--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সদাব্যস্ত বলীউড এইবাৰ ব্যস্ত হৈ পৰিছে অভিনেত্ৰী সামান্থাক লৈ। অভিনেত্ৰীগৰাকীক কেন্দ্ৰ কৰিয়েই এতিয়া অন্তহীন কৌতুহলে বিৰাজ কৰিছে। বলীউড অভিনেতা হৃত্বিক ৰোশনৰ সৈতে হেনো সামান্থাৰ মন দিয়া মন নিয়া চলিছে। অলপতে, বলীউডৰ জনপ্ৰিয় অভিনেতা হৃত্বিকৰ সৈতে সামাজিক মাধ্যমত কেইবাখনো ফটো পোষ্ট কৰিছিল সামান্থাই। অভিনেত্ৰীগৰাকী বৰ্তমান মুম্বাইত আছে। সেইকাৰণে হৃত্বিক-সামান্থাৰ ৰসায়নক লৈ এতিয়া তোলপাৰ লাগিছে বলীউডত। কেবল হৃত্বিকে নহয় বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ সৈতেও সামান্থা ৰ সম্পৰ্কক লৈ আছে নানা গুজৱ। প্ৰকৃততে ছলমান-হৃত্বিকৰ সৈতে কি সম্পৰ্ক আছে মোহময়ী অভিনেত্ৰী সামান্থাৰ এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে নিজেই মন্তব্য কৰিছে। শেহতীয়াকৈ, ভাৰতীয় সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে হৃত্বিকৰ প্ৰশংসাত গদগদ হৈ পৰে। হৃত্বিকক লগ পোৱাৰ অভিজ্ঞতাক সুকীয়া আখ্যা সামান্থাৰ। তেওঁ কয়, ‘ আমেৰিকা যুক্তৰাষ্ট্ৰত ‘হাৱাই’ৰ বিষয়ে আমাৰ মাজত বহু সময় ধৰি কথা-বাৰ্তা চলিছিল। ‘হাৱাই’ পৃথিৱীৰ মোৰ প্ৰিয় স্থানসমূহৰ ভিতৰত অন্যতম। মই তাতে আছিলো। সৰুৰে পৰা তালৈ মোৰ অহা-যোৱা। ৪বছৰ ধৰি ‘হাৱাই’ত এটা যোগা ষ্টুডিঅ’ চলাইছিলো মই। হৃত্বিকৰ সৈতে ‘হাৱাই’ৰ বিষয়ে কথা পাতি ভাল লাগিছিল। ইয়াৰোপৰি আমি চিনেমা বিষয়ক কথাও পাতিছিলো।আৰু হৃত্বিক দেখাতো বৰ ধুনীয়া।’  ইফালে ছলমান খানৰ জন্মদিনৰ পাৰ্টীতো দেখা গৈছিল এইগৰাকী অভিনেত্ৰীক। ভাইজানৰ সৈতে সামান্থাৰ সম্পৰ্কৰ বিষয়েও উঠিছিল গুঞ্জন। এই সম্পৰ্কত সামান্থা প্ৰভূৱে কয়, ‘ মই ভাবো মানুহে এইবোৰ কথা কৈ ভালপায়। একো নাথাকিলেও মানুহে অনুমানতে কিছু কথা কৈ ভাল পায়। মই বুজি নাপাওঁ মানুহে এইবোৰ আইডিয়া ক’ত পায়? অ’ হৃত্বিক ৰোশনক লগ পোৱাৰ দৰে মই ছলমানকো লগ পাইছিলো।কিন্তু কোনেও হৃত্বিক আৰু মোৰ বিষয়ে আজিলৈকে একো কোৱা নাই। মই বুজি নাপাও মানুহে এই বাতৰিবোৰ ক'ৰ পৰা সংগ্ৰহ কৰে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু