--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ '২৪ৰ লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে কি শাসক কি বিৰোধী সকলো এতিয়া ব্যস্ত হৈ পৰিছে নিজৰ সমীকৰণক লৈ৷ মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰৰ পুত্ৰ দেৱেন্দ্ৰ প্ৰতাপ সিং টোমাৰৰ কোটি কোটি টকাৰ লেনদেনৰ অভিযোগৰ ভিডিঅ’ই ফাদিল কৰিছে নতুন তথ্য৷ কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীৰ পুত্ৰই ৫০০ কোটি টকাৰ চুক্তিৰ আলোচনাত মিলিত হোৱা এটা ভিডিঅ’ পোহৰলৈ অহাৰ  পিছতে সৃষ্টি হৈছে হুলস্থুল। নৰেন্দ্ৰ টোমাৰৰ পুত্ৰ দেৱেন্দ্ৰ প্ৰতাপ সিং টোমাৰৰ কোটি কোটি টকাৰ  লেনদেনৰ অভিযোগৰ দুটা ভিডিঅ’ত এতিয়া নতুন নতুন তথ্য পোহৰলৈ আহিছে। য’ত কোৱা হৈছে যে এয়া ৫০০ কোটি টকা নহয় ১০ হাজাৰ কোটি টকাৰ বিষয়। আৰু শেহতীয়াকৈ অভিযোগ উঠিছে যে দেৱেন্দ্ৰ সিং টোমাৰে কানাডাত গাঞ্জা খেতিৰ বাবে ১০০ একৰ মাটি ক্ৰয় কৰিছিল।

কংগ্ৰেছে অভিযোগ কৰিছে  যে মোডী চৰকাৰৰ প্ৰিয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰৰ পুত্ৰই ডাঙৰ ডাঙৰ লেনদেন কৰি আছে। প্ৰথমে '১০০ কোটি'ৰ চুক্তিৰ ভিডিঅ' ভাইৰেল হৈ পৰিল। এতিয়া '৫০০ কোটি'ৰ চুক্তিৰ ভিডিঅ' ভাইৰেল হৈছে।  মন্ত্ৰীৰ পুত্ৰই কোটি কোটি টকাৰ চুক্তি কৰি আছে আৰু ইডি, চিবিআই, আইটিয়ে সকলো জানিও নীৰৱ দৰ্শক হৈ আছে। 

ভিডিঅ’টোত এজন লোকৰ কথাৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে গুৰদ্বাৰা সমিতিৰ অধ্যক্ষ মঞ্জিন্দৰ সিং ছিৰছাৰ সহায়ত ধনৰ লেনদেন কৰা হৈছিল। তেওঁ ভিডিঅ’টোত অভিযোগ কৰিছে যে আগতে নগদ ধন লৈ মন্ত্ৰীৰ পুত্ৰক   দিছিল। তেওঁ আৰু কয় যে এয়া ৫০০ কোটি টকাৰ কথা নহয়। এয়া ১০ হাজাৰ কোটি টকাৰ কথা। ভিডিঅ’টোত ব্যক্তিজনে দেৱেন্দ্ৰ সিং টোমাৰৰ পত্নী হৰ্ষিনীৰ কথাও উল্লেখ কৰিছে। ইয়াত আৰু কোৱা হৈছে যে তেওঁ বেনামী কোম্পানীৰ নামত ১০০ একৰ মাটি ক্ৰয় কৰিছে। ভাইৰেল ভিডিঅ’টোত বিমানবন্দৰত ৰাখি থোৱা পাৰ্চেল এটাৰ কথা  উল্লেখ কৰি কোৱা হৈছে যে ইয়াত মেক-আপৰ সামগ্ৰী  আৰু গাঞ্জা আছিল।

নিৰ্বাচনী সভাত ৰাহুল গান্ধীয়েও এই বিষয়টো উত্থাপন কৰিছিল। তেওঁ কৈছে, 'প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ  মন্ত্ৰীৰ পুত্ৰই সকলোৰে সন্মুখতে চুৰি কৰিছে, ভিডিঅ' কলটোকলৈ  - মোদী জীয়ে ব্যৱস্থা লৈছিল নেকি? ইডি জাপি দিয়া হৈছে নেকি? চিবিআই  জাপি দিয়া হৈছে নেকি?  আই টি বিভাগ ক’ত? কোনো নাই, কাৰণ মধ্যপ্ৰদেশত দুৰ্নীতিৰ চৰকাৰ আৰু ৫০% ৰ কমিচন চলিছে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক