--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কৰ'নাৰ লীলা বৰ্তমানেও শেষ হোৱা নাই৷ কৰ’নাৰ নতুন প্ৰকাৰ অ’মিক্ৰনৰ প্ৰভাৱে এতিয়া পুনৰ শংকাৰ সৃষ্টি কৰিছে বিশ্ববাসীৰ মাজত৷ ইতিমধ্যে ভাৰততো অ’মিক্ৰনৰ সংক্ৰমণৰ তথ্য পোহৰলৈ আহিছে৷ দেশত পুনৰ আগ্ৰাসন আৰম্ভ কৰাৰ পূৰ্বেই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে অতি সোনকালে সকলোকে ক'ভিড প্ৰতিষেধক প্ৰদান কৰিবলৈ তৎপৰ হৈ উঠিছে। কৰ’নাৰ সংক্ৰমণ সম্প্ৰতি কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও নতুন প্ৰকাৰ অ’মিক্ৰনে নতুন আশংকাৰ সৃষ্টি কৰিছে।


ইপিনে, বিশেষজ্ঞসকলে দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকা কৰি দেশবাসীক ক'ভিড বিধি মানি চলিবলৈ আহ্বান জনাই আহিছে। শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ঘণ্টাত দেশত চিনাক্ত হৈছে মুঠ ৯ হাজাৰ ২১৬ জন কৰ’না আক্ৰান্ত। বৃহস্পতিবাৰৰ দিনটোত দেশত মুঠ কৰ’নাত আক্ৰান্ত হৈছিল ৯ হাজাৰ ৭৬৫ জন লোক। ইপিনে, যোৱা ২৪ ঘণ্টাত দেশত ৩৯১ জন ক'ভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৭০ হাজাৰ ১১৫জন। লগতে ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৮হাজাৰ ৬১২ জন।


আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৩৯১ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৭০ হাজাৰ ১১৫জন। যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৮হাজাৰ ৬১২ জন। ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৯৯হাজাৰ ৯৭৬জন।বৰ্তমানলৈ দেশত ১২৫ কোটি ৭৫লাখ ৫হাজাৰ ৫১৪জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৭৩ লাখ ৬৭হাজাৰতকৈ অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি