--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেংগানাত  ৰেৱন্ত ৰেড্ডীয়ে ৭ ডিচেম্বৰত ৰাজ্য খনৰ তৃতীয়গৰাকী মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। তেওঁ শপতগ্ৰহণ অনুষ্ঠানতে  ছোনিয়া গান্ধীক প্ৰণাম জনাইছিল। কিন্তু ছোনিয়াৰ  কাষতে বহি থকা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক ৰেড্ডীয়ে প্ৰণাম কৰা নাছিল।  ৰেৱন্তে ছোনিয়াতকৈ ডাঙৰ খাৰ্গেক কিয় সেৱা জনোৱা নাছিল তাকেলৈ এতিয়া বিজেপিয়ে প্ৰশ্ন কৰিছে। খৰ্গে  'দলিত' বাবেই তেওঁক ৰেড্ডীয়ে সেৱা নকৰিলে নেকি বুলি বিজেপিয়ে প্ৰশ্ন কৰিছে।

বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালৱীয়ই টুইটত কয়, "শপতগ্ৰহণ কৰাৰ পিছত ৰেৱন্ত ৰেড্ডী আৰু তেওঁৰ পত্নীয়ে ছোনিয়া গান্ধীৰ ভৰি স্পৰ্শ কৰি আশীৰ্বাদ লয়।ইয়াত কোনো ভুল নাই, ই আমাৰ সংস্কৃতিৰ অংশ। কিন্তু তেওঁ কেৱল খাৰ্গেৰ সৈতে কৰমৰ্দনহে  কৰিছিল।  তেওঁ  দলিত নে ৰাবাৰ ষ্টেম্প সভাপতি? নে  দুয়োটাই?'

 বৃহস্পতিবাৰে হায়দৰাবাদৰ এলবি ষ্টেডিয়ামত লাখ লাখ লোকৰ সন্মুখত ৰেৱন্তে শপত গ্ৰহণ কৰিছিল। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে,  ছোনিয়া গান্ধী আৰু দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীও সেই অনুষ্ঠানত উপস্থিত আছিল। ১১৯ জনীয়া তেলেংগানা বিধানসভাত কংগ্ৰেছে ৬৪ খন আসন লাভ কৰিছিল। চিপিআইয়ে এখন আসনত জিকিছিল। বিআৰএছে ৩৯ খন আসনত জিকিছে। বিজেপিয়ে 8 খন আসন লাভ কৰিছে।এআইএমআইএমে ৭ খন আসনত জিকিছে। তিনিখন ৰাজ্যত পৰাজয় স্বত্বেও, হাত শিবিৰে কেৱল এখন ৰাজ্যতে সফলতা লাভ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে