--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছঠৰ পূৰ্বে যোৱা ১২ ঘন্টাত উত্তৰ প্ৰদেশত ইটাৱাত দ্বিতীয়টো ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে। নতুন দিল্লীৰ পৰা দৰভংগালৈ যোৱা হামছফৰ এক্সপ্ৰেছৰ পাছত আজি পুৱা ইটাৱাতো বৈশালী ছুপাৰফাষ্ট এক্সপ্ৰেছৰ বগীত অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ড পেণ্ট্ৰিকাৰৰ কাষৰ এছ-৬ বগীত এই কাণ্ড সংঘটিত হয়৷ এই দুৰ্ঘটনাত ১৯ জন যাত্ৰী আহত হোৱাৰ খবৰ পোৱা গৈছে।


তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা দিল্লীৰ পৰা ছাহৰছালৈ যোৱা বৈশালী ছুপাৰফাষ্ট এক্সপ্ৰেছ ৰে’লৰ এছ-৬ ব’গীত অগ্নিকাণ্ড সংঘটিত হয়, ১২ ঘণ্টাৰ ভিতৰতে আন এখন ৰে’লত অগ্নিকাণ্ডৰ খবৰে আতংকৰ সৃষ্টি কৰিছে। এই দুৰ্ঘটনাত ১৯ জন যাত্ৰী আহত হৈছে। ইয়াৰে ১১ জন যাত্ৰীক চাইফাই চিকিৎসা মহাবিদ্যালয়লৈ আৰু ৮ জন যাত্ৰীক ভীমৰাও আম্বেদকাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।


ইয়াৰ পূৰ্বে বুধবাৰে সন্ধিয়া নতুন দিল্লীৰ পৰা দৰভংগালৈ যোৱা দৰভংগা এক্সপ্ৰেছৰ তিনিটা বগীত জুই লাগিছিল, এই দুৰ্ঘটনাতো আঠজন যাত্ৰী আহত হৈছে, সকলোৰে অৱস্থা বিপদৰ পৰা মুক্ত। ডি এম অবনীশ ৰায়ৰ মতে, কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই। তিনিওটা জ্বলি যোৱা বগী ৰেলৰ পৰা আঁতৰাই ৰেলখন আগুৱাই পঠিয়াই দিয়া হৈছে। ৰেলৱেত কেনেদৰে অগ্নিকাণ্ড সংঘটিত হয় তদন্ত অব্যাহত ৰাখিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক