--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অংকিতা দত্তৰ হাৰাশাস্তিৰ গোচৰত অভিযুক্ত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিক উচ্চতম ন্যায়ালয়ে অগ্ৰিম জামিন প্ৰদান কৰিছে। এজাহাৰ (এফ আই আৰ) দাখিল কৰাত এমাহ পলম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰে যে শ্ৰীনিবাস বি ভি অন্তৱৰ্তীকালীন সুৰক্ষাৰ বাবে যোগ্য।

এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাই আৰু সঞ্জয় কেৰলৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰে। শীৰ্ষ ন্যায়ালয়ৰ বিচাৰপীঠে অগ্ৰিম জামিনৰ পৰ্যায়ত সবিশেষ যুক্তিলৈ যোৱাৰ পৰা বিৰত থাকে।

“যদিও যুক্তিসমূহ দীঘলীয়াকৈ আগবঢ়োৱা হৈছে, এই পৰ্যায়ত আমি বিতংভাৱে বিবেচনা কৰাৰ উদ্দেশ্য নাই। ইতিমধ্যে নিষ্পত্তি কৰা হৈছে যে আগতীয়া জামিনৰ শুনানিৰ সময়ত প্ৰমাণৰ বিশদ পৰীক্ষা এৰাই চলিব লাগিব। আমি কেৱল ন্যূনতম তথ্য আৰু তাৰিখৰ কথাহে উল্লেখ কৰিম।’- আদালতে কয়।

ইয়াত ৫০ হাজাৰ টকাৰ বণ্ড প্ৰদান কৰি একে পৰিমাণৰ এজন বা দুজন জামিনৰ সৈতে তেওঁক আগতীয়াকৈ জামিনত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়া হৈছে।

শীৰ্ষ আদালতে লগতে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিক তদন্তত সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে অসম চৰকাৰকো জাননী জাৰি কৰে।

তেওঁৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ বাতিল কৰিবলৈ অস্বীকাৰ কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল শ্ৰীনিবাসে।

আৱেদনখনত কোৱা হৈছিল যে ছত্তীশগড়ত সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰা অপৰাধৰ তদন্ত বা এফআইআৰ ৰুজু কৰাৰ কোনো অধিকাৰ অসম আৰক্ষীৰ নাই।

এফ আই আৰত অসম কংগ্ৰেছৰ প্ৰাক্তন নেত্ৰী অংকিতা দত্তই অভিযোগ কৰে যে যোৱা ২৫ মাৰ্চত ৰায়পুৰৰ মেফেয়াৰ হোটেলত অনুষ্ঠিত কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশনৰ সময়ত হোটেলখনৰ প্ৰৱেশদ্বাৰত শ্ৰীনিবাসে তেওঁক হাৰাশাস্তি কৰিছিল, তেওঁৰ বাহুত ধৰাৰ লগতে অশ্লীল শব্দ ব্যৱহাৰ কৰি ভাবুকিও দিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস