--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে দেশৰ প্ৰধানমন্ত্ৰী হ’বলৈ বিচাৰিছিল৷ কিন্তু ছোনিয়া গান্ধীয়ে মুখাৰ্জীয়ে তেওঁৰ কৰ্তৃত্বক প্ৰত্যাহ্বান জনাব বুলি ধাৰণা কৰি লৈছিল৷’ এই বিস্ফোৰক মন্তব্য প্ৰণৱ মুখাৰ্জীৰ কন্যা শৰ্মিষ্ঠা মুখাৰ্জীৰ৷ শৰ্মিষ্ঠাই এইটোও দাবী কৰিছিল যে ছোনিয়া গান্ধীয়ে তেওঁৰ নিজৰ আৰু পৰিয়ালৰ স্বাৰ্থ সুৰক্ষিত কৰিছিল৷ সেয়েহে তেওঁলোকে এজন প্ৰধানমন্ত্ৰী বনাইছিল যিয়ে তেওঁৰ কৰ্তৃত্বক প্ৰত্যাহ্বান জনোৱা নাছিল। 

বুধবাৰে সংবাদ সংস্থা এএনআইৰে হোৱা আছুতীয়া আলাপত তেওঁ কয়, হয়, তেওঁ প্ৰধানমন্ত্ৰী হ’ব বিচাৰিছিল৷ কিন্তু তেওঁ জানিছিল যে তেওঁ হ’বগৈ নোৱাৰে৷ সেয়েহে তেওঁ প্ৰধানমন্ত্ৰী হ’ব বুলি হতাশাত নাছিল।

শৰ্মিষ্ঠাই কয়, মই তেওঁক এবাৰ সুধিছিলোঁ যে তেওঁ প্ৰধানমন্ত্ৰী হ'ব বিচাৰে নেকি আৰু তেওঁ কৈছিল- হয়, যিকোনো ৰাজনীতিবিদে প্ৰধানমন্ত্ৰী হ’ব বিচাৰে৷ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মই প্ৰধানমন্ত্ৰী হ’ম৷ প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীৰ কন্যাগৰাকীয়ে কয়। 

উল্লেখযোগ্য যে শৰ্মিষ্ঠা মুখাৰ্জীয়ে তেওঁৰ প্ৰকাশিতব্য গ্ৰন্থ ‘ইন প্ৰণৱ, মাই ফাদাৰ: এ ডটাৰ ৰিমেম্বাৰছ‘ত এই খণ্ডটো লিখিছে। ‘দ্য পিএম ইণ্ডিয়া নেভাৰ হেড’ শীৰ্ষক অধ্যায়টোত শৰ্মিষ্ঠাই লগতে লিখিছে, ছোনিয়াই প্ৰধানমন্ত্ৰী পদৰ দৌৰৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তৰ পাছত, সংবাদ মাধ্যম আৰু ৰাজনৈতিক ক্ষেত্ৰৰ ভিতৰত তীব্ৰ জল্পনা-কল্পনা চলিছিল। ড° মনমোহন সিং আৰু প্ৰণৱ মুখাৰ্জীৰ নাম এই পদৰ শীৰ্ষ দাবীদাৰ হিচাপে আলোচনা কৰা হৈছিল। দেউতা ব্যস্ত হোৱাৰ বাবে মই দুদিনধৰি তেওঁক লগ পোৱাৰ সুযোগ নাপালোঁ৷ কিন্তু মই তেওঁৰ সৈতে ফোনযোগে কথা পাতিছিলোঁ। মই তেওঁক উৎসাহেৰে সুধিছিলোঁ যে তেওঁ প্ৰধানমন্ত্ৰী হ’বলৈ গৈ আছে নেকি?

সেই সময়ত প্ৰণৱ মুখাৰ্জীৰ সঁহাৰি স্পষ্ট আছিল৷ তেওঁ কৈছিল, ছোনিয়া গান্ধীয়ে মোক প্ৰধানমন্ত্ৰী নকৰিব। হ‘ব মনমোহন সিং। 
কিন্তু তেওঁ সেয়া শীঘ্ৰে ঘোষণা কৰা উচিত। এই অনিশ্চয়তা দেশৰ বাবে ভাল নহয়৷

শৰ্মিষ্ঠা মুখাৰ্জীৰ এই গ্ৰন্থখন প্ৰণৱ মুখাৰ্জীৰ জন্মদিন ১১ ডিচেম্বৰত ৰূপা প্ৰকাশনৰ দ্বাৰা মুকলি কৰা হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক