ুষ শৰ্মাই। শেষবাৰৰ বাবে তেওঁক ছলমান খানৰ সৈতে ‘লাষ্ট’ ছবিত দেখা গৈছিল।















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস