--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক্ৰমাৎ দূৰত্ব বৃদ্ধি পাইছে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী আৰু তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ মাজত৷ তিনিদিনীয়া মুম্বাই ভ্ৰমণত কালি মমতা বেনাৰ্জীয়ে এনচিপি নেতা শাৰদ পাৱাৰ আৰু শিৱসেনাৰ সৈতে বৈঠকত মিলিত হয়৷ এই বৈঠকৰ অন্তত মমতা বেনাৰ্জীয়ে আনুষ্ঠানিকভাৱে ইউপিএ ভংগৰ ইংগিত দিয়ে৷ তেওঁ কয়, ‘ইউপিএ কি? এতিয়া কোনো ইউপিএ নাই?’ শাৰদ পাৱাৰক সাক্ষাতৰ ঠিক পাছতেই মমতা বেনাৰ্জীৰ এই মন্তব্যই দেশৰ ৰাজনৈতিক পৰিস্থিতিত প্ৰভাৱ পেলাব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে৷

ইয়াৰ পূৰ্বেও বেনাৰ্জীয়ে নতুন দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰা সময়ছোৱাত ছোনিয়া গান্ধীক সাক্ষাতৰ পৰা বিৰত আছিল৷ ২০২৪ৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিবিৰোধী আৰু কংগ্ৰেছৰহিত বিকল্প শক্তি গঠনৰ পূৰ্ণোদ্যম চেষ্টা অব্যাহত ৰাখিছে মমতা বেনাৰ্জীয়ে৷ কিন্তু, মমতাৰ এই প্ৰচেষ্টাত যেন বিধি-পথালি দিছে ছোনিয়া গান্ধীয়ে৷ ছোনিয়া গান্ধীৰ পুত্ৰস্নেহ আৰু কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে বিকল্প ৰাজনৈতিক মঞ্চ গঠনত হেঙাৰ হৈ থিয় দিছে৷

মমতা বেনাৰ্জীয়ে সাক্ষাৎ কৰাৰ পাছত মহাৰাষ্ট্ৰৰ শক্তিশালী নেতা শাৰদ পাৱাৰে টুইটযোগে মন্তব্য কৰিছে এইদৰে, গণতান্ত্ৰিক মূল্যবোধ ৰক্ষা আৰু আমাৰ মানুহৰ উন্নয়ন নিশ্চিতকৰণৰ প্ৰতি থকা দায়বদ্ধতাৰ বিষয়ে আলোচনা কৰাৰ লগতে সমূহীয়া প্ৰচেষ্টা শক্তিশালীকৰণৰ প্ৰয়োজনীয়তাৰ বিষয়ে আমি সন্মতি প্ৰকাশ কৰোঁ৷ মমতা বেনাৰ্জীয়ে কালি শিৱসেনাৰ আদিত্য থাকৰে আৰু সঞ্জয় ৰাউটৰ সৈতেও বৈঠকত মিলিত হয়৷ মমতা বেনাৰ্জীয়ে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে যে, যিসকলে যুঁজিব বিচাৰে তেওঁলোকে শক্তিশালী বিকল্প গঢ়ি তুলিব লাগিব৷

শেহতীয়াকৈ জ্যেষ্ঠ কংগ্ৰেছ নেতা গোলাম নবী আজাদেও কংগ্ৰেছ দল ত্যাগ কৰিবলৈ যো-জা চলাইছে৷ আনকি, তেওঁ কংগ্ৰেছ এৰি বিজেপিৰ সভাপতিৰ দায়িত্বও ল'ব পাৰে বুলি খবৰ ওলাইছে৷ যোৱা সপ্তাহত মেঘালয়ৰ কংগ্ৰেছ বিধায়কে কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছে৷ অসমতো ইজনৰ পিছত সিজন বিধায়কে এৰিছে কংগ্ৰেছ দল৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কপিল ছিবাল, শশী থাৰুৰৰ দৰে নেতাৰ কংগ্ৰেছ নেতৃত্বৰ মাজত গুৰুত্ব কমি আহিছে৷ ৰাহুল গান্ধীক নেতা হিচাপে মানি ল'বলৈ প্ৰস্তুত নহয় কংগ্ৰেছৰ বহু পুৰণি নেতা৷ দলটোত থকা শিক্ষিত আৰু প্ৰভাৱশালী নেতাবোৰ নেতৃত্বৰ পৰা বঞ্চিত হৈ আহিছে৷

গণতান্ত্ৰিক পদ্ধতিৰে নেতা বাছনিৰ সলনি পৰিয়ালতন্ত্ৰকেই খামুচি আছে ছোনিয়া গান্ধীয়ে৷ যাৰ পৰিপ্ৰেক্ষিতত অদ্যাপি বিজেপিক ৰুধিবলৈ বিকল্প বিৰোধী মঞ্চ গঠন হোৱা নাই৷ বিৰোধীৰ ঐক্যবদ্ধ মঞ্চ গঠনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে নিৰ্বাচনী কৌশল নিৰ্ধাৰক প্ৰশান্ত কিশোৰে৷ কংগ্ৰেছৰ ভূমিকাত অসন্তুষ্ট প্ৰশান্ত কিশোৰে অলপতে মন্তব্য কৰিছে যে যোৱা দহ বছৰত ৯০% নিৰ্বাচনত পৰাজিত হৈছে কংগ্ৰেছ৷ তৎসত্ত্বেও, কংগ্ৰেছ দলটো দলটোৰ ভিতৰচ'ৰাত গণতান্ত্ৰিক নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে কিশোৰে৷

ইতিহাসলৈ চালে দেখা যায় যে কংগ্ৰেছৰ পৰিয়ালতন্ত্ৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰি কংগ্ৰেছ ত্যাগ কৰি তৃণমূলত যোগ দিছিল মেঘালয়ৰ বলিষ্ঠ নেতা পূৰ্ণ এ চাংমায়ে৷ সমাগত পাঁচখন ৰাজ্যতো শক্তিশালী নহয় কংগ্ৰেছৰ স্থিতি৷ তথাপি, আত্মম্ভৰিতাক বাদ নিদিয়ে কংগ্ৰেছে৷ তাৰ বিপৰীতে, মমতা বেনাৰ্জীয়ে যৎপৰোনাস্তি চেষ্টা চলাইছে বিজেপিৰ বিকল্প মঞ্চ গঠনৰ বাবে৷ তেওঁ দেশৰ আঞ্চলিক দলসমূহকো বিকল্প মঞ্চৰ আওতালৈ অনাৰ বাবে চেষ্টা চলাই আছে৷

তাৰেই অংশস্বৰূপে অসমৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু ৰাইজৰ দলৰ নেতৃত্বৰ কলিকতাত মমতা বেনাৰ্জীৰে সাক্ষাৎ হৈছিল৷ এনে পৰিস্থিতিলৈ চাই অনুমান কৰিব পাৰি যে অহা লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক বাদ দি হ'লেও গঠন হ'ব বিকল্প মঞ্চ৷ আকৌ ইউপিএ ভংগৰ পাছত কংগ্ৰেছক বাদ দি এই বিকল্প মঞ্চই নিৰ্বাচনী ৰণক্ষেত্ৰত সফল হয় নে নহয়, সেয়া সময়ে ক'ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?