--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোদী, প্ৰচাৰ প্ৰিয় মানুহজনে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত বিজেপি চৰকাৰৰ দিনতে দেশখনে উন্নয়নৰ মুখ দেখিলে বুলি ক’ব খোজে৷ কিন্তু বাস্তৱিকতে সেই উন্নয়ন কোনদিশে গতি কৰিলে দেশবাসী অৱগত৷ মোদীৰ মুখত সততে দেশখনৰ নিৱনুৱা প্ৰসংগত মাত মতাও শুনিবলৈ পোৱা যায়৷ নিবনুৱাক সন্দৰ্ভত দেশখনৰ প্ৰধানমন্ত্ৰীয়ে এটাও সঠিক পদক্ষেপ গ্ৰহণ নকৰিলে বুলি দেশবাসীৰ সদায়েই এটা অভিযোগ৷ দেশখনৰ প্ৰধান বিৰোধী দল ভাৰতীয় জাতীয় কংগ্ৰেছে নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্মবাৰ্ষিকটো 'ৰাষ্ট্ৰীয় নিবনুৱাক দিৱস' হিচাপে পালন কৰিলে

প্ৰধানমন্ত্ৰীয়ে দেখা ‘নতুন ভাৰত’ৰ সপোনটো যেন এক প্ৰকাৰৰ 'নিবনুৱা ভাৰত' বুলিও বহুতে ক’ব বিচাৰে। দেশখনত বৰ্তমান নিবনুৱা সমস্যই এক চূড়ান্ত ৰূপ ধাৰণ কৰিছে৷ সেই সময়তে ভাৰতৰ শিক্ষিত নিৱনুৱাসকল এই ক্ষেত্ৰত পূৰ্বতকৈ অধিক সৰব হৈ পৰিছে৷ শেহতীয়াকৈ, উত্তৰ প্ৰদেশৰ টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত, সেই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল (লিক) হোৱাৰ বহুদিনৰ পাছতো চৰকাৰে সেই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিব নোৱাৰিলে৷ এই ক্ষোভৰ বহিঃপ্ৰকাশ হিচাপে পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা ২০ লাখ পৰীক্ষাৰ্থীয়ে ৰাজপথলৈ উলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে৷

তাৰোপৰি, উত্তৰ প্ৰদেশৰ টেট পৰীক্ষা বিলম্ব হোৱাৰ পাছত এইবাৰ ৰে'লৱে নিযুক্তি ব'ৰ্ডৰ আৰ.আৰ.বি. গ্ৰুপ-ডি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অপেক্ষা কৰি থকা প্ৰায় এক কোটি প্ৰাৰ্থীয়ে অনলাইন প্ৰতিবাদ আৰম্ভ কৰিছে। দৰাচলতে, আৱেদনকাৰীসকলে আৰ.আৰ.বি. গ্ৰুপ ডি পৰীক্ষাৰ তাৰিখৰ বাবে তিনি বছৰ ধৰি অপেক্ষা কৰি থকাৰ পাছতো এতিয়ালৈকে ৰে’লৱে’ ব’ৰ্ডে কোনো আনুষ্ঠানিক তাৰিখ এতিয়ালৈকে ঘোষণা কৰা নাই।

পৰীক্ষাত পলম হোৱাৰ বাবে বৰ্তমান টুইটাৰত #JusticeForRailwayStudents নামৰ এটা ট্ৰেণ্ডো চলি আছে যিটো চাৰি মিলিয়নতকৈয়ো অধিক বাৰ টুইট কৰা হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰাৰ্থীসকলৰ সপক্ষে লিখিছিল, "আগতে ৰে’লৱে চাকৰি এক সন্মান আছিল, আজি ৰে'লৱেত কোনো চাকৰি নাই, জনতাৰ ওপৰত এই অন্যায় বন্ধ কৰিবলৈ তেওঁ মোদী চৰকাৰক দাবী জনায়৷’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি