--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীঘ্ৰেই আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব ৰাহুল গান্ধীয়ে। ৩১ মে’ৰ পৰা ১০ দিনীয়া আমেৰিকা ভ্ৰমণত ব্যস্ত থাকিব তেওঁ। এই সময়ছোৱাত তেওঁ নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত প্ৰায় ৫ হাজাৰ প্ৰবাসী ভাৰতীয়ৰ এক সমাৱেশত ভাষণ দিব। লগতে ৱাশ্বিংটনত পেনেল আলোচনাতো অংশগ্ৰহণ কৰিব।

ইয়াৰ উপৰিও গান্ধীয়ে কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত ভাষণ প্ৰদান কৰিব। কংগ্ৰেছ নেতাগৰাকীয়ে তাৰ ৰাজনীতিবিদ আৰু উদ্যোগীসকলকো সাক্ষাৎ কৰাৰ কথা।

উল্লেখ্য, ইয়াৰ পূৰ্বে মাৰ্চ মাহত ৰাহুল গান্ধীয়ে ব্ৰিটেইন ভ্ৰমণ কৰিছিল। সেই ভ্ৰমণ ৰাহুল গান্ধীয়ে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ লগতে ব্ৰিটিছ সংসদতো ভাষণ প্ৰদান কৰিছিল। দুয়োটা ভাষণতে মোদী চৰকাৰ তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে মোদীৰ আমোলত ভাৰতীয় গণতন্ত্ৰ সংকটাপন্ন বুলিও মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীৰ সেই ভাষণে দেশৰ ৰাজনীতিত তোলপাৰ লগোৱাই নহয় শাসকীয় বিজেপিৰ মন্ত্ৰীয়ে বিদেশৰ ওভতি অহাৰ পাছতে ৰাহুল গান্ধীক নিচৰ্ত ক্ষমা খোজাৰ লগতে গ্ৰেপ্তাৰৰো দাবী কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ