--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ এগৰাকী ক্ৰিকেটাৰে বিশ্বকাপৰ সময়তে বিশ্ব অভিলেখ গঢ়িছে। তাৰ ঘৰুৱা ক্ৰিকেটত তেওঁ অভাৰৰ ৬টা বলত ৬টা উইকেট দখল কৰে। এতিয়ালৈকে এই ঘটনা ক্ৰিকেটৰ ইতিহাসত দেখা পোৱা নাই।

অষ্ট্ৰেলিয়াৰ ঘৰুৱা ক্ৰিকেটত গোল্ড কোষ্ট প্ৰিমিয়াৰ লীগত চাৰ্ফাৰ্ছ পেৰাডাইজৰ বিৰুদ্ধে মুডগীৰাবাৰ খেল। সেই মেচখন জয় কৰিবলৈ শেষৰ অভাৰত ৫ ৰানৰ প্ৰয়োজন হৈছিল চাৰ্ফাৰছক। শেষৰ অভাৰত বলিং কৰিবলৈ আহিছিল মুডগীৰাবাৰ অধিনায়ক গেৰেথ মৰ্গানে। অভাৰৰ প্ৰতিটো বলত তেওঁ এটা উইকেট লয়। মৰ্গানে দলটোক ৪ ৰানত জয়লাভ কৰে।

মৰ্গানে প্ৰথম বলৰ সহায়ত চাৰ্ফাৰ্ছৰ অ’পেনাৰ জেক গাৰ্লেণ্ডক আউট কৰে। জেকে ৬৫ ৰান খেলি আছিল। পৰৱৰ্তী পাঁচটা বলত শূন্য ৰাণৰ বাবে পাঁচজন বেটাৰক ঘূৰাই পঠায়। লাভ কৰে ডাবল হেট্ৰিক।

ইয়াৰ পূর্বে এটা অভাৰত পাঁচটা উইকেট দখল কৰাৰ ঘটনা তিনিবাৰ সংঘটিত হৈছে৷ ২০১১ চনত নিউজিলেণ্ডৰ নীল ৱেগনাৰ, ২০১৩ চনত বাংলাদেশৰ আল আমিন হোছেইন আৰু ২০১৯ চনত ভাৰতৰ অভিমন্যু মিথুনে এই কৃতিত্ব কৰিছিল। এইবাৰ অভাৰৰ ছয় বলত মৰ্গানে উইকেট দখল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক