--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ '২৪ৰ লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে কি শাসক কি বিৰোধী সকলো এতিয়া ব্যস্ত হৈ পৰিছে নিজৰ সমীকৰণক লৈ৷ মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰৰ পুত্ৰ দেৱেন্দ্ৰ প্ৰতাপ সিং টোমাৰৰ কোটি কোটি টকাৰ লেনদেনৰ অভিযোগৰ ভিডিঅ’ই ফাদিল কৰিছে নতুন তথ্য৷ কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীৰ পুত্ৰই ৫০০ কোটি টকাৰ চুক্তিৰ আলোচনাত মিলিত হোৱা এটা ভিডিঅ’ পোহৰলৈ অহাৰ  পিছতে সৃষ্টি হৈছে হুলস্থুল। নৰেন্দ্ৰ টোমাৰৰ পুত্ৰ দেৱেন্দ্ৰ প্ৰতাপ সিং টোমাৰৰ কোটি কোটি টকাৰ  লেনদেনৰ অভিযোগৰ দুটা ভিডিঅ’ত এতিয়া নতুন নতুন তথ্য পোহৰলৈ আহিছে। য’ত কোৱা হৈছে যে এয়া ৫০০ কোটি টকা নহয় ১০ হাজাৰ কোটি টকাৰ বিষয়। আৰু শেহতীয়াকৈ অভিযোগ উঠিছে যে দেৱেন্দ্ৰ সিং টোমাৰে কানাডাত গাঞ্জা খেতিৰ বাবে ১০০ একৰ মাটি ক্ৰয় কৰিছিল।

কংগ্ৰেছে অভিযোগ কৰিছে  যে মোডী চৰকাৰৰ প্ৰিয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰৰ পুত্ৰই ডাঙৰ ডাঙৰ লেনদেন কৰি আছে। প্ৰথমে '১০০ কোটি'ৰ চুক্তিৰ ভিডিঅ' ভাইৰেল হৈ পৰিল। এতিয়া '৫০০ কোটি'ৰ চুক্তিৰ ভিডিঅ' ভাইৰেল হৈছে।  মন্ত্ৰীৰ পুত্ৰই কোটি কোটি টকাৰ চুক্তি কৰি আছে আৰু ইডি, চিবিআই, আইটিয়ে সকলো জানিও নীৰৱ দৰ্শক হৈ আছে। 

ভিডিঅ’টোত এজন লোকৰ কথাৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে গুৰদ্বাৰা সমিতিৰ অধ্যক্ষ মঞ্জিন্দৰ সিং ছিৰছাৰ সহায়ত ধনৰ লেনদেন কৰা হৈছিল। তেওঁ ভিডিঅ’টোত অভিযোগ কৰিছে যে আগতে নগদ ধন লৈ মন্ত্ৰীৰ পুত্ৰক   দিছিল। তেওঁ আৰু কয় যে এয়া ৫০০ কোটি টকাৰ কথা নহয়। এয়া ১০ হাজাৰ কোটি টকাৰ কথা। ভিডিঅ’টোত ব্যক্তিজনে দেৱেন্দ্ৰ সিং টোমাৰৰ পত্নী হৰ্ষিনীৰ কথাও উল্লেখ কৰিছে। ইয়াত আৰু কোৱা হৈছে যে তেওঁ বেনামী কোম্পানীৰ নামত ১০০ একৰ মাটি ক্ৰয় কৰিছে। ভাইৰেল ভিডিঅ’টোত বিমানবন্দৰত ৰাখি থোৱা পাৰ্চেল এটাৰ কথা  উল্লেখ কৰি কোৱা হৈছে যে ইয়াত মেক-আপৰ সামগ্ৰী  আৰু গাঞ্জা আছিল।

নিৰ্বাচনী সভাত ৰাহুল গান্ধীয়েও এই বিষয়টো উত্থাপন কৰিছিল। তেওঁ কৈছে, 'প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ  মন্ত্ৰীৰ পুত্ৰই সকলোৰে সন্মুখতে চুৰি কৰিছে, ভিডিঅ' কলটোকলৈ  - মোদী জীয়ে ব্যৱস্থা লৈছিল নেকি? ইডি জাপি দিয়া হৈছে নেকি? চিবিআই  জাপি দিয়া হৈছে নেকি?  আই টি বিভাগ ক’ত? কোনো নাই, কাৰণ মধ্যপ্ৰদেশত দুৰ্নীতিৰ চৰকাৰ আৰু ৫০% ৰ কমিচন চলিছে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক