--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীপাৱলী শেষ হোৱাৰ পাছত আৰু ছঠৰ আগেয়ে ৰেল ষ্টেচনত বিপুল জনসমাগম দেখা যায়। এনে পৰিস্থিতিত উত্তৰ ৰেলৱে-এ এতিয়া এক ডাঙৰ সিদ্ধান্ত লৈছে। নতুন দিল্লী ৰেলৱে ষ্টেচন আৰু আনন্দ বিহাৰ টাৰ্মিনেলত প্লেটফৰ্ম টিকট বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে ৰেলৱেই। ৰেলৱে ষ্টেচনত জনসমাগম নিয়ন্ত্ৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ৰেলৱেই।


উত্তৰ ৰেলৱেই দিয়া তথ্য অনুসৰি ২০২৩ চনৰ ১৮ নৱেম্বৰ অৰ্থাৎ শনিবাৰলৈকে নতুন দিল্লী আৰু আনন্দ বিহাৰ টাৰ্মিনেলত প্লেটফৰ্মৰ টিকট বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হ’ব। অৱশ্যে উত্তৰ ৰে’লৱেও কিছু ক্ষেত্ৰত শিথিলতা প্ৰদান কৰিছে। উত্তৰ ৰে’লৱেৰ তথ্য অনুসৰি বৃদ্ধ, অসুস্থ বা মহিলা যাত্ৰীক এৰিবলৈ ৰে’ল ষ্টেচনলৈ অহাসকলক ৰে’ল ষ্টেচনলৈ যাবলৈ দিয়া হ’ব। উল্লেখযোগ্য যে দীপাৱলী উৎসৱ আৰু ছঠ উৎসৱৰ অন্ত পৰাৰ বাবে এই সময়ত ৰে’লত বিপুল জনসমাগম দেখা গৈছে। এনে পৰিস্থিতিত প্লেটফৰ্মত যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ ৰেলৱেই এই পদক্ষেপ গ্ৰহণ কৰি যাত্ৰীসকলৰ লগত থকা আত্মীয়ক ৰেলৱে প্লেটফৰ্মলৈ যোৱাত বাধা প্ৰদান কৰিছে।


দেশত চলি আছে উৎসৱৰ বতৰ। দীপাৱলী, ভাই দূজ আৰু ছঠৰ সময়ত ইউ পি-বিহাৰৰ ৰে’লসমূহত বিপুল জনসমাগম দেখা যায়।লক্ষণীয় যে ৰে’ল ষ্টেচনত ভিৰৰ বাবে ছুৰাটত এক দুৰ্ঘটনা সংঘটিত হয়। ইয়াৰ বাবেই এজন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে একাংশ যাত্ৰী অচেতন হৈ পৰে। ইয়াৰ উপৰিও ছপৰা ষ্টেচনতো হুলস্থুলৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।


ৰে’লৱেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে উৎসৱৰ বতৰত কেৱল ভ্ৰমণকাৰী লোককহে ৰে’ল ষ্টেচনত প্ৰৱেশৰ অনুমতি দিয়া হৈছে। উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি ৰে’লৱেই ৩০০খন বিশেষ ৰে’ল চলোৱাৰ সিদ্ধান্ত লৈছিল যদিও এই ৰে’লসমূহো অপৰ্যাপ্ত বুলি প্ৰমাণিত হৈছে। বহু যাত্ৰীয়ে অভিযোগ কৰিছে যে টিকট নিশ্চিত কৰাৰ পাছতো তেওঁলোকে নিজৰ আসনত উপনীত হ’ব পৰা নাছিল। ইয়াৰ ভিতৰত এচি টিয়াৰ ৩ আৰু ২ৰ যাত্ৰীও অন্তৰ্ভুক্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক