--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছঠৰ পূৰ্বে যোৱা ১২ ঘন্টাত উত্তৰ প্ৰদেশত ইটাৱাত দ্বিতীয়টো ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে। নতুন দিল্লীৰ পৰা দৰভংগালৈ যোৱা হামছফৰ এক্সপ্ৰেছৰ পাছত আজি পুৱা ইটাৱাতো বৈশালী ছুপাৰফাষ্ট এক্সপ্ৰেছৰ বগীত অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ড পেণ্ট্ৰিকাৰৰ কাষৰ এছ-৬ বগীত এই কাণ্ড সংঘটিত হয়৷ এই দুৰ্ঘটনাত ১৯ জন যাত্ৰী আহত হোৱাৰ খবৰ পোৱা গৈছে।


তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা দিল্লীৰ পৰা ছাহৰছালৈ যোৱা বৈশালী ছুপাৰফাষ্ট এক্সপ্ৰেছ ৰে’লৰ এছ-৬ ব’গীত অগ্নিকাণ্ড সংঘটিত হয়, ১২ ঘণ্টাৰ ভিতৰতে আন এখন ৰে’লত অগ্নিকাণ্ডৰ খবৰে আতংকৰ সৃষ্টি কৰিছে। এই দুৰ্ঘটনাত ১৯ জন যাত্ৰী আহত হৈছে। ইয়াৰে ১১ জন যাত্ৰীক চাইফাই চিকিৎসা মহাবিদ্যালয়লৈ আৰু ৮ জন যাত্ৰীক ভীমৰাও আম্বেদকাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।


ইয়াৰ পূৰ্বে বুধবাৰে সন্ধিয়া নতুন দিল্লীৰ পৰা দৰভংগালৈ যোৱা দৰভংগা এক্সপ্ৰেছৰ তিনিটা বগীত জুই লাগিছিল, এই দুৰ্ঘটনাতো আঠজন যাত্ৰী আহত হৈছে, সকলোৰে অৱস্থা বিপদৰ পৰা মুক্ত। ডি এম অবনীশ ৰায়ৰ মতে, কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই। তিনিওটা জ্বলি যোৱা বগী ৰেলৰ পৰা আঁতৰাই ৰেলখন আগুৱাই পঠিয়াই দিয়া হৈছে। ৰেলৱেত কেনেদৰে অগ্নিকাণ্ড সংঘটিত হয় তদন্ত অব্যাহত ৰাখিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক