--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ চলমান খানে পানভেল ফাৰ্মহাউচত তেওঁৰ চুবুৰীয়া কেতন কক্কাদৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে। ভাইজান খ্যাত তাৰকাগৰাকীয়ে তেওঁৰ উকীলৰ জৰিয়তে তেওঁৰ চুবুৰীয়াক অপ্ৰয়োজনীয়ভাৱে তেওঁৰ ধৰ্মীয় পৰিচয় টানি অনা আৰু শিশু অপহৰণকাৰী অভিযোগ আনি ৰাজহুৱাভাৱে তেওঁক বদনাম কৰাৰ অভিযোগ উত্থাপন কৰিছে। বলীউড অভিনেতাজনৰ আইনী দলে আদালতক সামাজিক নেটৱৰ্কিং ছাইটত তেওঁৰ বিৰুদ্ধে থকা সকলো আপত্তিজনক সমল আঁতৰাবলৈ অনুৰোধ জনাইছে। মহাৰাষ্টৰ পানভেলৰ ৰায়গড় জিলাত চলমান খানৰ এখন ফাৰ্মহাউচ আছে। চলমানে অভিযোগ তোলা কেতন কক্কাদ মুম্বাইৰ বাসিন্দা আৰু তেওঁ চলমান খানৰ ফাৰ্মহাউচৰ কাষত পাহাৰত এটা প্লটৰ মালিক। চলমানৰ গোচৰ অনুসৰি, কেতনে এজন ইউটিউবাৰৰ সৈতে কথা পাতি অভিনেতাজনৰ বিৰুদ্ধে অপবাদমূলক মন্তব্য কৰিছিল। চলমানে এটা ইউটিউব চেনেলৰ সৈতে সাক্ষাৎকাৰৰ সময়ত কেতন কক্কাদে তেওঁক বদনাম কৰা বুলি অভিযোগ উত্থাপন কৰি এক অসামৰিক গোচৰ ৰুজু কৰিছে। অভিনেতাজনৰ অধিবক্তা প্ৰদীপ গান্ধীয়ে বৃহস্পতিবাৰে আদালতত কেতন কক্কাডৰ পোষ্ট আৰু সাক্ষাৎকাৰৰ বহুতো অংশ পঢ়ি শুনাইছিল। তেওঁ কৈছিল যে কেতনে অভিনেতাজনক 'ডি গেঙৰ বুলি অভিযোগ কৰিছিল, লগতে তেওঁ ধৰ্মীয় পৰিচয়ৰ ওপৰত মন্তব্য কৰিছিল আৰু বুজাইছিল যে তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত শাসকীয় দলৰ সৈতে সম্পৰ্কিত লগতে অভিনেতাজনৰ বিৰুদ্ধে শিশু সৰবৰাহকাৰী অভিযোগ উত্থাপন কৰিছিল, আৰু লগতে অভিযোগ কৰিছিল যে চলচ্চিত্ৰ তাৰকাসকলৰ মৃতদেহ তেওঁৰ ফাৰ্মহাউচত সমাধিস্থ কৰা হয়। এই সন্দৰ্ভত চলমানে তেওঁৰ উকীলৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, "সঠিক প্ৰমাণ অবিহনে, এই সকলো বোৰ অভিযোগৰ অন্তত এক বৃহৎ অংক জড়িত। সম্পত্তিৰ বিবাদক লৈ আপুনি মোৰ ব্যক্তিগত খ্যাতি কিয় কলুষিত কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে অভিনেতাজনে। ধৰ্মৰ প্ৰসংগতো অভিনেতাজনে মাত মাতিছে। ব্যক্তিগত বিষয়ত আপুনি ধৰ্মক কিয় টানিছে বুলি কৰ্টাক্ষ কৰে অভিনেতাজনে। তেওঁ কয় যে, মোৰ মা এগৰাকী হিন্দু, মোৰ দেউতা এজন মুছলমান আৰু মোৰ ভাতৃসকলে হিন্দু সম্প্ৰদায়ৰ যুৱতী বিয়া কৰাইছে, আমি সকলো উৎসৱ একেলগে উদযাপন কৰোঁ।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু