--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএক প্ৰাণঘাতী আক্ৰমণৰ বলি হোৱা প্ৰখ্যাত লেখক ছলমান ৰুশ্বদী ক্ৰমাৎ সুস্থ হৈ উঠিছে। এই খবৰ পোৱাৰ পিছতহে স্বস্তিৰ নিশ্বস পেলাইছে ৰুশ্বডীৰ প্ৰাক্তন পত্নী তথা ভাৰতীয় মডেল পদ্ম লক্ষ্মীয়ে। বিগত প্ৰায় ১৫ টা বছৰ ধৰি পদ্ম লক্ষ্মীৰ সৈতে ৰুশ্বদীৰ কোনো সম্পৰ্ক নাই। তথাপি যেন কিবা এক অদৃশ্য সম্পৰ্কৰ বান্ধেৰে বান্ধ খাই আছে দুয়ো। সেয়ে ৰুশ্বদীক আক্ৰমণ কৰাৰ খবৰ পোৱাৰ পিছৰে পৰা খোৱা-বোৱা এৰি দিছিল পদ্ম লক্ষ্মীয়ে। পাৰ কৰিছিল ইটোৰ পিছত সিটোকৈ বিনিদ্ৰ নিশা। 

অনৱৰতে ঈশ্বৰক প্ৰাৰ্থনা জনাইছিল’ৰুশ্বদীক সোনকালে ভাল কৰি দিয়া’ বুলি। পদ্ম লক্ষ্মীৰ লগতে আন বহুতৰে প্ৰাৰ্থনা যেন নেদেখা জনে শুনিলে। সেয়ে প্ৰাৰ্থনা আৰু চিকিৎসকৰ প্ৰচেষ্টাত ৰুশ্বদী ক্ৰমাৎ সুস্থ হ’বলৈ ধৰিছে।

শনিবাৰে ৰুশ্বদীক চিকিৎসলয়ৰ  ভেণ্টিলেটৰৰ পৰা বাহিৰলৈ লৈ অনা  হয়। ৰুশ্বদী ক্ৰমাৎ সুস্থ হোৱাৰ খবৰ পোৱাৰ পিছতে পদ্ম লক্ষ্মীয়ে টুইটত লিখিছে, "অৱশেষত, মই বাচি গ'লো।" ১৫ বছৰ আগতে দুয়ো পৃথক হৈছিল, কিন্তু  প্ৰাক্তন স্বামীৰ প্ৰতি  পদ্ম লক্ষ্মীৰ মৰম আজিও একেই আছে। 

পদ্ম লক্ষ্মীয়ে  টুইটাৰত  লিখিছে যে ছলমান সুস্থ হৈ আছে বুলি জানি তেওঁ অৱশেষত সকাহ পাইছে। বৈবাহিক জীৱন আৰম্ভ কৰাৰ পিছত  দুয়োমাত্ৰ তিনি বছৰৰ বাবেহে একেলগে আছিল।ৰুশ্বদীয়ে  ২০০৪ চনত মডেল পদ্ম লক্ষ্মীক বিয়া কৰাইছিল। ২০০৭ চনত দুয়োৰে মাজত বিবাহ বিচ্ছেদ হৈছিল। ৰুশ্বদীৰ সৈতে মডেল আৰু অভিনেত্ৰী পদ্মাৰ বয়সৰ পাৰ্থক্য আছিল ২৪ বছৰ। বিচ্ছেদৰ পিছত  ১৫ বছৰ পাৰ হৈ গ'ল। পদ্ম লক্ষ্মী বা ৰুশ্বদীয়ে কোনেও কাৰো খবৰ নাৰাখে। কিন্তু ৰুশ্বদীৰ বিপদৰ সময়ত থিৰেৰে থাকিব পৰা নাই পদ্ম লক্ষ্মী। 

এতিয়া ৰুশ্বদীৰ আৰোগ্যৰ খবৰ লাভ কৰি পদ্ম লক্ষ্মীৰ মনলৈ সাহস আহিছে। উল্লেখ্য ৰুশ্বদীৰ  শাৰীৰিক অৱস্থা শুকুৰবাৰে  সংকটজনক আছিল। কিন্তু লাহে লাহে তেওঁ সুস্থ হৈ উঠিবলৈ ধৰে। তথাপিও তেওঁ সম্পূৰ্ণৰূপে আৰোগ্য হ'বলৈ দীঘলীয়া সময় লাগিব বুলি চিকিৎসকে কৈছে। ৰুশ্বদীৰ  জন্ম মুম্বাইত হৈছিল। তেওঁৰ প্ৰাক্তন পত্নী পদ্মাৰ জন্ম চেন্নাইত হৈছিল। দুয়ো জন্মগতভাৱে ভাৰতীয় আৰু বিদেশত তেওঁলোকে নিজৰ নিজৰ  কৰ্মক্ষেত্ৰত সুনাম আৰ্জিছে। 

৫১ বছৰীয়া  পদ্ম লক্ষ্মী নিজেও এগৰাকী মডেলৰ লগতে  লেখিকাও। তেওঁ  ৰন্ধন সম্পৰ্কীয় টিভি অনুষ্ঠান টপচেফৰ হষ্ট হিচাবে বিশ্বজুৰি জনপ্ৰিয়। পদ্ম লক্ষ্মী ৰুশ্বদীৰ চতুৰ্থ পত্নী আছিল।

নিউ জাৰ্চীৰ এজন ২৪ বছৰীয়া যুৱকে  শুকুৰবাৰে নিউয়ৰ্কৰ ছটকা ইনষ্টিটিউচনত ৰুশ্বদীক আক্ৰমণ কৰিছিল। লেখকগৰাকীৰ  "দ্য ছেটানিক ভাৰ্চেছ" নামৰ কিতাপখনৰ বাবে কেইবাবাৰো ইছলামিক মৌলবাদীৰ পৰা তেওঁ  মৃত্যুৰ ভাবুকি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক