--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ কন্যা পৰকলা বাংময়ী বৃহস্পতিবাৰে (৮ জুন) বিবাহপাশত আবদ্ধ হয়। বাংগালুৰুৰ ঘৰত সম্পন্ন হয় এই বিবাহ। বিবাহ অনুষ্ঠানৰ ছবি এতিয়া চৰ্চালৈ আহিছে। জানিব পৰা অনুসৰি পৰকলা বাংময়ীয়ে ঘৰতে সাধাৰণভাৱে বিবাহপাশত আবদ্ধ হৈছিল, য’ত কেৱল পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱীয়েহে অংশগ্ৰহণ কৰিছিল। অনুষ্টুপীয়াকৈ সম্পন্ন হ’ল এই বিয়া।

বিবাহ অনুষ্ঠানত দেখা নগ’ল ৰাজনৈতিক ব্যক্তিত্ব। পৰকলা বাংময়ীৰ স্বামীৰ নাম প্ৰতীক। বিত্তমন্ত্ৰীৰ কন্যাৰ বিবাহ ব্ৰাহ্মণ পৰম্পৰা অনুসৰি আৰু উডুপি আদামাৰু মঠৰ সন্তসকলৰ আশীৰ্বাদত হৈছিল।

বিত্তমন্ত্ৰীৰ কন্যাৰ বিয়াৰ ভিডিঅ'টো বহু ইউজাৰে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত বৈদিক জপ শুনা গৈছে। ওচৰতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ উপস্থিত থকা দেখা গৈছে। 

দীপক কুমাৰ নামৰ এজন ইউজাৰে টুইট কৰি কয়, "কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ কন্যাই কালি বেংগালুৰুত বিবাহপাশত আবদ্ধ হয়।" এই খবৰ টিভি বা ছপা মাধ্যমত নাই। এয়া সৰল জীৱন যাপনৰ উদাহৰণ।

পৰকলা বাংময়ী পেছাত এগৰাকী মাল্টিমিডিয়া সাংবাদিক। তেওঁ মেছাচুচেটছৰ বষ্টনৰ নৰ্থৱেষ্টাৰ্ণ ইউনিভাৰ্চিটিৰ পৰা সাংবাদিকতাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত বি এম আৰু এম এ কৰিছে। লাইভ মিণ্ট, দ্য ভইচ অৱ ফেশ্বন আৰু দ্য হিন্দু আদি সংগঠনৰ সৈতে কাম কৰিছে পৰকলাই। 













FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ