--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ কন্যা পৰকলা বাংময়ী বৃহস্পতিবাৰে (৮ জুন) বিবাহপাশত আবদ্ধ হয়। বাংগালুৰুৰ ঘৰত সম্পন্ন হয় এই বিবাহ। বিবাহ অনুষ্ঠানৰ ছবি এতিয়া চৰ্চালৈ আহিছে। জানিব পৰা অনুসৰি পৰকলা বাংময়ীয়ে ঘৰতে সাধাৰণভাৱে বিবাহপাশত আবদ্ধ হৈছিল, য’ত কেৱল পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱীয়েহে অংশগ্ৰহণ কৰিছিল। অনুষ্টুপীয়াকৈ সম্পন্ন হ’ল এই বিয়া।

বিবাহ অনুষ্ঠানত দেখা নগ’ল ৰাজনৈতিক ব্যক্তিত্ব। পৰকলা বাংময়ীৰ স্বামীৰ নাম প্ৰতীক। বিত্তমন্ত্ৰীৰ কন্যাৰ বিবাহ ব্ৰাহ্মণ পৰম্পৰা অনুসৰি আৰু উডুপি আদামাৰু মঠৰ সন্তসকলৰ আশীৰ্বাদত হৈছিল।

বিত্তমন্ত্ৰীৰ কন্যাৰ বিয়াৰ ভিডিঅ'টো বহু ইউজাৰে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত বৈদিক জপ শুনা গৈছে। ওচৰতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ উপস্থিত থকা দেখা গৈছে। 

দীপক কুমাৰ নামৰ এজন ইউজাৰে টুইট কৰি কয়, "কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ কন্যাই কালি বেংগালুৰুত বিবাহপাশত আবদ্ধ হয়।" এই খবৰ টিভি বা ছপা মাধ্যমত নাই। এয়া সৰল জীৱন যাপনৰ উদাহৰণ।

পৰকলা বাংময়ী পেছাত এগৰাকী মাল্টিমিডিয়া সাংবাদিক। তেওঁ মেছাচুচেটছৰ বষ্টনৰ নৰ্থৱেষ্টাৰ্ণ ইউনিভাৰ্চিটিৰ পৰা সাংবাদিকতাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত বি এম আৰু এম এ কৰিছে। লাইভ মিণ্ট, দ্য ভইচ অৱ ফেশ্বন আৰু দ্য হিন্দু আদি সংগঠনৰ সৈতে কাম কৰিছে পৰকলাই। 













FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস