--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীপাৱলী শেষ হোৱাৰ পাছত আৰু ছঠৰ আগেয়ে ৰেল ষ্টেচনত বিপুল জনসমাগম দেখা যায়। এনে পৰিস্থিতিত উত্তৰ ৰেলৱে-এ এতিয়া এক ডাঙৰ সিদ্ধান্ত লৈছে। নতুন দিল্লী ৰেলৱে ষ্টেচন আৰু আনন্দ বিহাৰ টাৰ্মিনেলত প্লেটফৰ্ম টিকট বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে ৰেলৱেই। ৰেলৱে ষ্টেচনত জনসমাগম নিয়ন্ত্ৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ৰেলৱেই।


উত্তৰ ৰেলৱেই দিয়া তথ্য অনুসৰি ২০২৩ চনৰ ১৮ নৱেম্বৰ অৰ্থাৎ শনিবাৰলৈকে নতুন দিল্লী আৰু আনন্দ বিহাৰ টাৰ্মিনেলত প্লেটফৰ্মৰ টিকট বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হ’ব। অৱশ্যে উত্তৰ ৰে’লৱেও কিছু ক্ষেত্ৰত শিথিলতা প্ৰদান কৰিছে। উত্তৰ ৰে’লৱেৰ তথ্য অনুসৰি বৃদ্ধ, অসুস্থ বা মহিলা যাত্ৰীক এৰিবলৈ ৰে’ল ষ্টেচনলৈ অহাসকলক ৰে’ল ষ্টেচনলৈ যাবলৈ দিয়া হ’ব। উল্লেখযোগ্য যে দীপাৱলী উৎসৱ আৰু ছঠ উৎসৱৰ অন্ত পৰাৰ বাবে এই সময়ত ৰে’লত বিপুল জনসমাগম দেখা গৈছে। এনে পৰিস্থিতিত প্লেটফৰ্মত যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ ৰেলৱেই এই পদক্ষেপ গ্ৰহণ কৰি যাত্ৰীসকলৰ লগত থকা আত্মীয়ক ৰেলৱে প্লেটফৰ্মলৈ যোৱাত বাধা প্ৰদান কৰিছে।


দেশত চলি আছে উৎসৱৰ বতৰ। দীপাৱলী, ভাই দূজ আৰু ছঠৰ সময়ত ইউ পি-বিহাৰৰ ৰে’লসমূহত বিপুল জনসমাগম দেখা যায়।লক্ষণীয় যে ৰে’ল ষ্টেচনত ভিৰৰ বাবে ছুৰাটত এক দুৰ্ঘটনা সংঘটিত হয়। ইয়াৰ বাবেই এজন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে একাংশ যাত্ৰী অচেতন হৈ পৰে। ইয়াৰ উপৰিও ছপৰা ষ্টেচনতো হুলস্থুলৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।


ৰে’লৱেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে উৎসৱৰ বতৰত কেৱল ভ্ৰমণকাৰী লোককহে ৰে’ল ষ্টেচনত প্ৰৱেশৰ অনুমতি দিয়া হৈছে। উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি ৰে’লৱেই ৩০০খন বিশেষ ৰে’ল চলোৱাৰ সিদ্ধান্ত লৈছিল যদিও এই ৰে’লসমূহো অপৰ্যাপ্ত বুলি প্ৰমাণিত হৈছে। বহু যাত্ৰীয়ে অভিযোগ কৰিছে যে টিকট নিশ্চিত কৰাৰ পাছতো তেওঁলোকে নিজৰ আসনত উপনীত হ’ব পৰা নাছিল। ইয়াৰ ভিতৰত এচি টিয়াৰ ৩ আৰু ২ৰ যাত্ৰীও অন্তৰ্ভুক্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক