--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত আফগানিস্তান ক্ৰিকেট দলৰ যাত্ৰা উল্লেখযোগ্য। তেওঁলোকে খেলপথাৰত সুন্দৰভাৱে আত্মপ্ৰকাশ কৰিছিল, নিজৰ দৃঢ়তা আৰু দক্ষতাৰে ক্ৰিকেট জগতখনক আচৰিত কৰি তুলিছিল। ইংলেণ্ড আৰু পাকিস্তানৰ দৰে ক্ৰিকেট শক্তিশালী দেশৰ বিৰুদ্ধে তেওঁলোকৰ জয়লাভে তেওঁলোকৰ অটল দৃঢ়তা আৰু ব্যতিক্ৰমী দলীয় কাম-কাজৰ পৰিচয় দিছিল। প্ৰতিখন মেচৰ লগে লগে হাছমাতুল্লাহ শ্বাহিদী নেতৃত্বাধীন দলটোৱে  ক্ৰিকেটৰ জগতখনত হিচাপত ল’বলগীয়া শক্তি হিচাপে তেওঁলোকৰ স্থান নিশ্চিত কৰি তুলিলে।

কেৱল ক্ৰিকেটতে নহয়, মানৱতাৰ দিশতো উজ্বলি উঠিছে আফগান অধিনায়ক ৰহমানুল্লাহ গুৰবাজ। দীপাৱলীৰ উৎসৱমুখৰ গভীৰ নিশা আহমেদাবাদৰ ৰাজপথত ঘৰ নথকা লোক আৰু আৰ্তজনৰ ওচৰলৈ হাত আগবঢ়াই থকা দেখা গ’ল আফগান ক্ৰিকেট চেনচেচনগৰাকীক। ২১ বছৰীয়া গুৰবাজে আৰ্তসকলক দেৱালী উদযাপনৰ বাবে আৰ্থিক সাহাৰ্য আগবঢ়ায়।

কোনো কেমেৰা লগত নোলোৱাকৈ গুৰবাজে ৰাতি তিনি বজাত এই পদক্ষেপ লয়। কিন্তু যিটো ফুটপাথত তেওঁ আৰ্তসকলৰ ওচৰলৈ যায়, তাৰ কাষৰ এটা ঘৰৰ পৰা এজন ব্যক্তিয়ে তেওঁৰ চিনাকি ক্ৰিকেটাৰগৰাকীক অজ্ঞাতে ভিডিঅ’ কৰি আছিল। ভাইৰেল হৈ পৰা ভিডিঅ’টোত দেখা গৈছে ফুটপাথত শুই থকা লোকসকলক তেওঁ জগোৱা নাই, কেৱল পাঁচশ টকীয়া নোটৰ বান্দিলহে কাষত থৈ গৈছে। ভাইৰেল ভিডিঅ’টোৱে অনেকৰে হৃদয় জয় কৰিছে।

উল্লেখ্য যে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত গুৰবাজৰ প্ৰদৰ্শন আফগান দলটোৰ যাত্ৰাৰ বাবে গুৰুত্বপূৰ্ণ আছিল। ৩১.১১ গড়ৰে ৯ ইনিংছত মুঠ ২৮০ ৰান সংগ্ৰহ কৰি সোঁহাতৰ বেটছমেনগৰাকীৰ ধাৰাবাহিক অৱদান তেওঁৰ দলৰ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। নিজৰ নামত দুটা আকৰ্ষণীয় অৰ্ধশতক অৰ্জন কৰি গুৰবাজে নিজৰ দক্ষতা প্ৰদৰ্শন কৰি দলটোক গুৰুত্বপূৰ্ণ সংঘৰ্ষত কঠিন, বিস্ফোৰক আৰম্ভণিৰ সুবিধা প্ৰদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক