--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ চলমান খানে পানভেল ফাৰ্মহাউচত তেওঁৰ চুবুৰীয়া কেতন কক্কাদৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে। ভাইজান খ্যাত তাৰকাগৰাকীয়ে তেওঁৰ উকীলৰ জৰিয়তে তেওঁৰ চুবুৰীয়াক অপ্ৰয়োজনীয়ভাৱে তেওঁৰ ধৰ্মীয় পৰিচয় টানি অনা আৰু শিশু অপহৰণকাৰী অভিযোগ আনি ৰাজহুৱাভাৱে তেওঁক বদনাম কৰাৰ অভিযোগ উত্থাপন কৰিছে। বলীউড অভিনেতাজনৰ আইনী দলে আদালতক সামাজিক নেটৱৰ্কিং ছাইটত তেওঁৰ বিৰুদ্ধে থকা সকলো আপত্তিজনক সমল আঁতৰাবলৈ অনুৰোধ জনাইছে। মহাৰাষ্টৰ পানভেলৰ ৰায়গড় জিলাত চলমান খানৰ এখন ফাৰ্মহাউচ আছে। চলমানে অভিযোগ তোলা কেতন কক্কাদ মুম্বাইৰ বাসিন্দা আৰু তেওঁ চলমান খানৰ ফাৰ্মহাউচৰ কাষত পাহাৰত এটা প্লটৰ মালিক। চলমানৰ গোচৰ অনুসৰি, কেতনে এজন ইউটিউবাৰৰ সৈতে কথা পাতি অভিনেতাজনৰ বিৰুদ্ধে অপবাদমূলক মন্তব্য কৰিছিল। চলমানে এটা ইউটিউব চেনেলৰ সৈতে সাক্ষাৎকাৰৰ সময়ত কেতন কক্কাদে তেওঁক বদনাম কৰা বুলি অভিযোগ উত্থাপন কৰি এক অসামৰিক গোচৰ ৰুজু কৰিছে। অভিনেতাজনৰ অধিবক্তা প্ৰদীপ গান্ধীয়ে বৃহস্পতিবাৰে আদালতত কেতন কক্কাডৰ পোষ্ট আৰু সাক্ষাৎকাৰৰ বহুতো অংশ পঢ়ি শুনাইছিল। তেওঁ কৈছিল যে কেতনে অভিনেতাজনক 'ডি গেঙৰ বুলি অভিযোগ কৰিছিল, লগতে তেওঁ ধৰ্মীয় পৰিচয়ৰ ওপৰত মন্তব্য কৰিছিল আৰু বুজাইছিল যে তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত শাসকীয় দলৰ সৈতে সম্পৰ্কিত লগতে অভিনেতাজনৰ বিৰুদ্ধে শিশু সৰবৰাহকাৰী অভিযোগ উত্থাপন কৰিছিল, আৰু লগতে অভিযোগ কৰিছিল যে চলচ্চিত্ৰ তাৰকাসকলৰ মৃতদেহ তেওঁৰ ফাৰ্মহাউচত সমাধিস্থ কৰা হয়। এই সন্দৰ্ভত চলমানে তেওঁৰ উকীলৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, "সঠিক প্ৰমাণ অবিহনে, এই সকলো বোৰ অভিযোগৰ অন্তত এক বৃহৎ অংক জড়িত। সম্পত্তিৰ বিবাদক লৈ আপুনি মোৰ ব্যক্তিগত খ্যাতি কিয় কলুষিত কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে অভিনেতাজনে। ধৰ্মৰ প্ৰসংগতো অভিনেতাজনে মাত মাতিছে। ব্যক্তিগত বিষয়ত আপুনি ধৰ্মক কিয় টানিছে বুলি কৰ্টাক্ষ কৰে অভিনেতাজনে। তেওঁ কয় যে, মোৰ মা এগৰাকী হিন্দু, মোৰ দেউতা এজন মুছলমান আৰু মোৰ ভাতৃসকলে হিন্দু সম্প্ৰদায়ৰ যুৱতী বিয়া কৰাইছে, আমি সকলো উৎসৱ একেলগে উদযাপন কৰোঁ।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ