--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীঘ্ৰেই আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব ৰাহুল গান্ধীয়ে। ৩১ মে’ৰ পৰা ১০ দিনীয়া আমেৰিকা ভ্ৰমণত ব্যস্ত থাকিব তেওঁ। এই সময়ছোৱাত তেওঁ নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত প্ৰায় ৫ হাজাৰ প্ৰবাসী ভাৰতীয়ৰ এক সমাৱেশত ভাষণ দিব। লগতে ৱাশ্বিংটনত পেনেল আলোচনাতো অংশগ্ৰহণ কৰিব।

ইয়াৰ উপৰিও গান্ধীয়ে কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত ভাষণ প্ৰদান কৰিব। কংগ্ৰেছ নেতাগৰাকীয়ে তাৰ ৰাজনীতিবিদ আৰু উদ্যোগীসকলকো সাক্ষাৎ কৰাৰ কথা।

উল্লেখ্য, ইয়াৰ পূৰ্বে মাৰ্চ মাহত ৰাহুল গান্ধীয়ে ব্ৰিটেইন ভ্ৰমণ কৰিছিল। সেই ভ্ৰমণ ৰাহুল গান্ধীয়ে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ লগতে ব্ৰিটিছ সংসদতো ভাষণ প্ৰদান কৰিছিল। দুয়োটা ভাষণতে মোদী চৰকাৰ তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে মোদীৰ আমোলত ভাৰতীয় গণতন্ত্ৰ সংকটাপন্ন বুলিও মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীৰ সেই ভাষণে দেশৰ ৰাজনীতিত তোলপাৰ লগোৱাই নহয় শাসকীয় বিজেপিৰ মন্ত্ৰীয়ে বিদেশৰ ওভতি অহাৰ পাছতে ৰাহুল গান্ধীক নিচৰ্ত ক্ষমা খোজাৰ লগতে গ্ৰেপ্তাৰৰো দাবী কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস