--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সদাব্যস্ত বলীউড এইবাৰ ব্যস্ত হৈ পৰিছে অভিনেত্ৰী সামান্থাক লৈ। অভিনেত্ৰীগৰাকীক কেন্দ্ৰ কৰিয়েই এতিয়া অন্তহীন কৌতুহলে বিৰাজ কৰিছে। বলীউড অভিনেতা হৃত্বিক ৰোশনৰ সৈতে হেনো সামান্থাৰ মন দিয়া মন নিয়া চলিছে। অলপতে, বলীউডৰ জনপ্ৰিয় অভিনেতা হৃত্বিকৰ সৈতে সামাজিক মাধ্যমত কেইবাখনো ফটো পোষ্ট কৰিছিল সামান্থাই। অভিনেত্ৰীগৰাকী বৰ্তমান মুম্বাইত আছে। সেইকাৰণে হৃত্বিক-সামান্থাৰ ৰসায়নক লৈ এতিয়া তোলপাৰ লাগিছে বলীউডত। কেবল হৃত্বিকে নহয় বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ সৈতেও সামান্থা ৰ সম্পৰ্কক লৈ আছে নানা গুজৱ। প্ৰকৃততে ছলমান-হৃত্বিকৰ সৈতে কি সম্পৰ্ক আছে মোহময়ী অভিনেত্ৰী সামান্থাৰ এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে নিজেই মন্তব্য কৰিছে। শেহতীয়াকৈ, ভাৰতীয় সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে হৃত্বিকৰ প্ৰশংসাত গদগদ হৈ পৰে। হৃত্বিকক লগ পোৱাৰ অভিজ্ঞতাক সুকীয়া আখ্যা সামান্থাৰ। তেওঁ কয়, ‘ আমেৰিকা যুক্তৰাষ্ট্ৰত ‘হাৱাই’ৰ বিষয়ে আমাৰ মাজত বহু সময় ধৰি কথা-বাৰ্তা চলিছিল। ‘হাৱাই’ পৃথিৱীৰ মোৰ প্ৰিয় স্থানসমূহৰ ভিতৰত অন্যতম। মই তাতে আছিলো। সৰুৰে পৰা তালৈ মোৰ অহা-যোৱা। ৪বছৰ ধৰি ‘হাৱাই’ত এটা যোগা ষ্টুডিঅ’ চলাইছিলো মই। হৃত্বিকৰ সৈতে ‘হাৱাই’ৰ বিষয়ে কথা পাতি ভাল লাগিছিল। ইয়াৰোপৰি আমি চিনেমা বিষয়ক কথাও পাতিছিলো।আৰু হৃত্বিক দেখাতো বৰ ধুনীয়া।’  ইফালে ছলমান খানৰ জন্মদিনৰ পাৰ্টীতো দেখা গৈছিল এইগৰাকী অভিনেত্ৰীক। ভাইজানৰ সৈতে সামান্থাৰ সম্পৰ্কৰ বিষয়েও উঠিছিল গুঞ্জন। এই সম্পৰ্কত সামান্থা প্ৰভূৱে কয়, ‘ মই ভাবো মানুহে এইবোৰ কথা কৈ ভালপায়। একো নাথাকিলেও মানুহে অনুমানতে কিছু কথা কৈ ভাল পায়। মই বুজি নাপাওঁ মানুহে এইবোৰ আইডিয়া ক’ত পায়? অ’ হৃত্বিক ৰোশনক লগ পোৱাৰ দৰে মই ছলমানকো লগ পাইছিলো।কিন্তু কোনেও হৃত্বিক আৰু মোৰ বিষয়ে আজিলৈকে একো কোৱা নাই। মই বুজি নাপাও মানুহে এই বাতৰিবোৰ ক'ৰ পৰা সংগ্ৰহ কৰে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ