--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অংকিতা দত্তৰ হাৰাশাস্তিৰ গোচৰত অভিযুক্ত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিক উচ্চতম ন্যায়ালয়ে অগ্ৰিম জামিন প্ৰদান কৰিছে। এজাহাৰ (এফ আই আৰ) দাখিল কৰাত এমাহ পলম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰে যে শ্ৰীনিবাস বি ভি অন্তৱৰ্তীকালীন সুৰক্ষাৰ বাবে যোগ্য।

এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাই আৰু সঞ্জয় কেৰলৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰে। শীৰ্ষ ন্যায়ালয়ৰ বিচাৰপীঠে অগ্ৰিম জামিনৰ পৰ্যায়ত সবিশেষ যুক্তিলৈ যোৱাৰ পৰা বিৰত থাকে।

“যদিও যুক্তিসমূহ দীঘলীয়াকৈ আগবঢ়োৱা হৈছে, এই পৰ্যায়ত আমি বিতংভাৱে বিবেচনা কৰাৰ উদ্দেশ্য নাই। ইতিমধ্যে নিষ্পত্তি কৰা হৈছে যে আগতীয়া জামিনৰ শুনানিৰ সময়ত প্ৰমাণৰ বিশদ পৰীক্ষা এৰাই চলিব লাগিব। আমি কেৱল ন্যূনতম তথ্য আৰু তাৰিখৰ কথাহে উল্লেখ কৰিম।’- আদালতে কয়।

ইয়াত ৫০ হাজাৰ টকাৰ বণ্ড প্ৰদান কৰি একে পৰিমাণৰ এজন বা দুজন জামিনৰ সৈতে তেওঁক আগতীয়াকৈ জামিনত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়া হৈছে।

শীৰ্ষ আদালতে লগতে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিক তদন্তত সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে অসম চৰকাৰকো জাননী জাৰি কৰে।

তেওঁৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ বাতিল কৰিবলৈ অস্বীকাৰ কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল শ্ৰীনিবাসে।

আৱেদনখনত কোৱা হৈছিল যে ছত্তীশগড়ত সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰা অপৰাধৰ তদন্ত বা এফআইআৰ ৰুজু কৰাৰ কোনো অধিকাৰ অসম আৰক্ষীৰ নাই।

এফ আই আৰত অসম কংগ্ৰেছৰ প্ৰাক্তন নেত্ৰী অংকিতা দত্তই অভিযোগ কৰে যে যোৱা ২৫ মাৰ্চত ৰায়পুৰৰ মেফেয়াৰ হোটেলত অনুষ্ঠিত কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশনৰ সময়ত হোটেলখনৰ প্ৰৱেশদ্বাৰত শ্ৰীনিবাসে তেওঁক হাৰাশাস্তি কৰিছিল, তেওঁৰ বাহুত ধৰাৰ লগতে অশ্লীল শব্দ ব্যৱহাৰ কৰি ভাবুকিও দিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ