--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএক প্ৰাণঘাতী আক্ৰমণৰ বলি হোৱা প্ৰখ্যাত লেখক ছলমান ৰুশ্বদী ক্ৰমাৎ সুস্থ হৈ উঠিছে। এই খবৰ পোৱাৰ পিছতহে স্বস্তিৰ নিশ্বস পেলাইছে ৰুশ্বডীৰ প্ৰাক্তন পত্নী তথা ভাৰতীয় মডেল পদ্ম লক্ষ্মীয়ে। বিগত প্ৰায় ১৫ টা বছৰ ধৰি পদ্ম লক্ষ্মীৰ সৈতে ৰুশ্বদীৰ কোনো সম্পৰ্ক নাই। তথাপি যেন কিবা এক অদৃশ্য সম্পৰ্কৰ বান্ধেৰে বান্ধ খাই আছে দুয়ো। সেয়ে ৰুশ্বদীক আক্ৰমণ কৰাৰ খবৰ পোৱাৰ পিছৰে পৰা খোৱা-বোৱা এৰি দিছিল পদ্ম লক্ষ্মীয়ে। পাৰ কৰিছিল ইটোৰ পিছত সিটোকৈ বিনিদ্ৰ নিশা। 

অনৱৰতে ঈশ্বৰক প্ৰাৰ্থনা জনাইছিল’ৰুশ্বদীক সোনকালে ভাল কৰি দিয়া’ বুলি। পদ্ম লক্ষ্মীৰ লগতে আন বহুতৰে প্ৰাৰ্থনা যেন নেদেখা জনে শুনিলে। সেয়ে প্ৰাৰ্থনা আৰু চিকিৎসকৰ প্ৰচেষ্টাত ৰুশ্বদী ক্ৰমাৎ সুস্থ হ’বলৈ ধৰিছে।

শনিবাৰে ৰুশ্বদীক চিকিৎসলয়ৰ  ভেণ্টিলেটৰৰ পৰা বাহিৰলৈ লৈ অনা  হয়। ৰুশ্বদী ক্ৰমাৎ সুস্থ হোৱাৰ খবৰ পোৱাৰ পিছতে পদ্ম লক্ষ্মীয়ে টুইটত লিখিছে, "অৱশেষত, মই বাচি গ'লো।" ১৫ বছৰ আগতে দুয়ো পৃথক হৈছিল, কিন্তু  প্ৰাক্তন স্বামীৰ প্ৰতি  পদ্ম লক্ষ্মীৰ মৰম আজিও একেই আছে। 

পদ্ম লক্ষ্মীয়ে  টুইটাৰত  লিখিছে যে ছলমান সুস্থ হৈ আছে বুলি জানি তেওঁ অৱশেষত সকাহ পাইছে। বৈবাহিক জীৱন আৰম্ভ কৰাৰ পিছত  দুয়োমাত্ৰ তিনি বছৰৰ বাবেহে একেলগে আছিল।ৰুশ্বদীয়ে  ২০০৪ চনত মডেল পদ্ম লক্ষ্মীক বিয়া কৰাইছিল। ২০০৭ চনত দুয়োৰে মাজত বিবাহ বিচ্ছেদ হৈছিল। ৰুশ্বদীৰ সৈতে মডেল আৰু অভিনেত্ৰী পদ্মাৰ বয়সৰ পাৰ্থক্য আছিল ২৪ বছৰ। বিচ্ছেদৰ পিছত  ১৫ বছৰ পাৰ হৈ গ'ল। পদ্ম লক্ষ্মী বা ৰুশ্বদীয়ে কোনেও কাৰো খবৰ নাৰাখে। কিন্তু ৰুশ্বদীৰ বিপদৰ সময়ত থিৰেৰে থাকিব পৰা নাই পদ্ম লক্ষ্মী। 

এতিয়া ৰুশ্বদীৰ আৰোগ্যৰ খবৰ লাভ কৰি পদ্ম লক্ষ্মীৰ মনলৈ সাহস আহিছে। উল্লেখ্য ৰুশ্বদীৰ  শাৰীৰিক অৱস্থা শুকুৰবাৰে  সংকটজনক আছিল। কিন্তু লাহে লাহে তেওঁ সুস্থ হৈ উঠিবলৈ ধৰে। তথাপিও তেওঁ সম্পূৰ্ণৰূপে আৰোগ্য হ'বলৈ দীঘলীয়া সময় লাগিব বুলি চিকিৎসকে কৈছে। ৰুশ্বদীৰ  জন্ম মুম্বাইত হৈছিল। তেওঁৰ প্ৰাক্তন পত্নী পদ্মাৰ জন্ম চেন্নাইত হৈছিল। দুয়ো জন্মগতভাৱে ভাৰতীয় আৰু বিদেশত তেওঁলোকে নিজৰ নিজৰ  কৰ্মক্ষেত্ৰত সুনাম আৰ্জিছে। 

৫১ বছৰীয়া  পদ্ম লক্ষ্মী নিজেও এগৰাকী মডেলৰ লগতে  লেখিকাও। তেওঁ  ৰন্ধন সম্পৰ্কীয় টিভি অনুষ্ঠান টপচেফৰ হষ্ট হিচাবে বিশ্বজুৰি জনপ্ৰিয়। পদ্ম লক্ষ্মী ৰুশ্বদীৰ চতুৰ্থ পত্নী আছিল।

নিউ জাৰ্চীৰ এজন ২৪ বছৰীয়া যুৱকে  শুকুৰবাৰে নিউয়ৰ্কৰ ছটকা ইনষ্টিটিউচনত ৰুশ্বদীক আক্ৰমণ কৰিছিল। লেখকগৰাকীৰ  "দ্য ছেটানিক ভাৰ্চেছ" নামৰ কিতাপখনৰ বাবে কেইবাবাৰো ইছলামিক মৌলবাদীৰ পৰা তেওঁ  মৃত্যুৰ ভাবুকি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু