--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেংগানাত  ৰেৱন্ত ৰেড্ডীয়ে ৭ ডিচেম্বৰত ৰাজ্য খনৰ তৃতীয়গৰাকী মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। তেওঁ শপতগ্ৰহণ অনুষ্ঠানতে  ছোনিয়া গান্ধীক প্ৰণাম জনাইছিল। কিন্তু ছোনিয়াৰ  কাষতে বহি থকা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক ৰেড্ডীয়ে প্ৰণাম কৰা নাছিল।  ৰেৱন্তে ছোনিয়াতকৈ ডাঙৰ খাৰ্গেক কিয় সেৱা জনোৱা নাছিল তাকেলৈ এতিয়া বিজেপিয়ে প্ৰশ্ন কৰিছে। খৰ্গে  'দলিত' বাবেই তেওঁক ৰেড্ডীয়ে সেৱা নকৰিলে নেকি বুলি বিজেপিয়ে প্ৰশ্ন কৰিছে।

বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালৱীয়ই টুইটত কয়, "শপতগ্ৰহণ কৰাৰ পিছত ৰেৱন্ত ৰেড্ডী আৰু তেওঁৰ পত্নীয়ে ছোনিয়া গান্ধীৰ ভৰি স্পৰ্শ কৰি আশীৰ্বাদ লয়।ইয়াত কোনো ভুল নাই, ই আমাৰ সংস্কৃতিৰ অংশ। কিন্তু তেওঁ কেৱল খাৰ্গেৰ সৈতে কৰমৰ্দনহে  কৰিছিল।  তেওঁ  দলিত নে ৰাবাৰ ষ্টেম্প সভাপতি? নে  দুয়োটাই?'

 বৃহস্পতিবাৰে হায়দৰাবাদৰ এলবি ষ্টেডিয়ামত লাখ লাখ লোকৰ সন্মুখত ৰেৱন্তে শপত গ্ৰহণ কৰিছিল। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে,  ছোনিয়া গান্ধী আৰু দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীও সেই অনুষ্ঠানত উপস্থিত আছিল। ১১৯ জনীয়া তেলেংগানা বিধানসভাত কংগ্ৰেছে ৬৪ খন আসন লাভ কৰিছিল। চিপিআইয়ে এখন আসনত জিকিছিল। বিআৰএছে ৩৯ খন আসনত জিকিছে। বিজেপিয়ে 8 খন আসন লাভ কৰিছে।এআইএমআইএমে ৭ খন আসনত জিকিছে। তিনিখন ৰাজ্যত পৰাজয় স্বত্বেও, হাত শিবিৰে কেৱল এখন ৰাজ্যতে সফলতা লাভ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক