--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোদী, প্ৰচাৰ প্ৰিয় মানুহজনে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত বিজেপি চৰকাৰৰ দিনতে দেশখনে উন্নয়নৰ মুখ দেখিলে বুলি ক’ব খোজে৷ কিন্তু বাস্তৱিকতে সেই উন্নয়ন কোনদিশে গতি কৰিলে দেশবাসী অৱগত৷ মোদীৰ মুখত সততে দেশখনৰ নিৱনুৱা প্ৰসংগত মাত মতাও শুনিবলৈ পোৱা যায়৷ নিবনুৱাক সন্দৰ্ভত দেশখনৰ প্ৰধানমন্ত্ৰীয়ে এটাও সঠিক পদক্ষেপ গ্ৰহণ নকৰিলে বুলি দেশবাসীৰ সদায়েই এটা অভিযোগ৷ দেশখনৰ প্ৰধান বিৰোধী দল ভাৰতীয় জাতীয় কংগ্ৰেছে নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্মবাৰ্ষিকটো 'ৰাষ্ট্ৰীয় নিবনুৱাক দিৱস' হিচাপে পালন কৰিলে

প্ৰধানমন্ত্ৰীয়ে দেখা ‘নতুন ভাৰত’ৰ সপোনটো যেন এক প্ৰকাৰৰ 'নিবনুৱা ভাৰত' বুলিও বহুতে ক’ব বিচাৰে। দেশখনত বৰ্তমান নিবনুৱা সমস্যই এক চূড়ান্ত ৰূপ ধাৰণ কৰিছে৷ সেই সময়তে ভাৰতৰ শিক্ষিত নিৱনুৱাসকল এই ক্ষেত্ৰত পূৰ্বতকৈ অধিক সৰব হৈ পৰিছে৷ শেহতীয়াকৈ, উত্তৰ প্ৰদেশৰ টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত, সেই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল (লিক) হোৱাৰ বহুদিনৰ পাছতো চৰকাৰে সেই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিব নোৱাৰিলে৷ এই ক্ষোভৰ বহিঃপ্ৰকাশ হিচাপে পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা ২০ লাখ পৰীক্ষাৰ্থীয়ে ৰাজপথলৈ উলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে৷

তাৰোপৰি, উত্তৰ প্ৰদেশৰ টেট পৰীক্ষা বিলম্ব হোৱাৰ পাছত এইবাৰ ৰে'লৱে নিযুক্তি ব'ৰ্ডৰ আৰ.আৰ.বি. গ্ৰুপ-ডি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অপেক্ষা কৰি থকা প্ৰায় এক কোটি প্ৰাৰ্থীয়ে অনলাইন প্ৰতিবাদ আৰম্ভ কৰিছে। দৰাচলতে, আৱেদনকাৰীসকলে আৰ.আৰ.বি. গ্ৰুপ ডি পৰীক্ষাৰ তাৰিখৰ বাবে তিনি বছৰ ধৰি অপেক্ষা কৰি থকাৰ পাছতো এতিয়ালৈকে ৰে’লৱে’ ব’ৰ্ডে কোনো আনুষ্ঠানিক তাৰিখ এতিয়ালৈকে ঘোষণা কৰা নাই।

পৰীক্ষাত পলম হোৱাৰ বাবে বৰ্তমান টুইটাৰত #JusticeForRailwayStudents নামৰ এটা ট্ৰেণ্ডো চলি আছে যিটো চাৰি মিলিয়নতকৈয়ো অধিক বাৰ টুইট কৰা হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰাৰ্থীসকলৰ সপক্ষে লিখিছিল, "আগতে ৰে’লৱে চাকৰি এক সন্মান আছিল, আজি ৰে'লৱেত কোনো চাকৰি নাই, জনতাৰ ওপৰত এই অন্যায় বন্ধ কৰিবলৈ তেওঁ মোদী চৰকাৰক দাবী জনায়৷’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক